ETV Bharat / state

দিছপুৰৰ বৰঘৰত চোৰৰ টিঘিলঘিলনী - বিধায়ক আৱাস

ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ আৱাসৰ পৰা চুৰি হৈছে পুত্ৰৰ চাইকেল । ধাৰাবাহিকভাৱে তিনিটা চুৰি কাণ্ড সংঘটিত হ'ল বিধায়ক আবাসত । সঘনাই ঘটিব ধৰা এই ধৰণৰ চুৰিৰ ঘটনাই বিধায়ক আৱাসৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ।

bicycle-theft-from-dispur-mlas-residence
দিছপুৰৰ বৰঘৰত চোৰৰ দপদপনি
author img

By

Published : Aug 25, 2021, 6:29 PM IST

গুৱাহাটী, ২৫ আগষ্ট : ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা দিছপুৰৰ বৰঘৰত এতিয়া চোৰৰ টিঘিলঘিলনী । চৌদিশে সকলো সময়তে নিৰাপত্তাৰক্ষী নিয়োজিত হৈ থকা দিছপুৰৰ বিধায়ক আৱাসৰ পৰা পুনৰ এখন চাইকেল চুৰি হোৱা ঘটনা পোহৰলৈ আহিছে । এইবাৰ ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ আৱাসৰ পৰা চুৰি হৈছে পুত্ৰৰ চাইকেল । মঙলবাৰে নিশা সংঘটিত হয় এই চুৰিৰ ঘটনা ।

জানিব পৰা মতে তিনিদিন পূৰ্বে বিধায়ক ফুকনে নিজৰ পুত্ৰৰ বাবে ক্ৰয় কৰি অনা চাইকেলখন বিধায়কৰ নতুন আৱাসৰ পৰা চুৰি হয় । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও চুৰিকাৰ্যৰ কোনো তথ্য লাভ কৰা নাই । উল্লেখ্য যে কিছুদিন পূৰ্বে বিধায়ক মৃণাল শইকীয়াৰো বিধায়ক আৱাসৰ পৰা চুৰি হৈছিল এখন চাইকেল । অৱশ্যে পাছত চাইকেলখন চুৰি হোৱা স্থানতে উদ্ধাৰ হয় ।

লগতে পঢ়কঃ সাতগাঁৱত ৬৬ লাখ টকীয়া পানী যোগান প্ৰকল্পত লাগিছে মামৰ

ইয়াৰ পূৰ্বে বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে দিছপুৰৰ পৰা চুৰি হৈছি বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ইনোভা বাহন । পিছত বাহনখন বোকাখাতত উদ্ধাৰ হৈছিল । ৰাজ্যৰ ভিতৰতে অতিকৈ সুৰক্ষিত বুলি বিবেচিত ৰাজধানী চৌহদত থকা বিধায়ক আবাসত হ'ব এনেদৰে সংঘটিত হৈছে ইটোৰ পিছত সিটো চুৰি কাণ্ড ।

ধাৰাবাহিকভাবে তিনিটা চুৰি কাণ্ড সংঘটিত হ'ল বিধায়ক আবাসত । সঘনাই ঘটিব ধৰা এই ধৰণৰ চুৰিৰ ঘটনাই বিধায়ক আৱাসৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে । যদি দিছপুৰৰ বৰঘৰৰে নিৰাপত্তা নাথাকে তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা কি দৰে হ'ব । স্বাভাৱিকতেই এই প্ৰশ্নৰ উত্থাপন হৈছে ।

লগতে পঢ়কঃ জাৰ্মানীত পিজ্জা ডেলিভাৰী বয়ৰ ৰূপত আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.