ETV Bharat / state

ত্রিপাক্ষিক কার্বি চুক্তিয়ে সমাজত গভীৰ আস্থাৰ পৰিৱেশ গঢ়ি তুলিব : ভৱেশ কলিতা - অসম চৰকাৰ

কার্বি চুক্তিয়ে হত্যা-হিংসাৰ ওৰ পেলােৱাৰ উপৰিও মানুহৰ মাজত গভীৰ আস্থাৰ পৰিৱেশ তৈয়াৰ কৰাত বিশেষ অৰিহণা আগবঢ়াব । হত্যা-হিংসাই সৃষ্টি কৰা আস্থাহীনতাৰ বিপৰীতে ত্রিপাক্ষিক চুক্তিয়ে সমগ্র কার্বি পাহাৰৰ লগতে অসমৰ সমাজ জীৱনত গভীৰ আস্থাৰ পৰিৱেশ গঢ়ি তুলিব বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

bjp state president bhabesh kalita's reaction on karbi accord
ত্রিপাক্ষিক কার্বি চুক্তি
author img

By

Published : Sep 5, 2021, 8:54 PM IST

গুৱাহাটী,৫ ছেপ্তেম্বৰ : কার্বি পাহাৰত দশকজুৰি চলি থকা ধাৰাবাহিক সন্ত্রাস, অস্থিৰতা, ৰাজনৈতিক-অর্থনৈতিক-সামাজিক সংকটৰ অন্ত পেলাই কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ আৰু বিদ্রোহী সংগঠন সমূহৰ মাজত এক ত্রিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে । চাৰি ছেপ্তেম্বৰৰ দিনা নতুন দিল্লীত স্বাক্ষৰিত হােৱা এই চুক্তিয়ে অসমৰ ভৌগলিক সংহতি নিশ্চিত কৰাৰ লগতে কার্বি পাহাৰৰ সর্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ।

এক বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই শান্তি চুক্তিক আদৰণি জনােৱাৰ লগতে অসমৰ সমসাময়িক সামাজিক ইতিহাসৰ এক যুগান্তকাৰী ঘটনা বুলি অবিহিত কৰে। কলিতাই লগতে কয় ‘‘কার্বি চুক্তিয়ে হত্যা-হিংসাৰ ওৰ পেলােৱাৰ উপৰিও মানুহৰ মাজত গভীৰ আস্থাৰ পৰিৱেশ তৈয়াৰ কৰাত বিশেষ অৰিহণা আগবঢ়াব । হত্যা-হিংসাই সৃষ্টি কৰা আস্থাহীনতাৰ বিপৰীতে ত্রিপাক্ষিক চুক্তিয়ে সমগ্র কার্বি পাহাৰৰ লগতে অসমৰ সমাজ জীৱনত গভীৰ আস্থাৰ পৰিৱেশ গঢ়ি তুলিব’’ ৷

চাৰি ছেপ্তেম্বৰৰ দিনা নতুন দিল্লীত স্বাক্ষৰিত হােৱা ত্রিপাক্ষিক চুক্তিৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁ হত্যা-হিংসাৰ পথ এৰি মুল সূঁতিলৈ ঘূৰি অহা বিদ্রোহী সংগঠনৰ নেতৃবর্গকো উষ্ম আদৰণি জনায় ।

দিল্লীত স্বাক্ষৰিত হােৱা ঐতিহাসিক কার্বি চুক্তিয়ে সমগ্র কাৰ্বি আংলং পাহাৰৰ প্ৰশাসিক আৰু ৰাজনৈতিক আন্তঃগাঁঠনি নতুনকৈ গঢ়ি তােলাত সহায়ক হ'ব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে মত পােষণ কৰে । সভাপতি ভৱেশ কলিতাৰ মতে ত্রিপাক্ষিক কার্বি চুক্তিয়ে পাহাৰ ভৈয়ামৰ মানুহৰ মাজত থকা মনৰ ব্যৱধান নােহােৱা কৰি এক শক্তিশালী অসমীয়া সমাজ গঢ়াত অৰিহণা আগবঢ়াব । চুক্তিখনৰ জৰিয়তে কার্বি পাহাৰে লাভ কৰা অর্থনৈতিক পেকেজ সমূহে সমগ্র অঞ্চলটোৰ আর্থিক বিকাশত অৰিহণা আগবঢ়াব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দৃঢ়তাৰে মত পােষণ কৰে ।

লগতে পঢ়ক : Karbi peace accord ৰ প্ৰতিলিপি কিয় দাহ কৰা হ’ল ডিফুত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.