ETV Bharat / state

Diwali 2022 : দীপাৱলীৰ প্ৰাকক্ষণত কেয়াৰ ইউ ৩৬৫ৰ আদৰণীয় পদক্ষেপ

author img

By

Published : Oct 22, 2022, 3:31 PM IST

কেয়াৰ ইউ ৩৬৫ নামৰ স্বেচ্ছাসেৱী সংস্থাই মহানগৰীৰ বিভিন্ন স্থানত শাখা স্থাপন কৰি পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি অহাৰ লগতে দীপাৱলীৰ সময়ত ৰং-বিৰঙী চাকি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিছে (CareU365 NGO initiative)। এইবাৰো সংস্থাটোৱে ৰং-বিৰঙী চাকি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিছে ছাত্ৰ-ছাত্ৰীসকলক ।

Diwali
দীপাৱলীৰ প্ৰাকক্ষণত কেয়াৰ ইউ ৩৬৫ৰ আদৰণীয় পদক্ষেপ

গুৱাহাটী,২২ অক্টোবৰ : সমাগত পোহৰ উৎসৱ দীপাৱলী (Diwali 2022)। দীপাৱলীক কেন্দ্ৰ কৰি ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । আলোক সজ্জাৰে সজাই পৰাই তোলা হৈছে ঘৰ, শ্বপিং মল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি । বজাৰত উভৈনদী হৈছে ভিন্ন প্ৰকাৰৰ চাকি, লাইট আদি ।

অৱশ্যে সমাজৰ দৰিদ্ৰ লগতে পিছপৰা শ্ৰেণীৰ শিশুসকল প্ৰায়ে এই ধৰণৰ উৎসৱ উলহ মালহেৰে উদযাপন কৰাৰ পৰা বঞ্চিত হোৱা দেখা যায় । কিন্তু এই পোহৰৰ উৎসৱৰ সময়ত সেইসকল শিশুৰ জীৱনত পোহৰ বিলোৱাৰ প্ৰয়াস কৰিছে এটা স্বেচ্ছাসেৱী সংগঠনে । কেয়াৰ ইউ ৩৬৫ (CareU365) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মহানগৰীৰ জালুকবাৰী, ফাঁচীবজাৰ, ভঙাগড়, পল্টনবজাৰ, বৰাগাঁও, আমিনগাঁও আদি স্থানত শাখা স্থাপন কৰি পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি অহাৰ লগতে দীপাৱলীৰ সময়ত ৰং-বিৰঙী চাকি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিছে (CareU365 NGO initiative)।

লগতে সেইসকল শিশুৱে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ চাকিবোৰ বিক্ৰীৰো ব্যৱস্থা কৰিছে সংস্থাটোৱে । দীপাৱলীৰ প্ৰাক মুহূৰ্তত ৰং বিৰঙী চাকি প্ৰস্তুত কৰিছে সংস্থাটোৰ শাখাবোৰৰ ছাত্ৰ-ছাত্ৰীসকলে (Training children to paint earthen lamps for Diwali)। এইবাৰ প্ৰায় ৬ হাজাৰ চাকি প্ৰস্তুত কৰি উলিয়াইছে ছাত্ৰ-ছাত্ৰীসকলে ।

ইতিমধ্যে অধিক সংখ্যক চাকিয়ে বিক্ৰী হৈছে । স্বেচ্ছাসেৱী সংস্থাটোৰ প্ৰজেক্ট ডাইৰেক্টৰ সুশীল পৰেলে জনোৱা মতে, বিগত ১৫ দিনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে মাটিৰ চাকিবোৰত ৰং কৰি আছে । এই চাকিবোৰৰ বাবে বিভিন্ন স্থানৰ পৰা অৰ্ডাৰ আহিছে । চাকিবোৰ সংস্থাটোৰ হাথিয়ানাত থকা মৃৎশিল্পৰ কেন্দ্ৰৰ পৰা অনা হৈছে ।

ইয়াৰ পৰা উপাৰ্জন হোৱা ধনখিনি ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ, বহী, পোছাক আদি ক্ৰয় কৰিব । বৰ্তমান আটাইকেইটা শাখাৰে প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মাটিৰ চাকিত ৰং কৰি আছে । প্ৰতিটো চাকি ৫-২০ টকা পৰ্যন্ত বিক্ৰী কৰা হয় বুলি সংস্থাটোৰ বিষয়ববীয়াই জনাইছে ।

২০১৮ চনৰ পৰা সংস্থাটোৱে পাঠদান কৰোৱা ছাত্ৰ-ছাত্ৰীসকলে দীপাৱলীৰ সময়ত এনেদৰে ৰং-বিৰঙী চাকি প্ৰস্তুত কৰি আহিছে । দিনক দিনে এনেধৰণৰ চাকিৰ চাহিদা বৃদ্ধি পাইছে বুলিও জনায় সংস্থাৰ বিষয়ববীয়াই । সুশীল পৰেলে লগতে কয় যে এনেধৰণৰ প্ৰশিক্ষণে পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী হোৱাত সহায় কৰিব । ছাত্ৰ-ছাত্ৰী সকলে অতি আগ্ৰহেৰে কামবোৰ কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰিছে । ইফালে সংস্থাটোৰ এই পদক্ষেপে শিশুসকলক মানসিক শান্তি দিয়াৰ লগতে তেওঁলোকৰ প্ৰতিভা বিকাশতো সহায় কৰিছে ।

লগতে পঢ়ক :দীপাৱলী উপলক্ষে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত নলবাৰীৰ মৃৎ শিল্পী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.