ETV Bharat / state

নাৰ্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত তৃতীয় দিনাও অব্যাহত আছে বাঘজানবাসীৰ প্ৰতিবাদ - মাগুৰি-মটাপুং পক্ষীবিল

গুৱাহাটীত বাঘজানৰ ভুক্তভোগীৰ প্ৰতিবাদ ৷ সংবাদমেল সম্বোধন কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ জনাইছে ক্ষতিপূৰণৰ দাবী; অন্যথা নিৰন্তৰভাৱে চলাই যাব ন্যাৰ্য প্ৰাপ্তিৰ সংগ্ৰাম ৷

Baghjaan Victim people protest continue in Third Day at Guwahati
নাৰ্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত তৃতীয় দিনাও অহ্যাহত আছে বাঘজানবাসীৰ প্ৰতিবাদ
author img

By

Published : Oct 21, 2020, 3:56 PM IST

Updated : Oct 21, 2020, 7:23 PM IST

গুৱাহাটী, 21 অক্টোবৰ : মহানগৰীত তৃতীয় দিনাও অব্যাহত আছে বাঘজানবাসীৰ প্ৰতিবাদ । সোমবাৰৰ পৰা নাৰ্য প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা বাঘজানবাসীয়ে বুধবাৰে পুনৰ দিছপুৰ প্ৰেছ ক্লাৱত এখনি সংবাদমেল সম্বোধন কৰে । সংবাদ মেলত বাঘজানবাসীৰ হৈ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সম্পাদক তীক্ষ্ণজ্যোতি হাজৰিকাৰই কয় যে, 27 মে'ত অইল ইণ্ডিয়াৰ বাঘজানস্থিত 5 নং কুপত গেছ বিস্ফোৰণ হয় আৰু 9 জুনত অগ্নিকাণ্ডৰ সূত্রপাত ঘটি বিস্তীর্ণ অঞ্চলৰ ঘৰ-বাৰী জ্বলি ভষ্মীভূত হয় ৷

সংবাদমেল সম্বোধন কৰি বাঘজানবাসীৰ মন্তব্য

বিস্ফোৰণৰ ফলত বাঘজানত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। গৰু-ছাগলীৰ মৃত্যু হৈছে ৷ প্রসুতিৰ গৰ্ভতেই সন্তানৰ মৃত্যু হৈছে । খাল-ডােঙবােৰৰ পানী খাই বহু পশুধনৰ মৃত্যু হৈছে । নির্গত হােৱা মিঠেন গেছৰ প্ৰভাৱত তামােল, সুমথিৰা আদি ফল-মূলবােৰ কুমলীয়াতে ৰঙচুৱা হৈ সৰি পৰিছে । এনেবোৰ সমস্যাই বাঘজানবাসীক চিন্তাত পেলাইছে । খাদটোৰ পশ্চিম-উত্তৰত অৱস্থিত ডাঙৰী নদীৰ খহনীয়াৰ প্রকোপ বৃদ্ধি হােৱাৰাে পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : কোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

ইফালে, বাঘজান গাঁৱৰ গাতে লাগি থকা এছিয়াৰ গৌৰৱ মাগুৰি-মটাপুং পক্ষীবিললৈও চৰম সংকট নামি আহিছে । এই বিলত মাছ ধৰি পৰিয়াল পােহপাল দিয়া মৎস্যজীৱি সকলৰ বাবে চৰম অনিশ্চয়তা নামি আহিছে ।

আনহাতে, বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হােৱা বাঘজানৰ ক্ষতিগ্রস্ত লােকক এতিয়ালৈকে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়াই ৷ সেয়েহে ক্ষোভিত আৰু হতাশাত বাঘজানবাসীয়ে পূজাৰ আনন্দক উপেক্ষা কৰি গুৱাহাটীলৈ আহি প্রতিবাদত সাব্যস্ত কৰিব লগা হৈছে ।

লগতে পঢ়ক : কমলা হেৰিছৰ পৰৱৰ্তী জন্মদিন হোৱাইট হাউছত আয়োজনৰ আশা বিডেনৰ

উল্লেখ্য যে, সোমবাৰৰ পৰা বাঘজানবাসীয়ে গুৱাহাটীৰ চচলত অর্ধ-উলংগ হৈ প্রতিবাদী কার্যসূচী গ্ৰহণ কৰিছিল। বুধবাৰে সংবাদমেল যোগে চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষক সকিয়নী প্ৰদান কৰি কয় যে, পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ দাবী সমূহ পূৰণ নহলে ইয়াতকৈ অধিক চৰকাৰ বিৰােধী জংগী আন্দোলন কাৰ্যসূচী গ্রহণ কৰিব প্ৰতিবাদকাৰীয়ে।

লগতে পঢ়ক : শক্তি বিভাগৰ গাফিলতিৰ বাবে জাগুনত বনৰীয়া হাতীৰ মৃত্যু

Last Updated : Oct 21, 2020, 7:23 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.