ETV Bharat / state

BJP Kishan morcha news : সতীৰ্থৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে বিজেপিৰ শীৰ্ষনেত্ৰীয়ে

ব্লেকমেইলিঙৰ বলি হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে বিজেপিৰ শীৰ্ষ নেত্ৰীয়ে ৷ সতীৰ্থ বিজেপি নেতা অনুৰাগ চলিহাক তলব কৰে আৰক্ষীয়ে ৷

BJP Kishan morcha leader Indrani Tahbildar
সতীৰ্থৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে বিজেপিৰ শীৰ্ষ নেত্ৰীয়ে
author img

By

Published : Aug 12, 2023, 2:15 PM IST

Updated : Aug 12, 2023, 2:34 PM IST

গুৱাহাটী, 12 আগষ্ট : সততে নাৰী সুৰক্ষাৰ কথা কোৱা বিজেপি দলৰ ভিতৰতে নাৰীৰ সুৰক্ষা নোহোৱা হৈছে । সতীৰ্থৰ ব্লেকমেইলিঙৰ বলি হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’বলগীয়া হৈছে বিজেপিৰ শীৰ্ষ নেত্ৰীয়ে । বিজেপিৰ শীৰ্ষ নেত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে দলটোৰ ভিতৰ মহলাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ ।

বিজেপিৰ কিষান মৰ্চাৰ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰে শুকুৰবাৰে শ্লিপিং টেবলেট খাই বামুণীমৈদামস্থিত নিজৰ বাসগৃহতে আত্মহত্যাৰ দৰে পথ বাছি লোৱা বুলি পোহৰলৈ অহাৰ পিচতে খবৰটোৱে লাভ কৰিছে বিশেষ চৰ্চা । উজনি অসমৰ বিজেপিৰ নেতা অনুৰাগ চলিহাৰ লগত থকা অন্তৰংগ মূহুৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে চৰম পন্থা বাছি ল’বলৈ বাধ্য হয় বিজেপি নেত্ৰীগৰাকীয়ে । বিজেপি নেতাৰ এই কাণ্ডত ইন্দ্ৰানী তহবিলদাৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে ৰাজ্যিক বিজেপিত হাহাকাৰ লগা পৰিলক্ষিত হৈছে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে আবেলি ঘৰৰ ভিতৰত পৰি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ইন্দ্ৰাণীক । ইয়াৰ পিছতে জি এম চি এইচৰ মৰ্গত ৰখা হয় মৃতদেহটো । শনিবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব মৃত ইন্দ্ৰাণীৰ ।

ইপিনে, বিজেপিৰ নেতা অনুৰাগ চলিহাক চানমাৰি আৰক্ষীয়ে তলব কৰিছে বুলি জানিব পৰা গৈছে । ইপিনে প্ৰাথমিক তদন্তত আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ অনুৰাগ চলিহাৰ বিভিন্ন লোকৰ সৈতে টকাৰ লেনদেন আছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে । টকা ঘূৰাই নিদিয়াৰ বাবে একাংশই অনুৰাগ চলিহাৰ মোবাইল কাঢ়ি লৈ অন্তৰংগ মূহুৰ্তৰ ফটো ভাইৰেল কৰিছে বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Minor rape case : ঘৰুৱা শিক্ষকৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ অভিযোগ, ধুবুৰী আৰক্ষীৰ জালত অভিযুক্ত

Last Updated : Aug 12, 2023, 2:34 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.