গুৱাহাটী, 30 জুন : বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ঝাৰখণ্ড প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক । এই বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যৰে বুধবাৰে ঝাৰখণ্ডত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাজ্যখনৰ প্ৰভাৰী দিলীপ শইকীয়া । মঙলদৈৰ সাংসদ গৰাকী বুধবাৰে পুৱা তিনিদিনীয়া ভ্ৰমণসূচী লৈ দিল্লীৰ পৰা ঝাৰখণ্ডত উপস্থিত হয় । উল্লেখযোগ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰদেশখনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পিছত বুথ সমিতিসমূহৰ সৈতেও আলোচনাত মিলিত হ’ব সাংসদ গৰাকী ।
বুধবাৰে ঝাৰখণ্ডত উপস্থিত হৈয়ে অসমৰ সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিগত সময়চোৱাত ৰাজ্যখনত এক সুস্থিৰ আৰু গতিশীল পৰিৱেশ সৃষ্টি কৰিবলৈ বিজেপি দল আৰু চৰকাৰ সক্ষম হৈছিল । কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰখনে ঝাৰখণ্ডলৈ পুনৰ সেই অন্ধকাৰ দিনসমূহ ঘূৰাই আনিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত যি সময়ত সমগ্ৰ দেশে বিকাশ আৰু প্ৰগতিৰ দিশে দ্ৰুতগতিত ধাৱমান হৈছে, সেই সময়তে জে এম এম নেতৃত্বাধীন চৰকাৰখনে ঝাৰখণ্ডক সৰ্বদিশতে পিছুৱাই লৈ গৈছে বুলি তেওঁ মন্তব্য কৰে ।
তেওঁ কয় যে, সম্প্ৰতি দেশৰ প্ৰায় 80 লাখ লোকলৈ মোডী চৰকাৰে বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছে । ক'ভিডৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতো দেশৰ অৰ্থনীতি সুস্থিৰ বুলি দাবী কৰে প্ৰদেশ বিজেপিৰ প্ৰভাৰী গৰাকীয়ে । আনহাতে ক'ভিডৰ প্ৰতিষেধক প্ৰদানক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে বুলি বিভিন্ন পক্ষই দাবী কৰাৰ সময়তে সাংসদ গৰাকীয়ে আজি ঝাৰখণ্ডত মন্তব্য কৰে যে এয়া মুঠেও সত্য নহয় ।
কংগ্ৰেছ শাসিত ৰাজ্যসমূহে পৰ্যাপ্ত ভেকচিন লাভ কৰিছে বুলি দাবী কৰি তেওঁ কয় যে ঝাৰখণ্ডত যদি পৰ্যাপ্ত পৰিমাণে ভেকচিন নাই তেন্তে কিয় এনে হৈছে তাৰ উত্তৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণেহে দিব পাৰিব । পৰৱৰ্তী তিনি দিনত ঝাৰখণ্ডত এই বিষয়সমূহ দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰা হ’ব । ঝাৰখণ্ডৰ জনতাক এই বিষয়সমূহৰ পৰা সকাহ দিবলৈ বিজেপি বদ্ধপৰিকৰ ৷
উল্লেখযোগ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে ইতিমধ্যে দলৰ সকলো সাধাৰণ সম্পাদকক বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিছে । সেই অনুসৰি দিলীপ শইকীয়া বুধবাৰে প্ৰদেশখনত উপস্থিত হয় ৷ পুনৰ বৃহস্পতিবাৰে ঝাৰখণ্ডত উপস্থিত হ’ব দলৰ আন এগৰাকী সাধাৰণ সম্পাদক ।