ETV Bharat / state

Badruddin Ajmal: বিধানসভাৰ নতুন ভৱন দৰ্শন কৰি মুখ্যমন্ত্রীক সাক্ষাৎ বদৰুদ্দিন আজমলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:17 PM IST

অসম বিধানসভাৰ নতুন ভৱন পৰিদৰ্শন সাংসদ বদৰুদ্দিন আজমলৰ ৷ সদনৰ কাৰ্যক্ৰমণিকাও প্ৰত্যক্ষ কৰে সাংসদগৰাকীয়ে ৷ 2024ৰ লোকসভা নিৰ্বাচনত ধুবুৰী আৰু নগাঁৱত AIUDF জয়ী হ’ব বুলি দাবী ৷

Badruddin Ajmal
Badruddin Ajmal
অসম বিধানসভাৰ নতুন ভৱন পৰিদৰ্শন সাংসদ বদৰুদ্দিন আজমলৰ

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা বিধানসভাৰ নতুন ভৱন চাবলৈ আহিল এ আই ইউ ডি এফৰ (AIUDF) মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল । বিধানসভাৰ নতুন ভৱনৰ লগতে চৌহদ পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় ।

সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ আগত সাংসদ আজমলে কয় যে কেইবাটাও বিষয়ত মুখ্যমন্ত্রীৰ লগত আলোচনা হয় । মঙলদৈৰ প্ৰশিক্ষণৰ লগতে ধুবুৰীৰ প্ৰসংগতো আলোচনা কৰা হয় ।

ধুবুৰীৰ ৭৪ বছৰীয়া বি এন কলেজত ৫-৬ হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰে বুলি সদৰী কৰি তেওঁ কয় যে এবছৰ পূৰ্বে মুখ্যমন্ত্রীক লগ ধৰি বি এন কলেজক (BN College) বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ বাবে স্মাৰক পত্র দিয়া হৈছিল । আজি এই বিষয়ত কথা হোৱাত মুখ্যমন্ত্রীয়ে হৈ যাব বুলি সদৰী কৰে ।

তেওঁ লগতে কয় যে হাইলাকান্দি আৰু কৰিমগঞ্জৰ মাজত এখন বিশ্ববিদ্যালয়ৰ দাবী জনোৱা হৈছে । আনহাতে ৰাজ্যত চলা উচ্ছেদ অভিযান সন্দৰ্ভতো মুখ্যমন্ত্রীৰ লগত আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে উচ্ছেদিত সকলোকে ভূমি আৰু গৃহ দিয়া হ'ব বুলি মুখ্যমন্ত্রীয়ে আশ্বাস প্ৰদান কৰিছে ।

তেওঁ দক্ষিণ শালমাৰা, মানকাচৰ, জলেশ্বৰৰ গৰাখহনীয়াৰ ৰোধৰ বাবে পুঁজি মোকলাই দিবলৈ, গুৱাহাটীৰ বিমান বন্দৰৰ কাষত এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হজ ভৱন নিৰ্মাণ আৰু সমগ্ৰ অসমতে উচ্ছেদিতসকলক পুনৰ সংস্থাপন দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় ।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিবাচক সহাঁৰি জনায় বুলি তেওঁ ব্যক্ত কৰে । নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভত তেওঁ কয় যে আমি ধুবুৰীৰ উপৰি নগাঁও আৰু কৰিমগঞ্জত প্ৰাৰ্থী দিম আৰু জয়যুক্ত হ’ম আৰু জয়ী হৈ I.N.D.I.Aক সমর্থন কৰি যাম । আজমলে বিধানসভাৰ নতুন ভৱন দৰ্শন কৰাৰ লগতে বিধানসভাৰ সদনৰ অধ্যক্ষৰ বিথিকাত বহি সদনৰ কাৰ্যক্ৰমণিকা প্রতক্ষ্য কৰে । তেওঁ নতুন বিধানসভা ভৱনটি সুন্দৰ হৈছে বুলি শলাগ লয় ।

লগতে পঢ়ক: Ranjeet Dass: ৰাজনৈতিক দলৰ প্ৰভাৱমুক্ত হ’ব গাঁও পঞ্চায়ত; মন্ত্রী ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.