ETV Bharat / state

Dead body recovered : নুনমাটিৰ নলাত উদ্ধাৰ শ্ৰমিকৰ মৃতদেহ - গুৱাহাটীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটীৰ নুনমাটিত নলাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্য (Body recovered in Noonmati)। মৃত লোকজন আনন্দ নগৰৰ শ্ৰমিক ৰাজু থাপা বুলি জানিব পৰা গৈছে । একাংশৰ মতে এয়া দুৰ্ঘটনা । মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো GMCH লৈ প্ৰেৰণ ।

Dead body recovered
নুনমাটিৰ নলাত উদ্ধাৰ শ্ৰমিকৰ মৃতদেহ
author img

By

Published : Jul 16, 2022, 4:35 PM IST

গুৱাহাটী,১৬ জুলাই : গুৱাহাটীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা । চুনচালিৰ চেক্টৰ-১ৰ নলাত উদ্ধাৰ এটা মৃতদেহ (Body recovered in drain at Noonmati)। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা অঞ্চলটোত ।

নুনমাটিৰ নলাত উদ্ধাৰ শ্ৰমিকৰ মৃতদেহ

উল্লেখ্য যে শনিবাৰে পুৱাই একাংশ লোকে চুনচালিৰ চেক্টৰ-১ৰ প্ৰকাণ্ড নলাত মৃতদেহটো প্ৰত্যক্ষ কৰে । লগে লগে নুনমাটি আৰক্ষীক খবৰ দিয়া হয় । নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

মৃত লোকজন নুনমাটিৰ আনন্দ নগৰৰ পৰাগ দাস পথৰ বাসিন্দা ৰাজু থাপা বুলি চিনাক্ত কৰা হৈছে । লোকজনে নিশা অত্যাধিক সুৰাপান কৰি নলাৰ দাঁতিত বহি থকা অৱস্থাতে দুৰ্ঘটনাবশঃ নলাত পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে । ইয়াৰ বিপৰীতে দুৰ্বৃত্তই লোকজনক হত্যা কৰি এনেদৰে নলাত পেলাই থোৱাৰো সম্ভৱনা ব্যক্ত কৰিছে আন একাংশ লোকে ।

মৃত ৰাজু থাপা এজন শ্ৰমিক বুলি জানিব পৰা গৈছে । খবৰ পোৱাৰ পাছতে ৰাজু থাপাৰ পৰিয়ালৰ লোকসকলো ঘটনাস্থলীত উপস্থিত হৈছে ।

লগতে পঢ়ক :Vineet Bagaria suicide case: বৈদুল্লা খানৰ ভগ্নী চায়েৰাক আটক ডিব্ৰুগড় আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.