ETV Bharat / state

জন্মদিন বিশেষ : সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ বিষয়ে কিছু কথা - জন্মদিন

আজি ‘The Assam Tribune’ বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা তথা ক্ৰীড়া সংগঠক ৰাধা গোবিন্দ বৰুৱা(Radha Govinda Baruah)ৰ ওপজা দিন ৷ অসমীয়াৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ‘আধুনিক অসমৰ স্থপতিবিদ’ (The Architect of Modern Assam) হিচাপে সন্মানিত কৰা হয় ৷

birth-anniversary-of-radha-govinda-baruah
ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন
author img

By

Published : Oct 17, 2021, 10:24 AM IST

নিউজ ডেস্ক, 17 অক্টোবৰ : ‘The Assam Tribune’ বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা ৰাধা গোবিন্দ বৰুৱা(Radha Govinda Baruah)ৰ আজি জন্মদিন ৷ 1900 চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰা ৰাধা গোবিন্দ বৰুৱাই 1939 চনত ‘দ্যা আসাম ট্ৰিবিউন’(The Assam Tribune)ৰ জন্ম দিছিল ৷

The Assam Tribune
পুৰণি দ্যা আসাম ট্ৰিবিউন কাকত

পৰৱৰ্তী সময়ত তেওঁৰ তত্বাৱধানত 1965 চনত অসমীয়া বাতৰি কাকত ‘দৈনিক অসম’(Dainik Asam) আৰু সাপ্তাহিক কাকত ‘অসম বাণী’(Asom Bani)য়ে প্ৰতিষ্ঠা লাভ কৰে ৷ সংবাদ মাধ্যমৰ উপৰিও এগৰাকী ক্ৰীড়া সংগঠক হিচাপে কাম কৰিছিল ৰাধা গোবিন্দ বৰুৱাই ৷ তেওঁ এটা দশকজুৰি ‘অসম ক্ৰিকেট সন্থা’(Assam Cricket Association)ৰ সভাপতি পদত অধিষ্ঠিত আছিল ৷

the head office of The Assam Tribune
The Assam Tribune ৰ মুখ্য় কাৰ্যালয় চৌহদ

তদুপৰি ‘গুৱাহাটী আন্তঃষ্টেডিয়াম’, ‘অসম সংগীত সন্মিলনী’ আৰু ’গুৱাহাটী উৰণ সংঘ’ৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল বৰুৱাই ৷ এগৰাকী সমাজ সেৱক ৰূপেও তেওঁ অসমীয়া সমাজত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে ৷ আনহাতে, অসমীয়াৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে গুৱাহাটীৰ এখন মহাবিদ্যালয় ‘ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়’ নামেৰে নামাকৰণ কৰা হয় ৷

the head office of The Assam Tribune
The Assam Tribune ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখভাগ

ইয়াৰোপৰি, ৰাধা গোবিন্দ বৰুৱাক ‘আধুনিক অসমৰ স্থপতিবিদ’ (The Architect of Modern Assam) বুলিও জনা যায় ৷ অসমবাসীৰ শৈক্ষিক প্ৰয়োজনীয়তাবোৰ উপলব্ধি কৰাত সহায়ক হিচাপে কাম কৰিছিল ৰাধা গোবিন্দ বৰুৱাই ৷

radha govinda baruah in postage stamp
ডাক টিকটত ৰাধা গোবিন্দ বৰুৱা

2000 চনত অসমৰ ‘Lion Man’ খ্যাত ৰাধাগোবিন্দ বৰুৱাক মৰণোত্তৰভাৱে এক ডাক টিকটেৰে সন্মানিত কৰা হৈছিল, যিটো জগলাল চৌধুৰী, বিজয়া লক্ষ্মী পণ্ডিত আৰু দিৱান বাহাদুৰ আৰ শ্ৰীনিৱাসনৰ সৈতে ‘‘Great Leaders : Social and Political’’ শীৰ্ষক শৃংখলাৰ অংশ আছিল ৷

লগতে পঢ়ক : ৰাজহুৱা সভাৰ জৰিয়তে অন্ত পৰিল ফিল'বাৰীৰ বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.