গুৱাহাটী , 12 ফেব্ৰুৱাৰী : মঙলবাৰে ঘোষণা কৰা হ'ল চলিত বৰ্ষৰ পৰাগ কুমাৰ দাস সোঁৱৰণি বঁটা ৷ চলিত বৰ্ষত এই বঁটা লাভ কৰিব দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাই । গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই বঁটাৰ কথা ঘোষণা কৰে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই । উল্লেখ্য যে এই মঞ্চই বিগত কেইবাবছৰ ধৰি ৰাজ্যৰ বহু কেইজন ব্যক্তিক প্ৰদান কৰি আহিছে এই বঁটা । 24 ফেব্ৰুৱাৰীত এক অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাক এই বঁটা প্ৰদান কৰিব প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাই আৰু অনুষ্ঠানটো সঞ্চালনা কৰিব বিশিষ্ট শিক্ষাবিদ উদ্দীপনা বৰ্মনে ৷ এই বঁটাত থাকিব সম্বৰ্ধনা পত্ৰ, স্মাৰক পত্ৰ আৰু নগদ 25 হাজাৰ টকা ।
আৰু পঢ়ক : অভিজিত শৰ্মা মজুমদাৰ হত্যাকাণ্ডঃ গ্ৰেপ্তাৰ আন দুই অভিযুক্ত