ETV Bharat / state

পুৱাই মা কামাখ্যাৰ আশিস ল’লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 1:02 PM IST

Updated : Jan 10, 2024, 1:26 PM IST

JP Nadda visits Kamakhya : মঙলবাৰে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ তাৰ পাচত বুধবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷

BJP Chief JP Nadda visits Maa Kamakhya Temple
কামাখ্যা মন্দিৰ দৰ্শন কৰিলে জে পি নাড্ডাই

গুৱাহাটী, ১০ জানুৱাৰী : মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ বুধবাৰে পুৱাই তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰে । তেওঁ মন্দিৰ দৰ্শনত সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেবাগৰাকীও জ্যেষ্ঠ বিষয়াই । কামাখ্যা দেৱীৰ আশিস গ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী পুনৰ কইনাধাৰাস্থিত অতিথিশালালৈ উভতি যায় ।

উল্লেখ্য যে মঙলবাৰে নিশা ১০ বজাত জে পি নাড্ডা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । বৰঝাৰ বিমান বন্দৰত সভাপতিগৰাকীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই । সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলীয় আলোচনা কৰাৰ উদ্দেশ্যৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী অসমলৈ আহিছে বুলি জানিব পৰা গৈছে ৷

মঙলবাৰে নিশাটো কইনাধাৰাস্থিত অতিথিশালাত কটায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে । আজি অৰ্থাৎ বুধবাৰে দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব তেওঁ । তেওঁক খানাপাৰাৰ পৰা কলাক্ষেত্ৰলৈ যোৱাৰ সমগ্ৰ পথচোৱাত প্ৰায় দহ হাজাৰ দলীয় কাৰ্যকৰ্তা উপস্থিত থাকি উষ্ম আদৰণি জনাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে ।

তেওঁ আজি সন্ধিয়া ৬.৩০ বজাত বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত দলৰ এখন গুৰুত্বপূৰ্ণ সভাতো অংশগ্ৰহণ কৰিব । তাৰ পাচত নিশা কইনাধাৰাস্থিত অতিথিশালাত অতিবাহিত কৰি ১১ জানুৱাৰীৰ পুৱা ৯ বজাত দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্য ইটানগৰ অভিমুখে ৰাওনা হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ।

উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় উপসভাপতি বৈজন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ লগতে সমূহ কাৰ্যনিৰ্বাহক উপস্থিত থাকিব ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আহিব জে পি নাড্ডা

Last Updated : Jan 10, 2024, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.