গুৱাহাটী, 11 জানুৱাৰী : যিকোনো নিৰ্বাচন আহিলেই AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্য বা সংলাপৰ মাত্ৰাই অন্যমাত্ৰা লাভ কৰে (Badruddin Ajmal controversial statement)৷ এতিয়া মিত্ৰতা প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছে AIUDFক লগত ল’বলৈ অস্বীকাৰ কৰি মতত দৃঢ় হৈ থকাৰ পিছত অসমৰ কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত খং বাঢ়ি গৈ আছে আজমলৰ ৷ ধাৰাবাহিকভাৱে প্ৰতিদিনেই আজমলৰ প্ৰত্যক্ষ আক্ৰমণ এপিচিচিৰ সভাপতি ভূপেন বৰাক (APCC President Bhupen Borah)৷
“হু ইজ ভূপেন বৰা ? হু ইজ জিতেন্দ্ৰ সিং ? ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ পেইড ছাৰ্ভেণ্ট ৷ ”-এই সংলাপেৰে মঙলবাৰে গধূলি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক আক্ৰমণ বদৰুদ্দিন আজমলৰ (Badruddin Ajmal criticises Congress)৷ ভূপেন বৰাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেতনভুগী ভৃত্য বুলিবলৈয়ো কুণ্ঠাবোধ কৰা নাই AIUDF ৰ মুৰব্বী আজমলে ৷ লগতে, আজমলে মঙলবাৰে এখোপ চৰি গৈ মন্তব্য কৰিছে- “ হিমন্ত বিশ্ব শৰ্মাৰ জেপত সোমাই আছে কংগ্ৰেছ ৷ ৰাতি ১২ বজাৰ পিছত অকলে অকলে নিজৰ পেকেট আনিবলৈ যায় ৷ পইচা আনে... এজেণ্ডা মতে কাম কৰি আছে...” আজমলে এফালে কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰে আনহাতে প্ৰদেশ কংগ্ৰেছৰ নেতাক কঠোৰ সমালোচনা কৰি আহিছে শেহতীয়াকৈ ৷ কিন্তু কিয়?
যোৱা এটা দশক ধৰি প্ৰত্যেক নিৰ্বাচনৰ আগে আগে সংঘটিত হয় এই আজমল পুৰাণ । সংঘটিত হয় দুই দলৰ মিত্ৰতাক লৈ বাক-বিতণ্ডা ৷ এইবাৰ পিছে আজমলৰ আক্ৰমণৰ সীমাই শীৰ্ষ বিন্দু পাইছেগৈ ৷ আপোনাৰ নিশ্চয় মনত আছে; এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 'হু ইজ বদৰুদ্দিন?’ বুলি কৈ তিনিটা কাৰ্যকাল ৰাজ্য শাসন কৰিবলৈ সক্ষম হৈছিল (Tarun Gogoi on Badruddin Ajmal)৷ এতিয়া দুটা দশকৰ পিছত সেইজন বদৰুদ্দিন আজমলেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিক কৈছে 'হু ইজ ভূপেন বৰা ?' কেৱল সেয়ে নহয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক লৈয়ো আজমলৰ প্ৰশ্ন- হু ইজ জিতেন্দ্ৰ সিং ? সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এইকেইদিন সাংসদ আজমল নিজৰ সমষ্টি ধুবুৰীত ব্যস্ত ৷ ধুবুৰীৰ পৰাই প্ৰতিদিনে এইদৰে আক্ৰমণ আজমলৰ (MP Badruddin Ajmal)৷
মঙলবাৰে এখন সংবাদমেলত ভূপেন বৰা আৰু জিতেন্দ্ৰ সিঙক এইদৰে আক্ৰমণ কৰি লয় ৷ ভূপেন বৰাৰ ওপৰত কিয় ইমান খং আজমলৰ? কংগ্ৰেছ-এ আই আই ইউ ডি এফৰ মাজৰ মিত্ৰতাক লৈ শাসকীয় দল বিজেপিয়ে সদায়েই কঠোৰ সমালোচনাৰে থকা-সৰকা কৰি আহিছে ৷ সেয়ে এইবাৰ তিক্ত অভিজ্ঞতাৰে প্ৰদেশ কংগ্ৰেছে কোনোপধ্যেই মিত্ৰতা নকৰাৰ সিদ্ধান্তত অটল৷ আনকি কিছু পৰিমাণে বৰ্তমানলৈ কংগ্ৰেছ হাইকামাণ্ডকো সৈমান কৰিবলৈ সক্ষম হৈছে ৷ এআইচিচিয়ে মিত্ৰতাৰ বাবে প্ৰদেশ কংগ্ৰেছক দায়িত্ব অৰ্পণ কৰা বুলি ৰাজ্যিক কংগ্ৰেছ নেতৃত্বই জনাইছে ৷ ইফালে সাংসদ আজমলে AIUDF প্ৰদেশ কংগ্ৰেছৰ লগত নাথাকিলেও ইউপিএৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব বুলি মন্তব্য কৰি আহিছে ৷ লগতে ফুঁ মাৰি অৰ্থাৎ অতি সহজেই নিৰ্বাচনৰ সময়ত অসম্ভৱক সম্ভৱ কৰি কংগ্ৰেছেৰে মিত্ৰতা সম্পন্ন কৰিব বুলি ৰাজহুৱাকৈ মন্তব্য কৰি আহিছে ৷ কিন্তু বাস্তৱৰ ছবিখন এইবাৰ কিছু পৃথক ৷
