ETV Bharat / state

বিজেপি চৰকাৰক তীব্ৰ সমলোচনা ভাৰতীয় গণ পৰিষদৰ - ভাৰতীয় গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক সুকান্ত মজুমদাৰ

২০১৬ চনত জাতি-মাটি-ভেঁটি ৰক্ষা কৰিবলৈ সোণোৱাল চৰকাৰে মচনদ দখল কৰিলে । তাৰ পাছৰে পৰা বিহাৰী, বঙালী, মাৰোৱাৰী, গোৰ্খা, পাঞ্জাৱী, আদিবাসী, চাহ জনজাতি, কোচ ৰাজবংশীৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ ওপৰত সামাজিক আৰু মানসিকভাবে অত্যাচাৰ উৎপীড়ন হৈছে ৷ এই মন্তব্য ভাৰতীয় গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক সুকান্ত মজুমদাৰৰ ৷

bgp-press-meet
বিজেপি চৰকাৰক তীব্ৰ সমলোচনা ভাৰতীয় গণ পৰিষদৰ
author img

By

Published : Nov 12, 2020, 9:59 PM IST

গুৱাহাটী, ১২ নৱেম্বৰঃ বৃহস্পতিবাৰে দিশপুৰ প্ৰেছ ক্লাৱত ভাৰতীয় গণ পৰিষদে এখন সংবাদমেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত দলটোয়ে ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশ সন্দৰ্ভত মতপোষণ কৰে ৷ সংবাদমেল সম্বোধন কৰি ভাৰতীয় গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক সুকান্ত মজুমদাৰে কয় যে, ২০১৬ চনত জাতি-মাটি-ভেঁটি ৰক্ষা কৰিবলৈ সোণোৱাল চৰকাৰে মচনদ দখল কৰিলে । তাৰ পাছৰে পৰা বিহাৰী, বঙালী, মাৰোৱাৰী, গোৰ্খা, পাঞ্জাৱী, আদিবাসী, চাহ জনজাতি, কোচ ৰাজবংশীৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ ওপৰত সামাজিক আৰু মানসিকভাবে অত্যাচাৰ উৎপীড়ন হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সামাজিক আৰু মানসিক অত্যাচাৰ দূৰ কৰি ৰক্ষণাবেক্ষণ দিবলৈ ভাৰতীয় গণ পৰিষদ দলটোক পুনঃ গঠন কৰিবলৈ বাধ্য কৰোৱা হৈছে ৷ ইপিনে সমাগত নিৰ্বাচনত দলটোৱে বিভিন্ন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈও ঠিৰাং কৰিছে বুলি সংবাদমেলত সদৰী কৰে নেতাগৰাকীয়ে ৷

বিজেপি চৰকাৰক তীব্ৰ সমলোচনা ভাৰতীয় গণ পৰিষদৰ

আনহাতে, ভাৰতীয় গণ পৰিষদৰ যুৱ মৰ্চাৰ সভাপতি সুৰজিত পালে পৰোক্ষ্যভাৱে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, এজন বহুবল্কী নেতাৰ মুখত আজিকালি বিগত পাঁচটা বছৰৰ কামৰ খতিয়ান শুনাৰ পৰিৱৰ্তে শুনিবলৈ পোৱা গৈছে লাভ জেহাদ, সভ্যতাৰ যুঁজ, মোগলৰ আক্ৰমণ আদি বিষয় ৷ তদুপৰি বিজেপিয়ে কা নামত এটা বৃহৎ ললীপপ দি ইয়াৰ জৰিয়তে অসমীয়া আৰু বঙালীসকলৰ সমাজত সাতামপুৰুষীয়া ভাতৃত্ববোধৰ ক্ষেত্ৰত বৃহৎ ফাঁট সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়কঃউজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.