গুৱাহাটী, ৭ আগষ্ট : সোমবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰা হয় । সংবাদমেলখন সম্বোধন কৰে দলৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই । মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য আগবঢ়াই মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে আমি কেতিয়াও মূল্য হ্ৰাস হোৱা শুনা নাই । চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ বহুকেইখন আঁচনি লৈছে ।
মূল্যবৃদ্ধিৰ সপক্ষে ৰূপম গোস্বামীৰ যুক্তি - বাৰিষা বৰষুণৰ পিচত যোগান সীমিত হয় বাবেই শাক পাচলিৰ মূল্যবৃদ্ধি হয় । যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে সা-সামগ্ৰীৰ মূল্য । বিজেপি চৰকাৰৰ দিনত মুদ্ৰাস্ফীতিৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে । আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰ’ল ডিজেলৰ মূল্যৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে আন আন সামগ্ৰীৰ মূল্য । লগতে ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত তেওঁ মন্তব্য আগবঢ়াই কয় যে জেনেৰিক ঔষধৰ মূল্য কম । আমি জেনেৰিক ঔষধ ব্যৱহাৰ কৰিব লাগে ।
আনহাতে উক্ত সংবাদমেলতে মুখপাত্ৰ সুভাষ দত্তই কয় যে চৰকাৰক বিৰোধিতা কৰিবলৈ গৈ একাংশই ৰাজ্য তথা দেশৰ প্ৰতি থকা দায়িত্ব পাহৰি গৈছে । তেওঁ কয় যে লুৰীণজ্যোতি গগৈ হৈছে আন্দোলন ভালপোৱা নেতা । লুৰীণজ্যোতি গগৈৰ নেতৃত্বত আন্দোলনৰ বজাৰখন চলি থাকে লগতে তেওঁৰ কমিছন বোৰ আহি থাকে ।
মুখপাত্ৰ সুভাষ দত্তই অখিল গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ কংগ্ৰেছৰ বোকোচাত উঠি সংসদলৈ যোৱাৰ সপোন দেখা অখিল গগৈয়ে মুক্ত বজাৰ অৰ্থনীতিৰ এতিয়া বিৰোধিতা কৰিছে । ড৹ মনমোহন সিঙ কেন্দ্ৰীয় বিত্তমন্ত্ৰী হৈ থকা সময়তেই ভাৰতত মুক্ত বজাৰ অৰ্থনীতিৰ প্ৰৱৰ্তক আছিল কংগ্ৰেছ চৰকাৰ । অখিল গগৈয়ে নিজ স্বাৰ্থসমূহ পুৰণ নোহোৱা বাবেই চৰকাৰৰ বিৰোধিতা কৰে বুলি মন্তব্য কৰে তেওঁ ।
আনহাতে ভূপেন বৰাই আজিৰ দিনত সনাতন সংস্কৃতিক ধৰি ৰখাটো আদৰণীয় বুলি উল্লেখ কৰে তেওঁ । দীৰ্ঘদিনে বিহপুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা ভূপেন বৰাই নামঘোষাৰ শ্লোক ভুলকৈ গোৱাটো কিন্তু ভকত সমাজে লক্ষ্য কৰাৰ কথাও তেওঁ সংবাদমেলত কয় । সাংবাদিকতাৰ পৰা ৰাজনীতিলৈ যোৱা বেদব্ৰত বৰাই আজিকালি বেছিকৈ সংবাদমেল কৰি আছে বুলি ঠাট্টাৰ চলেৰে নতুন ড্ৰাইভাৰে বাহনৰ হৰ্ণটো বেছিকৈ বজাই বুলি মত দিয়ে তেওঁ ।
লগতে পঢ়ক : AICC on Bhupen Borah: সভাপতি সলনি নহয়; ভূপেন বৰাৰ প্ৰতি কংগ্ৰেছৰ সম্পূর্ণ আস্থা আছে; জিতেন্দ্ৰ সিং