এইবাৰ সঁচাকৈয়ে প্ৰদেশ কংগ্ৰেছে বিচৰা নাই আজমলৰ AIUDFৰ সৈতে মিত্ৰতা (Congress AIUDF alliance)৷ কংগ্ৰেছ হাই কামাণ্ডেও সংগ দিছে প্ৰদেশ কংগ্ৰেছক ৷ সেয়ে, আজমলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক অধিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমীকৰণৰ তুলাচনীত বিবেচিত হৈছে যে AIUDFৰ সৈতে পূৰ্বৰ মিত্ৰতাৰ বাবে যিমান লাভ হৈছে তাতকৈ বেছি দলটোৰ লোকচানহে হৈছে । কংগ্ৰেছৰ কিছুসংখ্যক নেতাৰ বাহিৰে দলটোৰ এ আই ইউ ডি এফেৰে মিত্ৰতাৰ পৰা বৰঞ্চ লোকচানহে হৈছে ৷ আনকি বুধবাৰে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বিগত কিছুদিন ধৰি এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতি কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
দুই কংগ্ৰেছ নেত আৰু সামগ্ৰিকভাৱে কংগ্ৰেছ দলৰ বিৰুদ্ধে কৰা মন্তব্যক অতি নিম্ন ৰুচিসম্পন্ন আৰু মান-হানিকৰ মন্তব্য আখ্যা দি আজমলক বিজেপিৰ মুখপাত্ৰ বুলি অভিহিত কৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে মিলি আজমলে কাম-কাজ কৰি থকা বুলিও মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে (Jairam Ramesh on Badruddin Ajmal)৷ স্বাভাৱিকতে এতিয়া বিজেপিৰ AIUDF আৰু কংগ্ৰেছক লৈ সমালোচনাৰ সুবিধা কংগ্ৰেছৰ স্থিতিৰ বাবে কমিছে ৷
আনহাতে সংখ্যালঘু ভোটাৰৰ মাজতো কংগ্ৰেছেৰে মিত্ৰতা নহ’লে স্বাভাৱিকতে সমস্যাত পৰাৰ সম্ভাৱনা আজমল আৰু AIUDF দল ৷ প্ৰদেশ কংগ্ৰেছে মিত্ৰতা নকৰাৰ স্থিতিত থকাৰ বাবে স্বভাৱিকতে আজমলৰ খং তুংগত আছে ৷ তাতে কংগ্ৰেছ হাইকামাণ্ডেও সহাৰি দিছে প্ৰদেশ কংগ্ৰেছৰ AIUDFৰ সৈতে মিত্ৰতা বিৰোধী স্থিতিক ৷ সেয়ে এতিয়া খঙত টিঙিৰিতুলা হৈ পৰিছে আজমল ৷ চৰ্চা হৈছে- “ উপায়ন্তৰ হৈ ভূপেন বৰা সহিতে জিতেন্দ্ৰ সিঙক নিম্নস্তৰৰ সমালোচনাৰে থকা-সৰকা কৰাৰ চেষ্টা চলাইছে আজমলে ৷ যাৰ ফলত বিজেপিৰ গুড বুকত নম্বৰ বাঢ়িব আজমলৰ ৷ জনসাধাৰণৰ মাজত কংগ্ৰেছক লৈ বাঢ়িব সন্দেহৰ প্ৰশ্ন ”৷
তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৈ অসম জয় কৰাৰ ফৰ্মুলাৰে বদৰুদ্দিনে 'হু ইজ ভূপেন বৰা’ বুলি কংগ্ৰেছৰ মিত্ৰতা অবিহনে সংখ্যালঘু ভোটাৰৰ মন জয় কৰিব পাৰিবনে ? নাইবা চৰ্চা হোৱাৰ দৰে বিজেপিৰ গুড বুকত নিজৰ নম্বৰ বঢ়াব পাৰিবনে ? আজমলৰ এই ৰহস্যজনক ৰাজনীতিৰ ফলাফল কি হয় জানিবলৈ লোকসভা নিৰ্বাচনলৈ অপেক্ষাৰ বাদে বেলেগ উপায় হয়তো নাই ৷
লগতে পঢ়ক: Jairam Ramesh slams Badrudding Ajmal: বিজেপিৰ মুখৰ কথাত চলে আজমল: জয়ৰাম ৰমেশ