গুৱাহাটী, 21 নৱেম্বৰ: শুকুৰবাৰৰ দিনটো ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ দিন হ'ব বুলি ৰাজনৈতিক মহল একপ্ৰকাৰ নিশ্চিত আছিল ৷ কিয়নো, দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে বি পি এফৰে মিত্ৰতা ভংগৰ প্ৰস্তাৱ লৈ অমিত শ্বাহ আৰু দলৰ সভাপতি জে পি নাড্ডাক শুকুৰবাৰে দিল্লীত সাক্ষাৎ কৰিছিল ৷ দীৰ্ঘ সময়জুৰি দিল্লীত বিজেপি নেতৃত্বৰ আলোচনা চলিছিল ৷ সেই আলোচনাত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ শইকীয়াও ৷ কিন্তু ৰাজ্যৰ ৰাজনৈতিক মহলত চলি থকা সকলো চৰ্চাক নস্যাৎ কৰি অমিত শ্বাহ আৰু নাড্ডাই বিজেপিৰ ৰাজ্যিক নেতৃত্বক জনাই দিলে যে, বি পি এফৰে মিত্ৰতা এতিয়াই ভংগ কৰা নহব ৷ অন্ততঃ বি টি আৰৰ নিৰ্বাচন শেষ নোহোৱালৈকে দুয়ো দলৰ মিত্ৰতা বাহাল থাকিব বুলি প্ৰকাশ কৰিলে অমিত শ্বাহ আৰু নাড্ডাই ৷ কিন্তু কিয় এই সিদ্ধান্ত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ? এই প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলৰ মাজত৷
বিজেপিৰ শীৰ্ষ নেতৃত্বই লোৱা এই সিদ্ধান্তই এটা কথা স্পষ্ট কৰিলে যে মিত্ৰতা ভংগৰ বিষয়টো ড৹ হিমন্তবিশ্ব শৰ্মা বা ৰঞ্জিৎ দাসে কৈ থকাৰ দৰে নহয় ৷ বি টি আৰত বিজেপিয়ে অকলেই পৰিষদ গঠন কৰিব বুলি কৰা দাবীও যে এশ শতাংশ ফলিয়াব তাক লৈও নিশ্চিত নহয় বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব ৷ সেয়েহে অন্ততঃ বি টি আৰৰ ফলাফল নোচোৱাকৈ বিজেপিয়ে ততাতৈয়াকৈ কোনো সিদ্ধান্ত লব খোজা নাই ৷ বিজেপিৰ এক শীৰ্ষ সুত্ৰই জনোৱা মতে বি টি আৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত বি পি এফৰ বিৰুদ্ধে অতিমাত্ৰা আক্ৰমনাত্মক নহবলৈও বিজেপিৰ ৰাজ্যিক নেতৃত্বক ইতিমধ্যে পৰামৰ্শ দিছে অমিত শ্বাহ আৰু সভাপতি নাড্ডাই ৷
লগতে পঢ়কঃ বিপিএফৰ পাছত গণ শক্তিক বিদায় বিজেপিৰ