ETV Bharat / state

বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বার্তা’ উন্মোচন

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাগৰাকী প্ৰাক্তন সদস্যই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

bjp joining program
বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বার্তা’ উন্মোচন
author img

By

Published : Mar 1, 2021, 8:49 PM IST

গুৱাহাটী, ১ মার্চ : ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কার্যালয়ত সোমবাৰে বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বার্তা’ৰ ৫১ সংখ্যক সংস্কৰণ উন্মোচন কৰা হয় । আলোচনীখন উন্মোচন কৰি দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখার্জীৰ আদৰ্শৰে দেশ তথা জাতিৰ সেৱাৰ বাবে গঠিত বিজেপি দলে অসমৰ ৰাইজৰ স্বার্থ বিঘ্নিত হ’ব পৰা একো কাম কৰা নাই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু নেডাৰ আহ্বায়ক ড0 হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত ৰাজ্য চৰকাৰে যি সফলতা লাভ কৰিছে সেয়া জনসাধাৰণে দেখিছে আৰু ইয়াৰ ভিত্তিতে ৰাইজে বিজেপিক বিবেক ভোটেৰে পুনৰবাৰ জয়যুক্ত কৰিব ।

বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বার্তা’ উন্মোচন

আনহাতে, আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাগৰাকী প্ৰাক্তন সদস্যই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে । আজি যোগদান কৰাসকলৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি প্ৰদীপ দাস, প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক ৰাহুল দাস, প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক মঃ ইনামুল হক, প্ৰাক্তন সাংগঠনিক সম্পাদকদ্বয় বিজয় বৰুৱা, হিমান বর্মণ, প্ৰাক্তন কার্যনিৰ্বাহক সদস্য প্ৰশান্ত নাথ অন্যতম । সভাপতি দাসে আজি যোগদান কৰা সদস্যসকলক দেশ তথা জাতিৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷ তেওঁ লগতে নবীন সদস্যসকলে যাতে প্ৰবীণক শ্ৰদ্ধা কৰে আৰু প্ৰবীণসকলে যাতে নবীনসকলক মৰমেৰে আঁকোৱালি লয় তাৰ বাবেও আহ্বান জনায় । ৰাজ্যিক সম্পাদক দিপ্লু ৰঞ্জন শর্মাই আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শর্মা, মন্ত্ৰী পিযুষ হাজৰিকা, “অসমীয়া বিজেপি বার্তা”ৰ সম্পাদক ড0 দেৱদত্ত বৰকটকীৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কার্যকর্তাসকল উপস্থিত আছিল ।

লগতে পঢ়ক : মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.