গুৱাহাটী,২০ মাৰ্চ: কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৪ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বি টি চি নিৰ্বাচনৰ তাৰিখ অনিৰ্দিষ্ট কাললৈ পিছুওৱা হৈছে ৷ কিন্তু নিৰ্বাচন সময়মতেই অনুষ্ঠিত হোৱাটো বিচাৰিছিল বি পি এফে । দলটোৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আজি কয় যে,প্ৰয়োজনত সকলো ৰাজনৈতিক দলে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচাৰ অভিযান বন্ধ ৰাখক। কিন্তু নিৰ্বাচন সময়মতেই অনুষ্ঠিত হোৱাটো ভাল। সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতা সান্ধ্য আইনৰ প্ৰতি সকলোকে সঁহাৰি জনাবলৈও অনুৰোধ জনায়।
লগতে পঢ়ক : পিছুওৱা হ'ল বিটিআৰ নিৰ্বাচন