ETV Bharat / state

মহানগৰীৰ মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ PHED ৰ অভিযন্তাৰ মৃতদেহ

author img

By

Published : May 13, 2022, 2:24 PM IST

মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ কোঠাত উদ্ধাৰ অভিযন্তা মৃণাল কলিতাৰ মৃতদেহ (Dead body recovered in Guwahati)৷ পৰিয়ালৰ অভিযোগ, অফিচৰ অত্যাধিক কামৰ হেঁচাৰ বাবেই চুৰিৰে নিজে ডিঙি ৰেপি আত্মহত্যা কৰে অভিযন্তাগৰাকীয়ে ৷

PHED ৰ অভিযন্তা মৃনাল কলিতাৰ মৃতদেহ
PHED ৰ অভিযন্তা মৃনাল কলিতাৰ মৃতদেহ

গুৱাহাটী, 13 মে’ : পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ গুৱাহাটীৰ হাতীগড় চাৰিআলিস্থিত মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ এগৰাকী অভিযন্তাৰ মৃতদেহ (Dead body recovered in Guwahati) ৷ অভিযন্তাগৰাকীৰ নাম মৃণাল কলিতাৰ ৷ শুকুৰবাৰৰ পুৱা নিজৰ কোঠাৰ ভিতৰতে উদ্ধাৰ হয় অভিযন্তা মৃণাল কলিতাৰ মৃতদেহটো ৷

তথ্য অনুসৰি, জনস্বাস্থ্য বিভাগৰ অভিযন্তা(PHED) আছিল মৃণাল কলিতা ৷ পৰিয়ালৰ অভিযোগ, চুৰিৰে নিজে ডিঙি ৰেপি আত্মহত্যা কৰে অভিযন্তা মৃণাল কলিতাই ৷ কাৰ্যালয়ত অত্যাধিক কামৰ হেঁচাৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে গীতানগৰ আৰক্ষীৰ এটা দল ৷

আৰক্ষীৰ দলটোৱে সকলো দিশ তন্ন-তন্নকৈ কৰিছে নিৰীক্ষণ কৰিছে ৷ অৱশ্যে এই ঘটনা প্ৰকৃততে আত্মহত্যা নে হত্যা সেই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব সকলো তথ্য ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি ৷

লগতে পঢ়ক : কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছমহীয়া শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.