ETV Bharat / state

18 সংখ্যক মৃত্যু বাৰ্ষিকীত ড৹ ভবেন্দ্ৰ নাথ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি - bhabendranath saikia

আজি অসমৰ প্ৰখ্যাত সাহিত্যিক, বোলছবি নিৰ্মাতা, নাট্যকাৰ, পৰিচালক তথা অধ্যাপক ড৹ ভবেন্দ্ৰ নাথ শইকীয়া(Dr. Bhabendra Nath Saikia)ৰ 18 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁও চহৰত জন্মলাভ কৰা শইকীয়াই বহু অমূল্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ গৈছে ৷

bhabendranath saikia death anniversary
ড৹ ভবেন্দ্ৰনাথ শইকীয়া
author img

By

Published : Aug 13, 2021, 9:17 AM IST

নিউজ ডেস্ক, 13 আগষ্ট : অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, বোলছবি নিৰ্মাতা, নাট্যকাৰ, পৰিচালক তথা অধ্যাপক ড৹ ভবেন্দ্ৰ নাথ শইকীয়া(Dr. Bhabendra Nath Saikia)ৰ আজি 18 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা বহুমুখী প্ৰতিভাৰ গৰাকী শইকীয়াই কবিতা, গল্প, নাটক, শিশু সাহিত্য, উপন্যাস, প্ৰবন্ধ আদিকে ধৰি বহু অৱদানেৰে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ গৈছে ৷

1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁও চহৰত ড৹ ভবেন্দ্ৰনাথ শইকীয়াই জন্মলাভ কৰিছিল ৷ তেওঁৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাতৃৰ নাম আছিল চম্পাৱালা শইকীয়া ৷ সত্যপ্ৰিয় পাঠক, সঞ্চয়, সুনীতি আদি বহু ছদ্মনামেৰে একাধিক ৰচনা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ যোৱা শইকীয়াই আজিৰ দিনটোতে অৰ্থাৎ ২০০৩ চনৰ ১৩ আগষ্টত ইহ সংসাৰ ত্যাগ কৰে ৷

ৰেডিঅ' নাট, একাংকিকা নাট আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰাৰ উপৰিও আঠখনকৈ অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰা শইকীয়াই সাতখন ছবিৰ বাবে ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল ৷

অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক ভবেন্দ্ৰ নাথ শইকীয়াই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা লাভ কৰিছিল ৷ 1990 চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাৰ লগতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল ৷

ড৹ শইকীয়াৰ ৰচনাৰাজিৰ ভিতৰত দীনবন্ধু, গহ্বৰ, এজাক জোনাকীৰ জিলমিল, সেন্দূৰ, শৃংখল, অন্তৰীপ, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি আদি আজিও একক আৰু অনন্য ৷ সন্ধ্যাৰাগ কথাছবিখনেৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে ৷ ইয়াৰ পাচতে শইকীয়াই অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা আদি ছবিকেইখন পৰিচালনা কৰে ৷

এই মহান সাহিত্যিক গৰাকীৰ 18 সংখ্যক মৃত্যু বাৰ্ষিকীত ইটিভি ভাৰতৰ ফালৰ পৰাও একাঁজলি শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক: লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.