গুৱাহাটী,3 আগষ্ট: শেহতীয়াকৈ ভূটানৰ নৃপতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছে এক পত্ৰ ৷ লক ডাউনৰ সময়ছোৱাত অসমে গ্ৰহণ কৰা ইতিবাচক ভূমিকাক শলাগি উল্লেখ কৰা হৈছে এই পত্ৰত ৷ এই পত্ৰই প্ৰমাণ কৰিছে অসমৰ সৈতে চুবুৰীয়া ৰাজ্য ভূটানৰ সুমধুৰ সম্পৰ্কৰ কথা ৷ ভূটান আৰু পূব ভাৰতৰ চাৰি ৰাজ্য ক্ৰমে পশ্চিমবংগ, ছিকিম, অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্ক তেনেই পুৰণি ৷ প্ৰাক স্বাধীনোত্তৰ কালছোৱাত উত্তৰ অসমৰ এক বৃহৎ ভূ-সম্পদৰ ওপৰত ৰাজত্ব কৰিছিল ভূটানৰ ৰজাই ৷ আনকি স্বাধীনতাৰ পিছতো অসম-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ কৃষকে কৃষি ভূমিৰ খাজনা আদায় দিছিল ভূটানৰ নৃপতিক ৷
অসমৰ বৰপেটা, কোকৰাঝাৰ, ওদালগুৰি আদিৰ এক বুজন সংখ্যক লোকৰ ব্যবসায়স্থলী হৈছে ভূটান । ৰাষ্ট্ৰখনৰ ৰাজধানী থিম্ফুৰ ছান্দ্ৰুপজংখাৰ, পাৰো, ফুলছিলিং আদি অঞ্চলত ব্যবসায়িক আধিপত্য আজি পৰ্যন্ত অব্যাহত ৰাখিছে অসম আৰু বংগৰ নাগৰিকে । তামুলপুৰৰ এগৰাকী বিশিষ্ট কৃষক তথা অসম কৃষক সংঘৰ সভাপতি সত্যৰঞ্জন দাসৰ মতে অসম সীমান্তৰ কৃষকে উৎপাদন কৰা কৃষিৰ ওপৰতে ভূটানৰ জনতাৰ খাদ্যৰ চাহিদা পূৰণ হয় । মন কৰিবলগীয়া, 1949 চনৰ 8 আগষ্টত দুই দেশৰ মাজত এক বন্ধুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছিল যদিও ভাৰত-ভূটানৰ সহযোগিতা তথা কূটনৈতিক সম্পৰ্কৰ ইতিহাস আৰম্ভ হৈছে 1968 চনৰ পৰাহে । ইয়াৰ আগলৈকে ছিকিমত থকা এটা কাৰ্যালয়ৰ পৰা ৰাজনৈতিক বিভাগৰ বিষয়াই এই সম্পৰ্কৰ যোগসূত্ৰ ধৰি ৰাখিছিল । পৰৱৰ্তী সময়ত দূতাবাসৰ দ্বাৰা দুই ৰাষ্ট্ৰৰ মাজত সংযোগ স্থাপিত হয় ।
![Bhutan Bharat relationship special news Etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8281608_img.jpg)
নব্বৈৰ দশকৰ শেষাংশত ভূটান চৰকাৰে ৰাষ্ট্ৰখনৰ ভূমিত অসম আৰু বংগৰ ক্ৰমে আলফা, বিএলটি, এনডিএফবি, কমতাপুৰ লিবাৰেচন আৰ্মী আদিকে ধৰি কেইটামান সশস্ত্ৰ সংগঠন শিবিৰ স্থাপন কৰিব দিয়াক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰৰ মাজত অৱনতি ঘটিছিল সম্পৰ্কৰ ৷ কিন্তু দিল্লীত এনডিএ চৰকাৰে গাদীত থকাৰ সময়তে ভূটান নৃপতিয়ে এই সম্পৰ্ক উন্নত কৰাৰ বাবে তৎপৰ হৈ উঠে ৷ ইয়াৰ অংশ হিচাপে 2003 চনৰ ডিচেম্বৰ মাহত ভূটানৰ পৰা বিদ্ৰোহী সংগঠন উৎখাত কৰাৰ বাবে দুয়ো ৰাষ্ট্ৰই আৰম্ভ কৰে অপাৰেচন অল ক্লিয়েৰ ৷ এই অভিযানে সফলতা লাভ কৰাৰ পিছতে ভাৰত চৰকাৰে ভূটানৰ বাৰ্ষিক বিত্তীয় বাজেটত বিত্তীয় সহযোগৰ পৰিমাণ বৃদ্ধি কৰে ৷ 2005 চনত দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ ডঃ মনমোহন সিঙে জলবিদ্যুৎ উৎপাদন প্ৰকল্প নিৰ্মাণৰ বাবে ভূটানলৈ 5000 কোটি টকাৰ বিনিয়োগ ঘোষণা কৰে । উল্লেখ্য যে,2014 চনত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে ভূটানক নিৰ্বাচন কৰে ৷ এই ভ্ৰমণে শেহতীয়া পাঁচ বছৰত ভাৰত-ভূটানৰ বিনিয়োগ আৰু সুৰক্ষাজনিত বিষয়সমূহ ইতিবাচক দিশেৰে আগবঢ়াই অনাত সহায় কৰিছে । ভাৰতৰ প্ৰত্যক্ষ সহযোগত আৰম্ভ হোৱা গণতান্ত্ৰিক শাসন ব্যৱস্থাই অইন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কক উৎসাহিত কৰাও পৰিলক্ষিত হৈছে । ভাৰত-ভূটানৰ মাজত গাঢ় হোৱা এই সম্পৰ্কই অধিক তাৎপৰ্য বহন কৰিছে নেপালৰ প্ৰতি ৷ বিগত সময়ছোৱাত ভাৰতৰ তিনিখন গাঁও নেপালৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰাৰ সন্দৰ্ভত সম্পৰ্কৰ অৱনতি ঘটিছিল ভাৰত-নেপালৰ মাজত ৷
লগতে চাওকঃ নলবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস: প্ৰত্যুত্তৰ দিলে বিজেপিয়ে