ETV Bharat / state

Constituency delimitation: এই খচৰাই অসমৰ ভূমি পুত্ৰক সুৰক্ষিত কৰিব; পবিত্ৰ মাৰ্ঘেৰিটা

author img

By

Published : Jun 21, 2023, 8:43 PM IST

Updated : Jun 21, 2023, 9:10 PM IST

সদ্য় প্ৰকাশিত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যসভাৰ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ এই খচৰাৰ বিৰোধিতা কৰাসকলক ৰাইজে জাতিৰ শত্ৰু হিচাপে মনত ৰাখিব বুলি কয় সাংসদগৰাকীয়ে ৷

constituency delimitation
Assam constituency delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া

গুৱাহাটী, 21 জুন: মঙলবাৰে প্ৰকাশ পাইছে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা খচৰা । নিৰ্বাচন আয়োগৰ এই খচৰাক আদৰণি ভাৰতীয় জনতা পাৰ্টীয়ে । মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই এক সংবাদমেল যোগে নিৰ্বাচন আয়োগৰ এই খচৰাক আদৰণি জনায় ৷

সংবাদমেলত সাংসদ গৰাকীয়ে কয়, ‘‘নিৰ্বাচন আয়োগৰ এই খচৰাক আমি ভাৰতীয় জনতা পাৰ্টীয়ে আদৰণি জনাইছোঁ । ইতিমধ্যে গাঁওসমূহৰ পৰ্যবেক্ষণ কৰি থকা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণত সাধাৰণ ৰাইজৰ উচাহ উদ্দীপনা দেখা গৈছে । ইয়াৰ ফলত ভূমিপুত্ৰসকলৰ আসন বৃদ্ধি হৈছে । ইয়াৰ জৰিয়তে অসমৰ খিলঞ্জীয়া সুৰক্ষিত বুলিব পাৰি । অসমৰ সামগ্ৰিক স্বাৰ্থত গুৰুত্ব আৰোপ কৰিছে ।’’

তেওঁ লগতে কয়, ‘‘এই খচৰা গ্ৰহণ কৰিলে অসমৰ ৰক্ষাকবচ হ'ব ৷ এই খচৰাৰ জৰিয়তে উজনি অসমত আসনৰ সংখ্যা বৃদ্ধি পাইছে‌ । 16 পৰা 19 খনলৈ অনুসূচিত জনজাতিৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে । 8 পৰা 9 খনলৈ সংৰক্ষণ বৃদ্ধি পাইছে অনুসূচিত জাতিৰ বাবে । এই খচৰাই অসমৰ ভূমি পুত্ৰক সুৰক্ষিত কৰিব । লগতে বহুকেইটা নতুন সমষ্টিত এতিয়া মৰাণ, মটক, আহোম আদি জনগোষ্ঠীয়ে বিনা সংৰক্ষণত প্ৰতিদন্দিতা কৰিব পাৰিব ।’’

‘‘আমিও এতিয়া পৰ্যবেক্ষণ কৰিম, কৰ’বাত কিবা থাকিলে আমি দলীয়ভাৱে আলোচনা কৰি নিৰ্বাচন আয়োগক জনাম । আমগুৰি সমষ্টিটো জনসংখ্যাৰ হিচাপত দুটা ভাগত বিভক্ত কৰা হৈছে । বিধায়কৰ কিবা ক’ব লগা থাকিলে আমি কথা পাতিম । কংগ্ৰেছৰ ক্ষুদ্ৰ স্বাৰ্থত ব্যাঘাত জন্মিব পাৰে ।’’ সাংসদগৰাকীয়ে কয় ৷

লগতে পঢ়ক: Bhupen Barah: এইখন খচৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কান্দিব লাগিব বিজেপি আৰ এছ এছে

ইফালে এই খচৰা সন্দৰ্ভত বিৰোধীয়ে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভতো মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ তেওঁ কয় যে, ভূপেন বৰাই কোৱাৰ দৰে বিজেপিৰ হেচাঁত খচৰা প্ৰকাশ হোৱা নাই । ভূপেন বৰাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ এনে মন্তব্য কৰিছে । বদৰুদ্দিন আজমলৰ দুখৰ সমভাগী কংগ্ৰেছ হৈছে নে নাই সেইটোহে গুৰুত্বপূৰ্ণ তেওঁলোকৰ বাবে । জনসংখ্যাৰ অনুপাতেহে সমষ্টি নিৰ্ধাৰণ হয় ।

ভূপেন বৰা, অখিল গগৈ আদিয়ে যিমানেই বিৰোধিতা কৰিলেও এই খচৰাক আদৰি ল'ব । তেওঁলোকৰ মনতো সামান্য হ'লেও খিলঞ্জীয়াৰ প্ৰতি আবেগ নিশ্চয় আছে বুলি তেওঁ উল্লেখ কৰে ।

Last Updated : Jun 21, 2023, 9:10 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.