গুৱাহাটী, ২ জানুৱাৰী: প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে দেশৰ অনুসূচিত জাতিৰ লােকসকলৰ শৈক্ষিক উত্তৰণৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে । শনিবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি আঁচনিখনৰ বিষয়ে প্ৰকাশ কৰে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰুণ মেধিয়ে । তেওঁ কয় যে, এই আঁচনিখনৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা অনুসূচিত জাতিৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্রীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে জলপাণি প্ৰদান কৰাা হ'ব ।
ইতিমধ্যে এই আঁচনিত কেন্দ্রীয় কেবিনেটে অনুমােদন জনাইছে । এই আঁচনিৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীসকলক পৰৱর্তী ৫ বছৰৰ বাবে উচ্চ শিক্ষাৰ গ্ৰহণৰ বাবে জলপাণি প্রদান কৰা হ'ব আৰু ইয়াৰ দ্বাৰা ৪ কোটিতকৈও অধিক ছাত্র-ছাত্রী লাভাম্বিত হ'ব । কেন্দ্রীয় কেবিনেটে মুঠ ৫৯ হাজাৰ ৪৮ কোটি টকাৰ এই আঁচনিত অনুমােদন জনাইছে আৰু এই ধনৰাশিৰ ৬০ শতাংশ অর্থাৎ ৩৫ হাজাৰ ৫৩৪ কোটি কেন্দ্রই আৰু বাকী ৪০ শতাংশ ৰাজ্য চৰকাৰে ব্যয় কৰিব ।
উল্লেখ্য যে, সংবাদমেলত দাঙি ধৰা তথ্য অনুসৰি ২০১৭-১৮ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষৰ ১,১০০ কোটি বার্ষিক সাহায্যৰ তুলনাত ২০২০-২১ ৰ পৰা ২০২৫-২৬ বৰ্ষলৈ কেন্দ্ৰৰ বার্ষিক সাহায্যৰ পৰিমাণ ৫ গুণতকৈও অধিক অর্থাৎ ৬ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । চৰকাৰে শিক্ষার্থীসকলৰ বেংক একাউণ্টত পােনপটীয়াকৈ এই ধনৰাশি জমা দিব । আজিৰ এই সংবাদ মেলত ৰাজ্যিক মুখ্য মুখপাত্র ৰূপম গােস্বামী, অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি কুশল মালাকাৰৰ লগতে দলীয় কার্যকর্তাসকলো উপস্থিত থাকে ।
লগতে পঢ়ক:GMCH ৰ চিকিৎসক-নাৰ্চৰ দেহত পৰীক্ষণ ক’ৰণাৰ প্ৰতিষেধক