গুৱাহাটী, 17 ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱাতেই মা কামাখ্যাৰ আশিস বিচাৰি শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা। সমাজৰ মংগলাৰ্থে দেৱীৰ ওচৰত পূজা-অৰ্চনা আগবঢ়াই বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে। প্ৰথমবাৰৰ বাবে কামাখ্যা মন্দিৰ দৰ্শন কৰি সুখী বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই ।
অৱশ্যে মন্দিৰ দৰ্শনৰ সময়চোৱাত কোনো ৰাজনৈতিক বিষয়ত মন্তব্য প্ৰকাশ নকৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে । ইফালে মা কামাখ্যাৰ আশিস লৈ বিজেপিৰ কৃষাণ মৰ্চাৰ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হয় নেতাগৰাকীয়ে। উল্লেখযোগ্য যে দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈ বুধবাৰে দিনৰ এঘাৰ বজাত গুৱাহাটীলৈ আহিছিল বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা ।
লগতে পঢ়ক: আজি প্ৰধানমন্ত্ৰী মোডী, শ্বেইখ হাছিনাৰ ভাৰ্চুৱেল বৈঠক