ETV Bharat / state

পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ প্ৰতিবাদ

author img

By

Published : May 5, 2021, 7:22 PM IST

পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যজুৰি বিজেপিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন কৰে । গুৱাহাটীৰ পাণ্ডুকে ধৰি বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

bjp protest in guwahati
পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ প্ৰতিবাদ

গুৱাহাটী,৫ মে': পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাৰ প্ৰতিবাদত বুধবাৰে বিজেপিয়ে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই হিংসাত্মক ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুজন বিজেপি সমৰ্থক ।

বিশেষকৈ অসমৰ সীমান্তত থকা কোচবিহাৰ অঞ্চলত এই হিংসাই ভয়ানক ৰূপ লোৱাত প্ৰাণৰ ভয়ত অসমত আশ্ৰয় লৈছে বহুজনে । পশ্চিমবংগত সংঘটিত ব্যাপক নিৰ্বাচনী হিংসাৰ বলি হৈ অসম সীমান্তৰ গোলকগঞ্জৰ ৰণপাগলিত দুই শতাধিক লোকে আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে ।

বিজেপিক ভোট দিয়াৰ বাবেই তৃণমূল কংগ্ৰেছৰ সমৰ্থকসকলে কেৱল অত্যাচাৰ কৰাই নহয়, হত্যাৰ ভাবুকিৰে ঘৰ-দুৱাৰ ভাঙি ধন-সম্পত্তি আৰু পশুধন পৰ্যন্ত লুট কৰি নিছে । জীৱনৰ নিৰাপত্তা বিচাৰি পীড়িত লোকসকলে ৰণপাগলীৰ সীমান্ত চেতনা মঞ্চৰ গৃহত আশ্ৰয় লৈছে ।

ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিছে । বিজেপি কৰ্মীৰ ওপৰত হোৱা আক্ৰমণ ঘটনাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই হিংসাজৰ্জৰ অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে । পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি বিজেপিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন কৰে । গুৱাহাটীৰ পাণ্ডুকে ধৰি বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক: গুৱাহাটীত ৰেল’ৰ ডবাত স্থাপন হ’ব ক’ভিড কেয়াৰ চেন্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.