ETV Bharat / state

ৰাজ্যত ছিণ্ডিকেট বন্ধ হোৱাৰ ফলত 1000 কোটিলৈ বৃদ্ধি পাইছে ৰাজহ - ছিণ্ডিকেটক লৈ সৰৱ ৰূপম গোস্বামী

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে বিজেপি মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৷ ৰাজ্যত চলি থকা ছিণ্ডিকেটৰাজ সন্দৰ্ভত সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে পবিত্ৰ মাৰ্ঘেৰিটা আৰু সুভাষ দত্ত ৷

ছিণ্ডিকেটক লৈ সৰৱ ৰূপম গোস্বামী
author img

By

Published : Sep 30, 2019, 10:16 PM IST

Updated : Oct 1, 2019, 3:42 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰঃ ৰাজ্যত চলি থকা বিভিন্ন ছিণ্ডিকেটক লৈ সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলখনত ছিণ্ডিকেট সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে গোস্বামীয়ে ৷

চৰকাৰী তথ্যত ছিণ্ডিকেটৰ ভয়ংকৰ তথ্য

ৰূপম গোস্বামীয়ে প্ৰকাশ কৰা অনুসৰি, 2016ত বিজেপি চৰকাৰ অহাৰ পিচত কেবিনেটত সিদ্ধান্ত লৈ বন্ধ কৰি দিয়া হৈছে ছিণ্ডিকেট প্ৰথা ৷ বিজেপিয়ে ছিণ্ডিকেট বন্ধ কৰি দিয়াৰ ফলতেই বহুতৰ ধন অহা পথ বন্ধ হৈছে ৷ সেয়েহে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ছিণ্ডিকেটক লৈ সৰৱ হৈ পৰিছে এইসকল লোক ৷ ৰাজ্যত চলি থকা ছিণ্ডিকেটৰ নেতৃত্বত আছিল কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ৷ কিন্তু ছিণ্ডিকেটৰ কথা প্ৰকাশ পোৱাৰ পিচতেই মাৰ্ঘেৰিটাত নিৰ্বাচনত পৰাজিত হয় প্ৰদ্যুৎ বৰদলৈ ৷ প্ৰসন্ন টুৰুং নামৰ ব্যক্তিগৰাকী সপত্নীক নিৰুদ্দেশ হোৱাৰ আঁৰত আছে প্ৰদ্যুৎ বৰদলৈ ৷

আনহাতে সংবাদমেলত উপস্থিত থকা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰা অনুসৰি, মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ দিনতেই কয়লা ছিণ্ডিকেট চলিছিল, তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰিছিল প্ৰদ্যুৎৰ পোহনীয়া গুণ্ডাই ৷ ৰত্নাকৰৰ পৰা বাল্মিকী হ'বলৈ চেষ্টা কৰা প্ৰদ্যুৎ বৰদলৈৰ মিছা অভিযোগ অতিকে হাস্যকৰ ৷ ছিণ্ডিকেট বন্ধ হোৱাৰ ফলত 2016 চনৰ পৰা প্ৰায় 1000 কোটি টকা ৰাজহ বৃদ্ধি পাইছে ৷

ইপিনে সুভাষ দত্তই প্ৰকাশ কৰা অনুসৰি, বিগত সময়ত অবৈধ কয়লা ব্যৱসায়ৰ বিৰুদ্ধে 303 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 499 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 9758.884 টন অবৈধ কয়লাসহ 602 খন বাহন জব্দ হয় ৷ অবৈধ চুপাৰী ব্যৱসায়ৰ বিৰুদ্ধে 23 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 39 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 5,01,354 কিলোগ্ৰাম অবৈধ চুপাৰীসহ 63 খন বাহন জব্দ হয় ৷ অবৈধ গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে 598 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 846 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 9,599 টা গৰুসহ 184 খন বাহন জব্দ হয় ৷ একেদৰেই অবৈধ সাৰ ব্যৱসায়ৰ বিৰুদ্ধে 26 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 34 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 404635 কিলোগ্ৰাম/561 বেগ/1111 পেকেট অবৈধ সাৰসহ 43 খন বাহন জব্দ কৰে আৰক্ষীয়ে ৷

Intro:• ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল
উপস্থিত আছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু সুভাষ দত্ত
# চিণ্ডিকেট সম্পৰ্কত এই সংবাদমেল
# ২০১৬ত বিজেপি চৰকাৰ অহাৰ পিছতে কেবিনেট সিদ্ধান্ত লৈ সকলো চিণ্ডিকেট উঠাই দিয়া গৈছে
# কিছু বিৰোধী নিৰ্বাচন অহাৰ লগে লগে চিণ্ডিকেটক লৈ হঠাৎ সৰৱ হৈ উঠিছে
# বিজেপিয়ে চিণ্ডিকেট বন্ধ কৰি দিয়াৰ ফলত কিছুমানৰ ধন অহা পথ বন্ধ হৈছে
# চিণ্ডিকেটৰ কাণ্ডাৰী প্ৰদ্যুৎ বৰদলৈ
# মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনত পৰাজয় হোৱাৰ অন্যতম কাৰণ চিণ্ডিকেট
#
# চৰকাৰে যদি চিণ্ডিকেট চলাই থাকিলে হয় তেন্তে এইবোৰ ধৰা নপৰিলহেতেন
# পূৰ্বৰ চৰকাৰৰ সময়ত কিমান চিণ্ডিকেট ধৰা পেলাই ব্যৱস্থা লৈছে
# পূৰ্বৰ তুলনাত ৰেভিনিউ বৃদ্ধি হৈছে
# দুৰ্নীতি কৰি এতিয়া কোনেও সাৰি যাব পৰা নাই
(সংবাদমেলৰ মাজতে কাৰেন্ট গ'ল ৷ ৰূপম গোস্বামীৰ হাস্যকৰ মন্তব্য, শক্তিমন্ত্ৰী আছিল কাৰণে বিদ্যুতেও সহায় কৰিছে)Body:• পবিত্ৰ মাৰ্ঘেৰিটাঃ
# নিৰ্বাচন আহিলেই নিজৰ প্ৰাসংগিকতা বৃদ্ধি কৰিবলৈ কংগ্ৰেছে হঠাৎ সৰৱ হৈ উঠে
# মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ দিনতেই কয়লা চিণ্ডিকেট হৈছিল
# প্ৰদ্যুৎ বৰদলৈৰ পোহনীয়া গুণ্ডাই সেইসময়ত কয়লা চিণ্ডিকেটৰ বাতৰি সংগ্ৰহ কৰা সাংবাদিককো ঘূণীয়া কৰিছে
# সেইজন মানুহে এতিয়া কয়লা চিণ্ডিকেটৰ মিছা অভিযোগেৰে চৰকাৰক অভিযুক্ত কৰাতো হাস্যকৰ

