ডিফু, 11 অক্টোবৰ: নীল-অভি কাণ্ডৰ শিহৰণ নাৰ নৌযাওতেই যোৱা 30 ছেপ্তেম্বৰত ডাইনীৰ সন্দেহত একাংশ উন্মত্ত লোকে কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ৰহিমাপুৰত এগৰাকী মহিলা আৰু এজন লোকক মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছিল ৷ যি ঘটনাই পুনৰ বাৰলৈ কলংকিত কৰিছিল ডকমকাৰ নামক ৷ ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ মাজতে শনিবাৰৰ পৰা এলেকাটোত সহযোগ অসম শীৰ্ষক এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত ডাইনী সম্পর্কীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে এলানি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

স্থানীয় কেইবাগৰাকীও বিশিষ্ট লোকৰ সহযোগত সংস্থাটোৱে সজাগতা অনুষ্ঠানটো অনুষ্ঠিত কৰে ৷ ডকমকা থানাৰ স্থায়ী সভাপতি নির্মল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সহযোগ অসমৰ অধ্যক্ষ পূৰবী বৰুৱা আৰু কার্যকৰী সদস্য ইনু শৰ্মাই গাঁওবাসীক উদ্দেশ্যি অন্ধবিশ্বাসমুক্ত সমাজ গঢ়িবলৈ আহ্বান জনায় ৷ অন্ধ বিশ্বাসৰ বিভিন্ন কাৰক সম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে, বৈজ্ঞানিক মানসিকতাৰে নিজকে গঢ় দিয়াৰ বাবেও সকলোকে অনুৰোধ জনায় সংস্থাটোৰ কৰ্মকৰ্তা সকলে ৷ দেওবাৰে সংস্থাটোৰ উদ্যোগত ডকমকাৰ পাণজুৰি গাঁৱতো অনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক: গাঁওবুঢ়াই স্বীকাৰ কৰিলে ডকমকাৰ গণহত্যাৰ কথা