ETV Bharat / state

বিজেপি কাৰ্যকৰ্তাৰ পিএছঅ' প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি আবেদন ভৱেশ কলিতাৰ

author img

By

Published : Jan 9, 2022, 8:41 AM IST

নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানক প্ৰশংসনীয় আৰু দূৰদৰ্শী চিন্তাৰে পৰিপুষ্ট আখ্যা দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita supports CM for withdrawal PSO) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যত আস্থা আৰু নিৰাপত্তাৰ এক নতুন পৰিৱেশ গঢ়িছে, এই মন্তব্য দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita on withdrawal PSO) ৷

Bhabesh Kalita appeals to CM for withdraw PSO of BJP Workers
পি এছ অ’ প্ৰত্যাহাৰৰ আহ্বান ভৱেশ কলিতাৰ

গুৱাহাটী, 9 জ‍ানুৱাৰী : ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী তথা পি এছ অ’ প্ৰত্যাহাৰ কৰাৰ বাবে আবেদন জনাইছে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita appeals to CM for withdrawal PSO) ৷ এই সন্দৰ্ভত সভাপতি কলিতাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিলে পত্ৰ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা আহ্বানক প্ৰশংসনীয় আৰু দূৰদৰ্শী চিন্তাৰে পৰিপুষ্ট আখ্যা দিছে কলিতাই (Bhabesh Kalita on withdrawal PSO) ৷

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ ভাৰতীয় জনতা পাৰ্টীক ত্যাগ আৰু সমৰ্পণৰ ওপৰত প্ৰতিষ্ঠিত ৰাজনৈতিক দল বুলি আখ্যা দিছে ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ চৰকাৰে ৰাজ্যত আস্থা আৰু নিৰাপত্তাৰ এক নতুন পৰিৱেশ গঢ়ি তোলা বুলিও উল্লেখ কৰিছে কলিতাই ৷

পত্ৰখনত তেওঁ বিগত 25 ডিচেম্বৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই দলটোৰ কাৰ্যকৰ্তাৰ লগত থকা পি এছ অ’ প্ৰত্যাহাৰ কৰিবলৈ দলৰ ফালৰ পৰা আহ্বান জনাইছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই পত্ৰ দিয়াৰ সময়ত ভৱেশ কলিতাৰ লগত উপস্থিত আছিল তেজপুৰৰ সাংসদ পল্লৱলোচন দাস ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰাৰ লগতে ফটো শ্বেয়াৰ কৰিছে ৷

লগতে পঢ়ক : শীঘ্ৰেই প্ৰকাশ পাব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ 'মুখ্যমন্ত্ৰীৰ ডায়েৰী'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.