ETV Bharat / state

ভিক্টৰক সাক্ষাৎ কৰাত বাধা: আদালতৰ অনুমতি লৈ সাক্ষাৎ কৰিব ভূপেন বৰাই - APCC president slams Assam DGP

নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন চলাৰ অভিযোগ অনা ভিক্টৰ দাসক গ্ৰেপ্তাৰ (Victor Das arrested)। পাণবজাৰ থানাত ভিক্টৰক সাক্ষাতৰ বাবে যোৱা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আৰক্ষীৰ বাধা । অসম আৰক্ষী, মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ । আদালতৰ অনুমতি লৈ সোমবাৰে ভিক্টৰক সাক্ষাৎ কৰিব ।

Bhupen
আদালতৰ অনুমতি লৈ সাক্ষাৎ কৰিব ভূপেন বৰাই
author img

By

Published : Sep 11, 2022, 2:03 PM IST

Updated : Sep 11, 2022, 4:41 PM IST

গুৱাহাটী,১১ ছেপ্টেম্বৰ : শেহতীয়াকৈ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তি পৰীক্ষাত ধনৰ লেনদেন সম্পৰ্কে এক বিতৰ্ক আৰম্ভ হৈছে (Assam recruitment scam allegation)। সামাজিক মাধ্যমযোগে ধনৰ লেনদেনৰ অভিযোগ অনা ভিক্টৰ দাস নামৰ যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Victor Das arrested)। কিন্তু ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ লগে লগে ৰাজ্যৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কেলেংকাৰীৰ অভিযোগ অনা ভিক্টৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ভিক্টৰৰ পক্ষত থাকি বিভিন্ন বিৰোধী নেতাই চৰকাৰক তীব্ৰ সমালোচনাও কৰা দেখা গৈছে । কংগ্ৰেছ দলেও তীব্ৰ সমালোচনা কৰিছে অসম আৰক্ষী লগতে বিজেপি নেতৃত্বাধীন চৰকাৰক ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ অভিযোগ, "চাকৰি দিয়াৰ নামত তামোল এখনো নাখাও বুলি কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি টকা সংগ্ৰহ কৰিছে ।" চাকৰিৰ আবেদনৰ নামতে চৰকাৰে ৭১ কোটি ৫২ লাখ ৬৫ হাজাৰ টকা সংগ্ৰহ কৰিছে বুলি সভাপতিগৰাকীয়ে অভিযোগ কৰে । সেই টকাৰে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ ঘূৰি থকা বুলিও তীব্ৰ ভাষাৰে সমালোচনা কৰে ভূপেন বৰাই ।

আদালতৰ অনুমতি লৈ সাক্ষাৎ কৰিব ভূপেন বৰাই

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয় যে সৰ্বানন্দ সোণোৱালে দুৰ্নীতি নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু সেই সৰ্বানন্দই ৰাজপাট বেলেগক গতাই সাগৰৰ পাৰত হাৱা খাই আছে বুলিও তেওঁ অভিযোগ কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি জালুকবাৰীৰ যুৱক আৰক্ষীৰ কাষত থকাৰ পাছতো কিয় সমষ্টিৰ যুৱক ভিক্টৰক এবাৰ মুখামুখিকৈ সাক্ষাৎ কৰিবলৈ নাহে মুখ্যমন্ত্ৰী (Bhupen Bora slams Assam govt on recruitment scam)। ভূপেন বৰাৰ অভিযোগ- জালুকবাৰীৰ পৰাই দুৰ্নীতি আৰম্ভ হৈছে । এই দুৰ্নীতিত মুখ্যমন্ত্ৰীগৰাকী পূৰ্বৰে পৰা জড়িত হৈ আছে বুলি অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

কথাৰ প্ৰসংগত ভূপেন বৰাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো কঠোৰ সমালোচনা কৰে (APCC president slams Assam DGP)। পিঠি ফালি দিম বুলি কোৱা DGP এতিয়া ক'ত বুলি তেওঁ প্ৰশ্ন কৰে । ভিক্টৰৰ অভিযোগ কিয় সঠিকভাৱে আৰক্ষীয়ে তদন্ত নকৰিলে তাৰো উত্তৰ বিচাৰিলে ভূপেন বৰাই । ইফালে কংগ্ৰেছ সদায় ভিক্টৰৰ পক্ষত আছে আৰু ভিক্টৰে নকলেও যিকোনো প্ৰয়োজনত তেওঁৰ কাষত কংগ্ৰেছ দল থাকিব বুলি ভূপেন বৰাই ঘোষণা কৰে । কেৱল এয়াই নহয় ভূপেন বৰাই উল্লেখ কৰা মতে ভিক্টৰক আইনী যুঁজতো কংগ্ৰেছে সহায় কৰিব ।

উল্লেখ্য যে আৰক্ষীয়ে জেৰা চলাই থকা ভিক্টৰক সাক্ষাৎ কৰিবলৈ দেওবাৰে পাণবজাৰ থানাত উপস্থিত হয় প্ৰদেশ কংগ্ৰছেৰ সভাপতি ভূপেন বৰা । কিন্তু ভিক্টৰক সাক্ষাতৰ অনুমতি নিদিলে আৰক্ষীয়ে । তাৰ পাছতে ভূপেন বৰাই সংবাদমাধ্যমৰ আগত চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰে । ভূপেন বৰাই উল্লেখ কৰা মতে আদালতৰ অনুমতি লৈ তেওঁ ভিক্টৰক সাক্ষাৎ কৰিবলৈ আহিব আৰু সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁ ভিক্টৰৰ লগত মুখামুখিকৈ কথা পাতিব ।

লগতে পঢ়ক :ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ বিৰোধিতা পলাশ চাংমাইৰ

Last Updated : Sep 11, 2022, 4:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.