ETV Bharat / state

অগপক ১০ টাতকৈ অধিক সমষ্টি এৰি নিদিয়ে গেৰুৱা দলে

author img

By

Published : Nov 19, 2020, 5:53 PM IST

বিজেপিৰে সৈতে মিত্ৰতা ৰক্ষা কৰিবলৈ হ'লে 21ৰ নিৰ্বাচনত দহ খন আসনতে সন্তুষ্ট থাকিব লাগিব অগপ ৷ অগপক দহ খনতকৈ বেছি আসন এৰি দিব খোজা নাই বিজেপিয়ে ৷ 2021 ৰ নিৰ্বাচনত অগপৰ দখলত থকা কেবাটাও সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দীতা কৰাৰ আশংকা ৷

অগপক ১০ টাতকৈ অধিক সমষ্টি এৰি নিদিয়ে গেৰুৱা দলে
অগপক ১০ টাতকৈ অধিক সমষ্টি এৰি নিদিয়ে গেৰুৱা দলে

গুৱাহাটী, 19 নৱেম্বৰ: বি টি আৰৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দল বি পি এফক বিজেপিয়ে যি দশা কৰিলে, আগন্তুক বিধানসভা নিৰ্বাচনত আনটো "মিত্ৰদল" অগপকো একে অৱস্থাই কৰিব নেকি বিজেপিয়ে ? ৰাজ্যৰ ৰাজনীতিত এতিয়া ই এক অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে । কিয়নো,2021ৰ নিৰ্বাচনত অগপ যদিহে বিজেপিৰ মিত্ৰ হৈ থাকিব বিচাৰে তেন্তে অগপ সন্তুষ্ট থাকিব লাগিব সৰ্বাধিক দহখন আসনত । কিয়নো,বিজেপিয়ে দহখনতকৈ অধিক আসন অগপক এৰি দিব খোজা নাই । অৱশ্যে দলৰ কেন্দ্ৰীয় নেতৃত্বইহে আসন ভাগ বাটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ৷

21 ৰ নিৰ্বাচনত দহ খন আসনতে সন্তুষ্ট থাকিব লাগিব অগপ

ইতিমধ্যে বিজেপিৰ বহুকেইখন জিলা সমিতিয়ে অগপক আসন এৰি দিয়াৰ ক্ষেত্ৰত দলীয় নেতৃত্বৰ ওচৰত অসন্তুষ্টি ব্যক্ত কৰিছে । ফলত অগপই কোনকেইখন আসনত প্ৰতিদ্বন্দিতা কৰিব সেই সিদ্ধান্ত এইবাৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বইহে থিৰাং কৰিব । বৰ্তমান অগপৰ দখলত থকা কেইবাটাও সমষ্টিত 2021 ত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজহ মন্ত্ৰী ভৱেশ কলিতায়ো বৃহস্পতিবাৰে এই কথা মুকলিকৈ প্ৰকাশ কৰে ৷

মন্ত্ৰী কলিতাই কয় যে কমলপুৰ, তেজপুৰ, পাটাছাৰকুছিকে ধৰি বৰ্তমান অগপৰ দখলত থকা কেইবাটাও সমষ্টি আগন্তুক নিৰ্বাচনত বিজেপিয়ে বিচাৰিব । বি টি আৰ আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পিছতেই বিধানসভা নিৰ্বাচনৰ ৰণনীতি চূড়ান্ত কৰা হব বুলি মন্তব্য কৰি লগতে তেওঁ কৌশলপূৰ্ণভাৱে এই বুলিও কয় যে আজিৰ তাৰিখলৈকে অগপ বিজেপিৰ মিত্ৰ হৈয়েই আছে । ইপিনে বিজেপিৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে ২০২১ ৰ নিৰ্বাচনত বোকাখাত, কলিয়াবৰ, বঙাইগাঁৱকে ধৰি দহটা সমষ্টিহে অগপক এৰি দিয়াৰ চিন্তা কৰিছে বিজেপিয়ে ।

লগতে পঢ়ক:কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি,ছিণ্ডিকেটৰ মহানায়ক আছিল হিমন্তঃ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.