গুৱাহাটী,10 নৱেম্বৰঃ ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বদৰুদ্দিন আজমলে ৷ মঙলবাৰে মহানগৰীৰ শিল্পগ্ৰামত এক অনুষ্ঠানত অংশ লৈ তেওঁ হিমন্তৰ বুঢ়া আঙুলি সম্পৰ্কত আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে 'মই হিমন্তক ক্ষমা কৰি দিছো' ৷
আজমলে লগতে কয যে, হিমন্ত বিশ্বৰ মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে ৷ প্ৰয়োজনত আজমলৰ দ্বাৰা নিৰ্মিত হাম হস্পিতালত হিমন্তৰ বিনামূলীয়া চিকিৎসা কৰিব ৷ একদৰে বদৰুদ্দিন আজমলে আৰু কয় যে, হিমন্ত মোৰ সৰু ভাতৃ, অলপ ঠাণ্ডা হোৱা প্ৰয়োজন ৷ 21ৰ সমাগত বিধান সভাৰ নিৰ্বাচনত ক্ষমতালৈ আহিব বিৰোধী মহাজোঁট বুলি উল্লেখ কৰে বদৰুদ্দিন আজমলে ৷
ইপিনে ক্ষমতালৈ আহিলে বিজেপিয়ে সভা কৰাৰ দৰেই মহাজোঁটৰ চৰকাৰেও কলাক্ষেত্ৰত সভা পাতিব বুলিও উল্লেখকৰে বদৰুদ্দিন আজমলে ৷ একদৰে আজি ভোটগণনা হৈ থকা বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিক সমালচনা কৰি আজমলে কয় যে, EVM জিন্দাবাদ ৷ হিমন্ত, মোদীৰ দৰে এক্সপাৰ্ট থকালৈকে EVM জিন্দাবাদ হৈ থাকিব দেশত ৷
লগতে পঢ়কঃ অসম গ্ৰামীণ বিকাশ বেংকত উত্তপ্ত পৰিস্থিতি