• কংগ্ৰেছ আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি
কংগ্ৰেছ এটা মৌলবাদী দল
• প্ৰদ্যুৎ বৰদলৈ ৰত্নাকৰৰ পৰা বাল্মিকী হ'বলৈ চেষ্টা কৰিছে
• প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দলৰ সভাপতি হব বিচাৰিছে

চৰকাৰৰ বিৰুদ্ধে কবলৈ আন কথা নাই বাবে ছিণ্ডিকেটৰ অভিযোগ আনিছে

2016 চনৰ পৰা চলিত মাহৰ 21 তাৰিখ পৰ্যন্ত কয়লা, চুপাৰি , গৰুৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ হৈছে , গ্ৰেপ্তাৰ কৰা হৈছে

কংগ্ৰেছৰ দিনত ছিণ্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছিল তথ্য দাঙি ধৰিবলৈ আহ্বান : ৰূপম গোস্বামী

কংগ্ৰেছে 150 তকৈ বেছি চেক গেট চলি আছিল

সোণোৱাল চৰকাৰে বন্ধ কৰি দিয়াত কংগ্ৰেছী সকলৰ উপাৰ্জনৰ বাট বন্ধ হৈ গৈছে

প্ৰসন্ন টুৰুং নামৰ ব্যক্তিগৰাকী সপত্নীক কেনেকৈ নিৰুদ্দেশ হৈ গল সেয়া আজিও ৰহস্যৰ আৱর্তত

মাৰ্ঘেৰিটাৰ মানুহে সন্দেহ কৰে তুৰঙ পৰিয়াল নিৰুদ্দেশৰ আঁৰত আছে প্ৰদ্যুত বৰদলৈ : ৰূপম গোস্বামী, পবিত্ৰ মাৰ্ঘেৰিটা

ছিণ্ডিকেট নোহোৱা হোৱাত, চেক গেট বন্ধ হোৱাত ছিণ্ডিকেটৰ অভিযোগ আনিছে প্ৰদ্যুত বৰদলৈ আৰু কংগ্ৰেছে

ছিণ্ডিকেট আৰু গেট বন্ধ হোৱাত চৰকাৰৰ ৰাজহ বৃদ্ধি পাইছে

খনি আৰু খনিজাত সামগ্ৰীৰ পৰা ৰাজহ সংগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে

16 চনৰ পৰা প্ৰায় 1000 কোটি টকা ৰাজহ বৃদ্ধি পাইছে

চোৰাং ব্যৱসায় বন্ধ হোৱা বাবেহে ৰাজহ বৃদ্ধি হৈছে

প্ৰদ্যুত বৰদলৈৰ ছিণ্ডিকেটৰ অভিযোগ ভিত্তিহীন , ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত

গুৱাহাটী উচ্চ ন্যায়ালয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে নিজাৱবিয়া গোচৰ লৈছে

প্ৰদ্যুত বৰদলৈৰ হাতত যদি ছিণ্ডিকেট চলাৰ তথ্য আছে সেয়া আদালতত দাখিল কৰিব লাগে : সুভাষ দত্তConclusion:অবৈধ কয়লা ব্যৱসায়ঃ
1: Total No. of cases registered= 303 Nos.
2: Total No. of Vehicle Seized= 602 Nos.
3: Quantity of Coal Seized= 9758.884 Tons
4: Total No. of persons arrested= 499 Nos.

অবৈধ চুপাৰী ব্যৱসায়
1: Total No. of cases registered= 23 Nos.
2: Total No. of Vehicle Seized= 63 Nos.
3: Quantity of Betelnut Seized= 5,01,354 Kgs.
4: Total No. of persons arrested= 39 Nos.

গৰু চিণ্ডিকেট
1: Total No. of cases registered= 598 Nos.
2: Total No. of Vehicle Seized= 184 Nos.
3: Quantity of Cattles Seized= 9,599 Nos.
4: Total No. of persons arrested= 846 Nos.

অবৈধ সাৰ ব্যৱসায়
1: Total No. of cases registered= 26 Nos.
2: Total No. of Vehicle Seized= 43 Nos.
3: Quantity of Fertilizers Seized= 404635 kgs/561 bags/1111 pkts
4: Total No. of persons arrested= 34 Nos.
Last Updated : Oct 1, 2019, 3:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.