ETV Bharat / state

Body of labourer recovered: মিজোৰাম ৰেল দলং দুৰ্ঘটনাত নিহত শ্ৰমিকৰ মৃতদেহ দুদিনৰ পাচত উদ্ধাৰ - এন ডি আৰ এফৰ দল

মিজোৰামত ৰেল দলঙৰ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ মৃতদেহ দুদিনৰ পাছত উদ্ধাৰ কৰিলে এন ডি আৰ এফৰ দলে ৷

Body of labourer recovered two days later
ৰেল দলঙৰ দুৰ্ঘটনাত নিহত শ্ৰমিক
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:34 PM IST

গুৱাহাটী, ২৫ আগষ্ট : দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা মিজোৰামৰ আইজলক পোনপটীয়াকৈ ৰেলেৰে সংযোগ কৰা আঁচনিৰ অংশ হিচাপে নিৰ্মাণ কাৰ্য চলি থকা ৰেলপথৰ এখন দলঙৰ এটা অংশ ২৩ আগষ্টত হঠাতে ভাঙি পৰিছিল । দুৰ্ঘটনাত দলঙৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত ২৬ জন শ্ৰমিকৰ ২২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হৈছিল । তাৰ বিপৰীতে এজন শ্ৰমিক সেইদিনাৰ পৰা সন্ধানহীন হৈ আছিল । অৱশেষত আজি দুদিনৰ অন্তত বিয়লি সন্ধানহীন শ্ৰমিকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে উদ্ধাৰ কাৰ্যত নিয়োজিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ এটা দলে ।

Body of labourer recovered two days later
ৰেল দলঙৰ দুৰ্ঘটনাত নিহত শ্ৰমিক

গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফৰ সূত্ৰই সদৰী কৰা অনুসৰি ২৩ আগষ্টত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচত আইজলত পঞ্চম ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান চৌহদত বাহৰ পাতি থকা প্ৰথম এন ডি আৰ এফৰ পৰিদৰ্শক অজয় কুমাৰ যাদৱৰ নেতৃত্বত এটা দলে নিৰ্মাণৰত ৰেল দলঙৰ দুৰ্ঘটনাত প্ৰায় ১০০ মিটাৰ তললৈ সৰি পৰা শ্ৰমিক সকলক জীৱন্ত বা মৃত অৱস্থাত উদ্ধাৰৰ বাবে অভিযান চলাইছিল । সেইদিনাই ২২ জনক মৃত অৱস্থাত আৰু ৩ জনক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে এজন শ্ৰমিক সন্ধানহীন হৈ আছিল । অৱশেষত দুৰ্ঘটনাৰ তৃতীয় দিনা শুকুৰবাৰে বিয়লি প্ৰায় ডেৰ বজাত ৪৮ ঘণ্টাৰ অন্তত পাহাৰৰ তলৰ অতি দুৰ্গম স্থানৰ পৰা এন ডি আৰ এফৰ দলটোৱে নিৰুদ্দিষ্ট শ্ৰমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ কৰাৰ পাচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে মৃতদেহটো তাৰ স্থানীয় আৰক্ষীক চমজাই দিয়া হয় ।

উল্লেখ্য যে, আজাৰা পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফ বেটেলিয়ানক অসমৰ উপৰিও মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োগ কৰাৰ বাবে ভাৰত চৰকাৰে ২০০৬-০৭ চনতে দায়িত্ব অৰ্পণ কৰিছে ।

লগতে পঢ়ক : Plastic water bottle: 2 অক্টোবৰৰ পৰা ৰাজ্যত নিষিদ্ধ হ’ব 1 লিটাৰৰ তলৰ পানীৰ বটল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.