গুৱাহাটী,১১ নৱেম্বৰ : অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল কৰা হৈছে (Reshuffle in Assam Police)। শুকুৰবাৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ এ পি এছ পৰ্যায়ত বৃহৎ সাল-সলনি ঘটায় (Big reshuffle in Assam police in APS level)। ৪৩ গৰাকী বিষয়াৰ সাল-সলনি কৰাৰ লগতে পদোন্নতি দিয়া হৈছে ।

সেই অনুসৰি ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োক হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Hailakandi new ASP) হিচাপে বদলি কৰা হৈছে । তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিক চি আই ডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (CID ASP) হিচাপে বদলি কৰা হৈছে । গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি পল্লৱ তামুলীক হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি (ছিকিউৰিটি আৰু ইন্টেলিজেন্স) মৌচুমী কলিতাক যান-বাহন শাখাৰ এডিচিপি হিচাপে বদলি কৰা হৈছে ।

আনহাতে, ডিব্ৰুগড়ৰ ডি এছ পি ঐশ্বৰ্য জীৱন বৰুৱাক পদোন্নতিসহ ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, কাছাৰৰ ডি এছ পি কল্যাণ কুমাৰ দাসক পদোন্নতিসহ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নৱম অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক ছাহজাহান সৰকাৰক পদোন্নতিসহ যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, দশম অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক জুপী বৰদলৈক একে ঠাইতে দ্বিতীয় অধিনায়ক হিচাপে পদোন্নতি দিয়া হৈছে ।

সেইদৰে শদিয়াৰ ডি এছ পি বিভাস দাসক পদোন্নতিসহ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Bibhas Das is ASP of Tinsukia with promotion), বাক্সা শালবাৰীৰ ডি এছ পি সমীৰণ বৈশ্যক পদোন্নতিসহ মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উত্তৰ শালমাৰাৰ এছ ডি পি অ' নিতুমণি দাসক বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, গুৱাহাটী সোণাপুৰৰ এচিপি সুকন্যা দাসক পদোন্নতিসহ গুৱাহাটীৰ এচিপি, দেৰগাঁৱৰ পুলিচ ট্ৰেইনিং কলেজৰ সহকাৰী অধ্যক্ষ ৰাজশ্ৰী ধনদিয়াক পদোন্নতিসহ শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, হোজাইৰ ডি এছ পি ৰ’জী তালুকদাৰক পদোন্নতিসহ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, চতুৰ্থ অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক ফাৰুক আহমেদক দক্ষিণ শালমাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়া হৈছে ।

ওদালগুৰিৰ ভেৰগাঁৱৰ এছ ডি পি অ' জ্যোতি প্ৰসাদ দাসক পদোন্নতিসহ ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, এছ বিৰ ডি এছ পি ৰিতুৰাজ দলেক পদোন্নতিসহ গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, তামুলপুৰৰ এছ ডি পি অ' ৰূপজ্যোতি কলিতাক পদোন্নতিসহ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, চতুৰ্থ অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক অমিতৰাজ চৌধুৰীক পদোন্নতিসহ কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, ডিমা হাচাওৰ এছ ডি পি অ' অনল জ্যোতি দাসক পদোন্নতিসহ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, কামৰূপৰ ডি এছ পি কল্যাণ কুমাৰ পাঠকক পদোন্নতিসহ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি, কোকৰাঝাৰৰ এছ ডি পি অ' নৱনিতা শৰ্মাক পদোন্নতিসহ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব দিয়া হৈছে ।

যোৰহাটৰ তিতাবৰৰ এছ ডি পি অ' মৈত্রেয়ী ডেকাক পদোন্নতিসহ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি, গোলাঘাটৰ বোকাখাতৰ এছ ডি পি অ' অনিতা হাজৰিকাক পদোন্নতিসহ গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, এছ বিৰ ডি এছ পি প্ৰদীপ ভট্টাচাৰ্যক পদোন্নতিসহ মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, এছ বিৰ ডি এছ পি বৰ্ণালী ডেকাক পদোন্নতিসহ অতিৰিক্ত আৰক্ষী অধীক্ষক, নগাঁৱৰ কলিয়াবৰৰ এছ ডি পি অ' মৃন্ময় দাসক পদোন্নতিসহ গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, গুৱাহাটীৰ আজাৰাৰ এচিপি নন্দিতা কাকতিক পদোন্নতিসহ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি, হামৰেণৰ ডি এছ পি নয়নমণি বৰ্মনক কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, গুৱাহাটীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ ডি এছ পি মুজ্জাফৰ হুচেইনক একে ঠাইতে অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়া হৈছে ।

ধুবুৰীৰ ডি এছ পি বিকাশ বৰা ভূঞাক পদোন্নতিসহ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, গুৱাহাটী চানমাৰিৰ এচিপি কংকন কুমাৰ নাথক পদোন্নতিসহ কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰৰ ডি এছ পি ৰুণা নেওগক লখিমপুৰৰে অতিৰিক্ত আৰক্ষী অধীক্ষক, ধুবুৰী বিলাসীপাৰাৰ ডি এছ পি বিৰিঞ্চি বৰাক পদোন্নতিসহ শোণিতপুৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

সেইদৰে কাহিলীপাৰাৰ এছ বিৰ ডি এছ পি ৰুমীৰ টিমুঙপীক পদোন্নতিসহ অতিৰিক্ত আৰক্ষী অধীক্ষক, গুৱাহাটী পুলিচ কমিছনাৰেটৰ এচিপি কাকলি বি বৰুৱাক পদোন্নতিসহ পশ্চিম মণ্ডলৰ এডিচিপি, চৰাইদেউৰ ডি এছ পি অনিতা কোঁৱৰক চৰাইদেউতে পদোন্নতিসহ অতিৰিক্ত আৰক্ষী অধীক্ষক, নগাঁৱৰ ডি এছ পি ত্ৰিদিৱ প্ৰীতম কুম্বাঙক নগাঁৱতে পদোন্নতিসহ অতিৰিক্ত আৰক্ষী অধীক্ষক, গহপুৰৰ এছ ডি পি অ' অমিত কুমাৰ হোজাইক পদোন্নতিসহ বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, কোকৰাঝাৰ ডি এছ পি পুনম পেগুক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, দক্ষিণ শালমৰাৰ ডি এছ পি এছ চাংছনক পদোন্নতিসহ কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, ধুবুৰীৰ ডি এছ পি দিপ্তী মালীক পদোন্নতিসহ ধুবুৰীতে অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু গুৱাহাটী পুলিচ কমিছনাৰেটৰ এচিপি (ট্ৰেফিক) মনোজ কুমাৰ লহকৰক হাইলাকান্দিৰ ডি এছ পি হিচাপে বদলি কৰা হৈছে ।
লগতে পঢ়ক :Mission Basundhara 2: ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰাৰ বিশেষ পদক্ষেপ চৰকাৰৰ