ETV Bharat / state

বার্ণল নহয়, এতিয়া ফেনাইল, ব্লিছিং পাউদাৰ বিতৰণৰ সময়: বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চা - BJP state yuva marcha slams Ankita Dutta

বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বত্ৰে পৰাজয়ৰ অহস্যকৰ ৰাজনৈতিক যন্ত্ৰণাত কংগ্ৰেছী নেতাসকল ছটফটাই আছে ৷ সেয়েহে ৰাজীৱ ভৱনত বিনামূলীয়া বিতৰণ কেন্দ্ৰ খুলি বাৰ্ণল বিলাওক ৷ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক কটাক্ষ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ (BJP state yuva marcha slams Ankita Dutta) ৷

BJP state yuva marcha slams Ankita Dutta
কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক কটাক্ষ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ
author img

By

Published : Jul 7, 2022, 10:45 PM IST

গুৱাহাটী, ৭ জুলাই: ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022)৷ ইয়াৰ মাজতে ৰাজনৈতিক দলসমূহৰ মাজত বান সাহাৰ্য বিতৰণৰ সন্দৰ্ভত আক্ৰমণ প্ৰত্যাক্ৰমণৰ খেলে ৰাজ্যবাসীৰ হাঁহিৰ খোৰাক যোগাইছে ৷ এইবাৰ বৃহস্পতিবাৰে সংবাদমেল যোগে কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক কটাক্ষ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ ৷ কংগ্ৰেছ নেত্ৰীগৰাকীক বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হ'বলৈ আহ্বান যুৱ মৰ্চাৰ (BJP state yuva marcha slams Ankita Dutta) ৷ ৰাজীৱ ভৱনত বিনামূলীয়া বিতৰণ কেন্দ্ৰ খুলি বাৰ্ণল বিলাবলৈ অংকিতা দত্তক আহ্বান কৰে ৷

যুৱ মৰ্চাৰ নেতৃবৰ্গই অংকিতা দত্তক সমালোচনা কৰি কয় যে বর্তমান সময়ত কংগ্ৰেছৰ নেতা সকলৰ কাৰণে বাৰ্ণল ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ ৰকিবুল হুছেইন, গৌৰৱ গগৈ, দেবব্ৰত শ‍ইকীয়া, ভূপেন বৰা আদি নেতাকহে বাৰ্ণলৰ প্ৰয়োজন বুলি উল্লেখ কৰি যুৱ মৰ্চাৰ নেতৃবৰ্গই কয় যে বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বত্ৰে পৰাজয়ৰ অহস্যকৰ ৰাজনৈতিক যন্ত্ৰণাত কংগ্ৰেছী নেতাসকল ছটফটাই আছে ৷ সেয়েহে ৰাজীৱ ভৱনত বিনামূলীয়া বিতৰণ কেন্দ্ৰ খুলি বাৰ্ণল বিলাবলৈ অংকিতা দত্তক আহ্বান জনায় যুৱ মৰ্চাৰ নেতৃত্বই ৷

লগতে যুৱ মৰ্চাৰ নেতৃবৃন্দই কয় যে কেতিয়াও জীৱনত বোকাপানী গছকি নোপোৱা কেৱল টেলিভিছনৰ পৰ্দাত বানপানীৰ দৃশ্য চাই সংবাদমেল পাতি অর্থহীন আৰু অযুক্তিকৰ মন্তব্য প্ৰদান কৰাটো অতিকৈ হাস্যকৰ ৷ যি সময়ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই অসমৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে, সেই সময়ত যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা অংকিতা দত্তই বানাক্ৰান্ত ৰাইজৰ ফালে পিঠি দি নিজৰ সস্তীয়া প্ৰচাৰ কাৰ্যত লিপ্ত হৈছে ৷ এতিয়া বার্ণল নহয়, ফেনাইল, ব্লিছিং পাউদাৰ বিতৰণৰ সময় ৷

ৰাজ্যত বানপানীৰ প্ৰকোপ হ্ৰাস হোৱাৰ সমান্তৰালকে বানাক্ৰান্ত অঞ্চলত বিভিন্ন ধৰণৰ ৰোগ আদিৰ বিয়পি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ সেয়েহে ইয়াৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি বানাক্ৰান্ত অঞ্চলসমূহত ব্যাপক হাৰত স্বচ্ছতা অভিযান আৰম্ভ কৰিছে যুৱ মৰ্চাৰ কৰ্মকৰ্তাই ৷ আনহাতে এই অভিযান সুচাৰুৰূপে চলাবৰ বাবে যুৱ মৰ্চাই “বি জে ৱাই এম সেৱা বাহিনী” গঠন কৰি হাতে কামে নামি পৰা বুলি সদৰি কৰে ৷

উল্লেখ্য যে বুধবাৰে সংবাদমেল যোগে অংকিতা দত্তই বিজেপিৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সমালোচনা কৰি যুৱ কংগ্ৰেছে বান সাহাৰ্য প্ৰদান কৰাৰ কাৰণে তেওঁৰ জ্বলন হোৱা বুলি কৈ 'বাৰ্ণল' প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক : মন্ত্রী জয়ন্তমল্ল বৰুৱালৈ কিয় 'বাৰ্নল' প্ৰেৰণ কৰিলে যুৱ কংগ্ৰেছে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.