গুৱাহাটী, ১০ ছেপ্টেম্বৰ: “কংগ্ৰেছ-এআইইউডিএফৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেই । কেতিয়াবা নিৰ্বাচনী মিত্ৰতা নকৰাকৈয়ে তেওঁলোকৰ মাজত মিল থাকে । বিগত লোকসভা নিৰ্বাচনত নগাঁও, কলিয়াবৰ, বৰপেটা সমষ্টিত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল । ঠিক তেনেদৰে ধুবুৰীত দুৰ্বল প্ৰাৰ্থী ঠিক কৰাইছিল কংগ্ৰেছে । কংগ্ৰেছ-এআইইউডিএফে কেতিয়াবা মিত্ৰতা নকৰাকৈ এনেদৰে মিলি থাকে ।” কংগ্ৰেছ-এআইইউডিএফক লৈ দেওবাৰে সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ।
“যিমানেই ইটোৱে-সিটোক গালি পাৰক বা নাপাৰক কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা অসমৰ ৰাইজে জানে ।” কংগ্ৰেছ-এআইইউডিএফ মিত্ৰতা সন্দৰ্ভত দেওবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এনেদৰে তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । যদি তেওঁলোকৰ মাজত মিত্ৰতা নাই সংসদত বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সপক্ষে কিয় ভোটদান কৰিছিল বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । লগতে আগন্তুক লোকসভা নিৰ্বাচনত ১১খন আসনত বিজেপি জয়ী হ’ব বুলি পুনৰ এবাৰ দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: G-20 Summit: জি-২০ সন্মিলনে সংঘাতৰ পৰিৱৰ্তে ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব; অসম বিজেপি
আনহাতে কংগ্ৰেছৰ বাগানে বাগানে কাৰ্যসূচী ফ্লপ হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । শেহতীয়াকৈ চৰ্চাত থকা কংগ্ৰেছ সভাপতি ভূপেন বৰাই বাগানত চাইকেল চলোৱা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এগৰাকী দলৰ সভাপতি অকলে এনেদৰে চাইকেল চলাই থকাটো ভাল কথা নহয় ।
আনহাতে, বিধায়ক অখিল গগৈয়ে এগৰাকী সক্ৰিয় মন্ত্ৰী বুলি সম্বোধন কৰাত কোনো ফূৰ্তি কৰিব লগা নাই বুলিও তেওঁ কয় ৷ উক্ত প্ৰসংগত বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি দুখ কৰিব লগাও নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰসংগত সিদ্ধান্ত পৰৱৰ্তী সময়ত কেতিয়াবা ৰাইজে ল'ব ।
‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি দায়িত্ব দিছে তাক সুচাৰুৰূপে পালন কৰাটোহে মোৰ কৰ্তব্য ৷ সক্ৰিয় হয় নে নহয় সেই বিষয়টো ৰাইজে বিচাৰ কৰিব’’ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিয়ে ভয় খাইছে বুলি কংগ্ৰেছে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ভয় খোৱা বিলাক জয়ী হয় নে ভয় নোখোৱা বিলাক জয়ী হয় নিৰ্বাচনৰ সময়ত সকলো পৰিস্ফূট হ'ব ।