ETV Bharat / state

সাংসদ অজিৎ কুমাৰ ভূঞা আধুনিক যুগৰ ‘মীৰ জাফৰ' : ৰ‍াজ্যিক বিজেপি - Pabitra Margherita criticizes opposition parties

‘‘কেৱল আসন আৰু শাসনৰ বাবে জাতীয়তাবাদী সত্বাক বিশ্বাসঘাতকতা কৰা অজিৎ ভূঞা প্ৰকৃততে এজন আধুনিক যুগৰ ‘মীৰজাফৰ’। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে নিজকে ভাৰতীয় ইতিহাসৰ অন্যতম বিশ্বাসঘাতক চৰিত্ৰ ‘জয়চান্দ’ৰূপে প্ৰতিষ্ঠা কৰিলে ।’’ সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ মন্তব্য (Pabitra Margherita criticizes opposition parties)৷

Pabitra Margherita criticizes opposition parties
সাংসদ অজিৎ কুমাৰ ভূঞা আধুনিক যুগৰ ‘মীৰ জাফৰ' : ৰ‍াজ্যিক বিজেপি
author img

By

Published : Mar 5, 2022, 10:18 PM IST

গুৱাহাটী, ৫ মার্চ: আই এম ডি টি আইন বাতিলকৰণৰ বিৰোধীতাৰে জন্ম লোৱা এ আই ইউ ডি এফ দল তথা বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈ সাংসদ হোৱা অজিৎ কুমাৰ ভূঞা(MP Ajit Kumar Bhuyan)ৰ অসমৰ ভাষা-সংস্কৃতি-ইতিহাস তথা জাতীয়তাবাদৰ বিষয়ে এটা কথা কোৱাৰ কোনো অধিকাৰ নাই । এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ । শনিবাৰে গুৱাহাটীস্থ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, কেৱল আসন আৰু শাসনৰ বাবে জাতীয়তাবাদী সত্বাক বিশ্বাসঘাতকতা কৰা অজিৎ ভূঞা প্ৰকৃততে এজন আধুনিক যুগৰ ‘মীৰজাফৰ’ (Pabitra Margherita criticizing MP Ajit Bhuyan)।

সাংসদ অজিৎ কুমাৰ ভূঞা আধুনিক যুগৰ ‘মীৰ জাফৰ' : ৰ‍াজ্যিক বিজেপি

ঐতিহাসিক পলাচী যুদ্ধত বহতীয়া নবাব হোৱাৰ স্বাৰ্থতেই নিজে সেনাপতি হৈয়ো মীৰজাফৰে চিৰাজৌদুল্লাক বিশ্বাসঘাতকতা কৰি ৰবার্ট ক্লাইভ নেতৃত্বাধীন ইংৰাজ বাহিনীক সহায় কৰি সমগ্ৰ দেশ ইংৰাজ কোম্পানীৰ শাসনাধীন কৰাৰ পথ প্ৰশস্ত কৰিছিল । তদ্ৰুপ কার্যত ব্ৰতী অজিৎ ভূঞাই জাতীয়তাবাদী বচন আওঁৰাই এক কৌতুকলৈ নিজকে পর্যবসিত কৰিছে বুলি কয় বিজেপিৰ মুখপাত্ৰগৰাকীয়ে । সংবাদমেলত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে, ৮৫৫ জন শ্বহীদৰ হত্যাকাৰী, বেদখলকাৰীৰ পৃষ্ঠপোষক কংগ্ৰেছ দলৰ ওচৰত আত্মসমর্পণ কৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মুৰব্বী ক্ৰমে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে নিজকে ভাৰতীয় ইতিহাসৰ অন্যতম বিশ্বাসঘাতক চৰিত্ৰ ‘জয়চান্দ’ৰূপে প্ৰতিষ্ঠা কৰিলে ।

কংগ্ৰেছ, অজাপ, ৰাইজৰ দলৰ তিনিওগৰাকী ৰাজ্যিক সভাপতি উপস্থিত থকা মাজুলীৰ ‘বিশাল’ নিৰ্বাচনী সভাত তিনিশ লোকো উপস্থিত নথকাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ ৱার্ড একোটাৰ পথ সভাসমূহতে সহস্ৰাধিক ৰাইজ একত্ৰিত হোৱা উদাহৰণে বিজেপিৰ গ্ৰহণযোগ্যতা আৰু বিৰোধীৰ স্খলিত নীতিবিহীন ৰাজনৈতিক চৰিত্ৰৰ ফল স্পষ্টভাৱে প্ৰতীয়মান কৰিলে বুলি তেওঁ কয় । মাজুলীত অনুষ্ঠিত বিজেপিৰ জনসভাত উত্থাপিত গাখীৰ দিয়া গাইৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰ মাৰ্ঘেৰিটাই কয় যে, এখন শস্য শ্যামলা পথাৰ, ফলে-ফুলে জাতিস্কাৰ এজোপা বৃক্ষ বা এজনী দুগ্ধদায়িনী গাই সনাতন সংস্কৃতিত একোটা ইতিবাচক উপমা । গৰুক ইতৰ প্ৰাণী বুলি তুচ্চাৰ্থত ব্যৱহাৰ কৰা বা খাদ্যৰ বাবে গো-বধ কৰাসকলৰ দৃষ্টিকোণেৰে এই সাধাৰণ উপমা নেতিবাচক হোৱাটো অস্বাভাৱিক নহয় বুলি তেওঁ কয় ।

লগতে পঢ়ক: মাজুলী উপনিৰ্বাচনত সোমবাৰে তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৩৩,২২৭ গৰাকী ভােটাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.