ETV Bharat / state

Raijor dal slams BJP govt: বিজেপি চৰকাৰে নিবনুৱাক গিনিপিগ সজোৱাৰ অভিযোগ ৰাইজৰ দলৰ - Raijor dal slams BJP govt

নিবনুৱাক গিনিপিগ সজাইছে বিজেপি চৰকাৰে, সংবাদমেলত এই মন্তব্য কৰে ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদকে ৷ বিহুৱে বিশ্ব ৰেকৰ্ড কৰাৰ পিছতে চৰকাৰখনক নিবনুৱা সমস্যাৰ বিষয়ে সোঁৱৰাই দিবলৈ এই সংবাদমেলৰ আয়োজন কৰে ৰাইজৰ দলে (raijor dal press meet) ৷

raijor dal press meet
ৰাইজৰ দলৰ সংবাদমেল
author img

By

Published : Apr 18, 2023, 10:38 PM IST

ৰাইজৰ দলৰ সংবাদমেল

গুৱাহাটী, ১৮ এপ্ৰিল: সোমবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰা হয় । বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে ৰাইজৰ দলে । সংবাদমেলখন সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদ চিন্ময় বৰা আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে (Raijor dal press meet in Guwahati) ।

সংবাদ মেলৰ আৰম্ভণিতে নিয়াৰ আদালতত অখিল গগৈৰ বিৰুদ্ধে চলি থকা গোচৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় । উচ্চতম ন্যায়ালয়ত নিয়াই গোচৰ তৰিছিল অখিল গগৈৰ বিৰুদ্ধে । আজি উচ্চতম ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত এটা ৰায় দিয়ে, "এই গোচৰটো নিয়াৰ আদালততে চলি থাকিব আৰু গোচৰ চলি থকাৰ সময়ত অখিল গগৈয়ে জামিনত থাকিব পাৰিব" (Raijor dal slams BJP govt) ।

আনহাতে, সংবাদ মেলত নিবনুৱা সমস্যাক লৈ সোচ্চাৰ ৰাইজৰ দল । মিছা কথা কৈ কৈ নিবনুৱা সকলক মোহাচ্ছন্ন কৰি ৰাখিছে বিজেপিয়ে, এই বুলি বিভিন্ন যুক্তি দাঙি ধৰে তেওঁলোকে । ইপিনে SSC, লোকসেৱা আয়োগ, প্ৰতিৰক্ষা বিভাগৰ তথৈবচ অৱস্থাৰ কথাও উল্লেখ কৰে । চাকৰি দিব পৰা নাই সংশ্লিষ্ট বিভাগসমূহে । সংকল্প পূৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । ২ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি ১ লাখ চাকৰিও দিব নোৱাৰাৰ অভিযোগ তোলে সংবাদমেলত (Raijor Dal on Unemployment)।

চাকৰি দিব নোৱাৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জেপি নাড্ডাৰ অডিঅ' ক্লিপ শুনালে দেবাংগ সৌৰভ গগৈয়ে ৷ তেওঁ কয়, "চৰকাৰী বিভাগ সমূহে নিজেই নাজানে কিমান নিযুক্তি দিলে । পুৰণি পদত নিযুক্তি দিয়াটো একো ডাঙৰ কথা নহয় । সেইটো দিবই লাগিব । অন্যথা প্ৰশাসন যন্ত্ৰই অস্থিৰ হৈ যাব । পুৰণি পদত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ডাঙৰ অনুষ্ঠান পাতি নিযুক্তি পত্ৰ বিলোৱাৰ যুক্তি নাই" ।

সংবাদমেলৰ পৰাই নিযুক্তিৰ ক্ষেত্ৰত অভাৰলেপিঙৰ সমস্যা সমাধানৰ আহ্বান জনালে চৰকাৰক । নিবনুৱাক গিনিপিগ সজাই নিৰ্বাচনী প্ৰচাৰ নচলাবলৈ আহ্বান কৰে তেওঁলোকে বিজেপিক ।

লগতে পঢ়ক : Helping hand: বিহু নচা ধনেৰে দৰিদ্ৰ শিক্ষাৰ্থীক সহায়ৰ ইচ্ছা অম্লান, অভিজিৎ, দৃষ্টিহঁতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.