ETV Bharat / state

আব্দুল খালেকে জিন্নাৰ সপোন পূৰণৰ চেষ্টা চলাইছে: বিজেপি

author img

By

Published : Aug 31, 2022, 7:08 PM IST

বিজেপিৰ মুখপাত্র সুভাষ দত্তই কয় যে ৰহিংগীয়াপ্রেমী আব্দুল খালেকে নিজৰ দুৰ্বল স্থিতিক টনকিয়াল কৰিবলৈ শেহতীয়াকৈ সঘনাই বিতর্কিত মন্তব্য প্রদান কৰি অসমীয়া সমাজৰ একতা, শান্তি-সম্প্ৰীতিৰ পৰিৱেশক বিনষ্ট কৰা পৰিলক্ষিত হৈছে (MP Abdul Khalek controversial comments)। ই অত্যন্ত ধিক্কাৰজনক ।

BJP
BJP

গুৱাহাটী, ৩১ আগষ্ট : ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ মুখপাত্ৰত্ৰয় সুভাষ দত্ত, ড০ মমিনুল আৱাল আৰু পংকজ বৰবৰাই বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দল তথা সাংসদ আব্দুল খালেকক তীব্ৰ সমালোচনা কৰাৰ লগতে সনাতন-সংস্কৃতিৰ আধ্যাত্মিক স্থানক এনেদেৰ বিতৰ্কৰ মাজলৈ অনাটো অত্যন্ত দুর্ভাগ্যজনক বুলি অভিহিত কৰে (BJP press meet on Abdul Khalek comments) ।

মুখপাত্র সুভাষ দত্তই কয় যে ৰহিংগীয়াপ্রেমী আব্দুল খালেকে নিজৰ দুৰ্বল স্থিতিক টনকিয়াল কৰিবলৈ শেহতীয়াকৈ সঘনাই বিতর্কিত মন্তব্য প্রদান কৰি অসমীয়া সমাজৰ একতা, শান্তি-সম্প্ৰীতিৰ পৰিৱেশক বিনষ্ট কৰা পৰিলক্ষিত হৈছে (MP Abdul Khalek controversial comments)। ই অত্যন্ত ধিক্কাৰজনক । কংগ্ৰেছী সাংসদগৰাকীয়ে মোগল সন্দৰ্ভত যি বক্তব্য প্রদান কৰিছে, তাৰ পৰাই এটা কথাই স্পষ্ট হয় যে আব্দুল খালেকে মহম্মদ আলী জিন্নাৰ সপোন পূৰণৰ বাবে চেষ্টা চলাইছে, যিয়ে মুছলিম লীগৰ জৰিয়তে দেশ বিভাজন কৰিছিল (Abdul Khalek compare with Jinnah) ।

আব্দুল খালেকে প্রদান কৰা ৰাজনৈতিক বক্তব্যই কংগ্ৰেছৰ স্থিতিত প্রশ্নবোধকৰ সৃষ্টি কৰা বুলি মন্তব্য কৰি মুখপাত্রগৰাকীয়ে কয়, ভাৰতীয় জনতা পার্টীয়ে আজিৰে পৰা দুবছৰৰ পূৰ্বেই কৈছিল যে কংগ্ৰেছ দল এতিয়া ৰহিংগীয়াপ্রেমী, জেহাদী সমর্থক, অবৈধ অনুপ্ৰৱেশকাৰীক উচটনি দিয়া ৰাজনৈতিক দলত পৰিণত হৈছে । সেয়ে আব্দুল খালেকজাতীয় নেতাৰ ভূমিকাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ স্থিতি আজিও ৰহস্যজনক (Congress leader Abdul Khalek controversy) । এইক্ষেত্ৰত সুভাষ দত্তই প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে মাৱধদেৱৰ জন্মস্থান লেটেকুপুখুৰীস্থিত বৰ নামঘৰৰ সন্মুখত আব্দুল খালেকৰ বক্তব্য সঠিক হয়নে নহয় সেয়া বুকুত হাত থৈ ক’বলৈ আহ্বান জনায় ।

সংবাদমেলত মুখপাত্র সুভাষ দত্তই কংগ্ৰেছী সাংসদ আব্দুল খালেকে গোলাম নবী আজাদৰ স্থান ল'বলৈ চেষ্টা চলাইছে বুলিও কটাক্ষ কৰে । লগতে ভৱিষ্যতে অসমৰ সনাতন-সংস্কৃতিৰ ঐতিহ্যময় স্থানসমূহক বিতৰ্কৰ মাজলৈ নানিবলৈ কংগ্ৰেছী সাংসদগৰাকীক সকীয়নি প্ৰদান কৰে (BJP slammed Abdul Khalek)। আনহাতে, মুখপাত্র ড০ মমিনুল আৱালে আব্দুল খালেকে ইতিহাস বিকৃত কৰিছে বুলি অভিহিতকৰি কয়, মোগলে কিদৰে ভাৰতীয় ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ স্থানসমূহত আক্রমণ চলাইছিল সেয়া ইতিহাসত লিপিবদ্ধ আছে আৰু ভাৰতীয় জনসাধাৰণ এই বিষয়ত জ্ঞাত ।

সাংসদগৰাকীৰ এনেধৰণৰ বক্তব্যৰ বাবে কংগ্ৰেছ দল অসমৰ ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব বুলি মন্তব্য কৰে মুখপাত্র আৱালে কয়, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দৰে ৰাজনৈতিক দলৰ একাংশ নেতাই সংখ্যালঘু লোকসকলক তেওঁলোকৰ ৰাজনৈতিক ব্যৱসায়ৰ কেঁচা সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে । যদি সাহস আছে দুয়োটা দলেই সাংবদ মাধ্যমৰ সন্মুখত জেহাদীৰ বিৰুদ্ধে বক্তব্য ৰাখক । বদৰুদ্দিন আজমলক এজন ‘ইমানৰ কমজোৰ থকা’ নেতা বুলি কটাক্ষ কৰি মুখপাত্ৰ আৱালে পুনৰাই কয়, সংখ্যালঘু সম্প্ৰদায়ৰ নেতা হিচাপে বদৰুদ্দিন আজমলৰ দৰে নেতাসকলে জেহাদীৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা তথা জনতম গঠন কৰিব লাগিছিল । কিন্তু তাকে নকৰি তথাকথিত সংখ্যালঘু নেতাসকলে ৰাজনৈতিক স্বার্থ আদায় কৰাতহে ব্যস্ত আছে ।

লগতে পঢ়ক :বিজেপি চৰকাৰক ভস্মাসুৰ আখ্যা জগদীশ ভূঞাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.