ETV Bharat / state

BASS press conference : "মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায় আসোঁৱাহপূৰ্ণ"

author img

By

Published : Dec 5, 2022, 9:01 PM IST

ৰাজ্যত আৰম্ভ হোৱা মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ক লৈ সংবাদমেল ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ । সংগঠনটোৰ মতে ইয়াত বহু আসোঁৱাহ আছে (BASS criticised Mission Basundhara 2)। বিভিন্ন লোকে আবেদন কৰাত সমস্যাৰ সন্মুখীন হৈছে । আবেদনৰ শেষ তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ দাবী জনালে সংগঠনটোৱে ।

BASS press conference
মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায় আসোঁৱাহপূৰ্ণ

গুৱাহাটী, ৫ ডিচেম্বৰ : ৰাজ্যত যোৱা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে মিছন বসুন্ধৰা ২.০ৰ আবেদন প্ৰক্ৰিয়া (Mission Basundhara Second phase in Assam)। এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে । ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ (Bhumi Adhikar Sangram Samittee) মতে প্ৰতিখন চৰকাৰে ভূমি পট্টা দিয়াৰ নামত কেৱল প্ৰতাৰণাহে কৰিছে ।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰবীণ জ্যোতি কলিতাই কয় যে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে ভূমিৰ পট্টা দিয়াৰ বাবে চৰকাৰে পদক্ষেপ লৈছে কিন্তু ইয়াত বহু আসোঁৱাহ আছে (BASS criticised Mission Basundhara 2)। বহু লোকে অনলাইনযোগে মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত আবেদন কৰিবলৈ সমস্যাৰ সন্মুখীন হৈছে । সেয়েহে অনলাইন ব্যৱস্থা যাতে সুচল হয় তাৰবাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

আনহাতে পূৰ্বৰ চৰকাৰসমূহৰ সৈতে হোৱা আলোচনা অনুসৰি সংগঠনৰ ২২ হাজাৰ পট্টাৰ আবেদন উপায়ুক্তৰ ওচৰত দাখিল কৰা হৈছিল সেইসমূহ আবেদন বিভাগীয়ভাৱে অনলাইনত অন্তৰ্ভূক্তৰ ব্যৱস্থা কৰি দিব লাগে বুলিও তেওঁ দাবী জনায় । গুৱাহাটীৰ ৮৫ হাজাৰ পৰিয়ালক পট্টা দিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় সেই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াৰ লগতে ৰাইজক সকাহ দিয়াৰ কাৰণে প্ৰতিটো ৰাজহ চক্ৰৰ এলেকা, প্ৰতি ৱাৰ্ডত মিছন বসুন্ধৰা ২.০ৰ বাবে সজাগতা সভা আয়োজন কৰিবলৈ আহ্বান জনায় । তদুপৰি মিছন বসুন্ধৰা ২.০ৰ আবেদনৰ শেষ তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিবলৈও চৰকাৰক দাবী জনায় ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ।

উল্লেখ্য যে এই মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেঞ্চফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ'ব । মিছন বসুন্ধৰা-২.০ৰ জৰিয়তে কেইবাটাও সেৱা ৰাইজে লাভ কৰিব পাৰিব । অসমত ভূমি আইনৰ সুৰুঙাত সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই বছৰ বছৰ ধৰি মাটিৰ পট্টা নোপোৱাকৈ আছে । মিছন বসুন্ধৰা-২.০ত বিশেষকৈ চৰকাৰী মাটি, ভি জি আৰ আৰু পি জি আৰ মাটিত বাস কৰি থকা লোকসকল উপকৃত হ'ব ৷ লোকসকলে এবিঘা পর্যন্ত মাটি লাভ কৰিব ।

একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলত চৰকাৰী আঁচনিৰ পৰা বহু খিলঞ্জীয়া লোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে । মিছন বসুন্ধৰা-২.০ৰ ফলত তেওঁলোকে ম্যাদী পট্টা লাভ কৰিব । পূৰ্বৰ চৰকাৰৰ পৰা মাটি আৱণ্টন পোৱা লোকসকলেও মাটিৰ পট্টা লাভ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :PMGKAY scam : প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাত সংঘটিত কেলেংকাৰীৰ অভিযোগত ৮ জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.