ETV Bharat / state

FIR against Rahul Gandhi: ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ দাখিল

ৰাহুল গান্ধীৰ এটা টুইটক লৈ জাঙুৰ খাই উঠিছে বিজেপিৰ যুৱ মৰ্চা আৰু ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা ৷ ৰাজ্যজুৰি বিজেপিৰ যুৱ আৰু মহিলা মৰ্চাই থানাই থানাই দাখিল কৰিলে এজাহাৰ । মানচিত্ৰৰ পৰা উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ যড়যন্ত্ৰৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে (FIR against Rahul Gandhi)।

author img

By

Published : Feb 14, 2022, 10:50 PM IST

FIR against Rahul Gandhi
ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ দাখিল

গুৱাহাটী, 14 ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা টুইটকলৈ জাঙুৰ খাই উঠিছে বি জে পিৰ যুৱ মৰ্চা আৰু ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা ৷ সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি বিজেপিৰ যুৱ আৰু মহিলা মৰ্চাই থানাই থানাই দাখিল কৰিলে এজাহাৰ (FIR against Rahul Gandhi)। সোমবাৰে দিছপুৰ থানাত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ উপস্থিতিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । মহিলা মৰ্চাৰ অভিযোগ- দেশৰ মানচিত্ৰৰ পৰা উত্তৰ-পূবৰ বিচ্ছিন্ন কৰাৰ যড়যন্ত্ৰ ৰচিছে ৰাহুল গান্ধীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ ৪০ খন মহিলা মৰ্চাৰ কাৰ্যকৰী কমিটীয়ে বিভিন্ন জিলাত এজাহাৰ দাখিল কৰিছে । মহিলা মৰ্চাৰ লগতে যুৱ মৰ্চাৰ মহানগৰ শাখায়ো দাখিল কৰিলে এজাহাৰ । এজাহাৰত বি জে পিৰ মহিলা মৰ্চাৰ লগতে যুৱ মৰ্চাই উল্লেখ কৰা মতে, ৰাহুল গান্ধীয়ে যোৱা ১০ ফেব্ৰুৱাৰীত 'ভাৰতবৰ্ষৰ শক্তি' বুলি সম্বোধন কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছিল । পোষ্টটোত কাশ্মীৰৰ পৰা কেৰালা আৰু গুজৰাটৰ পৰা পশ্চিমবংগ বুলি লিখিছিল । নাছিল উত্তৰ পূৰ্বাঞ্চলৰ সন্দৰ্ভত কোনো উল্লেখ । সেই কথাতে এতিয়া ৰাহুল গান্ধীয়ে দেশ মানচিত্ৰৰ পৰা উত্তৰ-পূৱক বিচ্ছিন্ন কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপিত কৰি আৰক্ষীৰ কাষ চাপিছে বিজেপিৰ যুৱ মৰ্চা আৰু মহিলা মৰ্চা ।

দিছপুৰ থানাত এজাহাৰ দাখিল কৰি বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কয়, - ‘‘দেশৰ মানচিত্ৰৰ পৰা উত্তৰ-পূৱক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৰাহুল গান্ধীয়ে৷’’ আনহাতে যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই কয় যে, কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ পৰিয়ালে বিচ্ছিন্নতাবাদী এজেণ্ডাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সদায় নেতিবাচক দৃষ্টিৰে চাই আহিছে । আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি ৰাজহুৱা সভাত কৰা মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছ দলে অব্যাহত ৰাখিছে প্ৰতিবাদ । সোমবাৰে গুৱাহাটীত এঘণ্টীয়া মৌনব্ৰত পালন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে দলটোৰ শীৰ্ষ নেতৃত্বই ।

লগতে পঢ়ক: পহ্লাদ ব্ৰহ্ম অপৰাধী, ধৰ্মৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.