ETV Bharat / state

বেলতলা হত্যাকাণ্ড: গ্ৰেপ্তাৰ হ’ব পাৰে আকাশ চৌধুৰীৰ পত্নী - গুৱাহাটী

অভিযুক্ত আকাশ চৌধুৰী(Accused Akash Choudhury)ৰ পত্নীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । সম্প্ৰতি পুতু দাসক পানবজাৰ মহিলা থানাত জেৰা চলাই আছে আৰক্ষীয়ে । আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বৰুৱা দম্পতীৰ । আৰক্ষীয়ে তদন্তত ইতিমধ্যে আকাশ চৌধুৰীৰ বিৰুদ্ধে লাভ কৰিছে বহু ক্লু ৷

wife-of-akash-choudhury-may-be-arrested
গ্ৰেপ্তাৰ হ’ব পাৰে আকাশ চৌধুৰীৰ পত্নী
author img

By

Published : Oct 28, 2021, 1:03 PM IST

গুৱাহাটী, 28 অক্টোবৰ : গুৱাহাটী মহানগৰীৰ বেলতলাৰ বৰুৱা দম্পতী হত্যাকাণ্ড(Beltola Murder Case)ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । এইবাৰ অভিযুক্ত আকাশ চৌধুৰী(Accused Akash Choudhury)ৰ পত্নী পুতু দাসকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । আকাশ চৌধুৰীৰ পত্নীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । সম্প্ৰতি স্বাস্থ্য পৰীক্ষাৰ কৰাই পুতু দাসক পানবজাৰ মহিলা থানাত জেৰা চলাই আছে আৰক্ষীয়ে ।

উল্লেখ্য যে, বিগত 20 বছৰ ধৰি বৰুৱা দম্পতীৰ ঘৰত বনকৰা হিচাপে আছিল পুতু দাস । সমগ্ৰ ঘটনা তন্ন-তন্নকৈ অনুসন্ধান চলাইছে কামৰূপ মহানগৰ আৰক্ষী(Kamrup Police)য়ে । ইতিমধ্যে অভিযুক্ত আকাশ চৌধুৰীক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । আৰক্ষীয়ে তদন্তত ইতিমধ্যে আকাশ চৌধুৰীৰ বিৰুদ্ধে বহু ক্লু লাভ কৰিছে ।

দিছপুৰ আৰক্ষীৰ উপৰিও ফ’ৰেনঞ্চিক, ক্ৰাইম ব্ৰাঞ্চে পৃথকে পৃথকে চলাই আছে অনুসন্ধান । 26 অক্টোবৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড । কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ পত্নী পুতু দাস এতিয়া যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে । ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)য়ো নিৰ্বাচনী প্ৰচাৰ সামৰি বুধবাৰে নিশা খবৰ লৈছিল পৰিয়ালটোৰ ।

ইফালে বৃহস্পতিবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ । জি এন আৰ চি(GNRC)ত থকা মৰ্গৰ পৰা দুয়োৰে নশ্বৰ দেহ লৈ যোৱা হৈছে ছাৰ্ভেত থকা নিজ বাসগৃহলৈ । লণ্ডনৰ পৰা পুৱাই আহি ঘৰ পাইছে ননী গোপাল বৰুৱাৰ জীয়ৰী । লণ্ডনত প্ৰতিষ্ঠিত চিকিৎসক বৰুৱাৰ জীয়ৰী ।

এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ পাছতেই মুম্বাইত থকা আনগৰাকী জীয়ৰী সোণালী বৰুৱাও বেলতলাস্থিত বাসগৃহত উপস্থিত হয় । বিয়লি ভাগত নৱগ্ৰহ শ্মশানত ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নতুন মোৰ লৈছে বেলতলা হত্যাকাণ্ডই : কেয়াৰটেকাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.