গুৱাহাটী,৫জুলাইঃ লক ডাউন,কোৱাৰেন্টাইন,আইচ'লেশ্বন আদিৰ দৰে শব্দবোৰৰ সৈতে যেন এতিয়া সকলো অভ্যস্ত! বিগত প্ৰায় চাৰি মাহজুৰি এই শব্দবোৰৰ সৈতেই সহাৱস্থান কৰিবলগীয়া হৈছে সকলোৱে। প্ৰতিজন লোকেই অৰ্জন কৰিছে এক নতুন অভিজ্ঞতা। গুৱাহাটীৰ এগৰাকী চিকিৎসক, যিয়ে বিদ্যায়তনিক উদ্দেশ্যৰে তিনি মাহৰ কাৰ্যসূচী হাতত লৈ উৰা মাৰিছিল সুদূৰ বেলজিয়ামলৈ।
সেই সময়তে সমগ্ৰ বিশ্বজুৰি কোভিড-১৯ৰ সংক্ৰমণ তুংগত উঠাত তিনি মাহৰ পৰিবৰ্তে চাৰে পাঁচ মাহ তেওঁ আৱদ্ধ হৈ পৰিবলগীয়া হৈছিল বেলজিয়ামত। অৱশেষত ভাৰত চৰকাৰে হাতত লোৱা "বন্দে ভাৰত" আঁচনিৰ জৰিয়তে তেওঁ আহি উপস্থিত হৈছিল প্ৰথমে দিল্লীত।
দিল্লীত সাত দিন সম্পূৰ্ণ নিজৰ খৰচত কোৱাৰেন্টাইন হৈ থকাৰ পিছত তেওঁ আহি উপস্থিত হয় গুৱাহাটীত । লগে লগে অসম চৰকাৰৰ ফালৰ পৰা তেওঁক পুণৰ এখন হোটেলত কোৱাৰেন্টাইন কৰা হয় । নাম তেওঁৰ ডা৹ দূৰ্লভ প্ৰসাদ বৰা খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ অনুজীৱ (Microbiology) বিভাগৰ সহকাৰী অধ্যাপক ।


লগতে পঢ়কঃ বিধস্ত পথ : হাতে হাতে কোৰ লৈ ৰাইজে কৰিলে মেৰামতি