ETV Bharat / state

Rickshaw Association Meeting: বৰবাৰীত ৰিক্সাচালক কল্যাণ সংস্থাৰ সজাগতা সভা - Awareness Meeting for Rickshaw Drivers

যান-বাহন আইন উলঙ্ঘা কৰি গুৱাহাটী মহানগৰীত একাংশ ৰিক্সা চালকে উদণ্ড আৰু জধে-মধে ৰিক্সা চলোৱাৰ ফলত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে বৰবাৰীত দেওবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ গুৱাহাটী ৱেলফেয়াৰ এচ'চিয়েচন ফৰ ৰিক্সা ড্ৰাইভাৰ্চ নামৰ সংঠনৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভাখন (Awareness Meeting for Rickshaw Drivers) ৷

Awareness Meeting for Rickshaw Drivers
ৰিক্সা চালক কল্যাণ সংস্থাৰ সজাগতা সভা
author img

By

Published : Apr 10, 2023, 11:49 AM IST

বৰবাৰীত ৰিক্সা চালক কল্যাণ সংস্থাৰ সজাগতা সভা

গুৱাহাটী, 9 এপ্ৰিল: যান-বাহন আইন উলঙ্ঘা কৰি গুৱাহাটী মহানগৰীত একাংশ ৰিক্সা চালকে উদণ্ড আৰু জধে-মধে ৰিক্সা চলোৱাৰ ফলত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে বৰবাৰীত দেওবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ গুৱাহাটী ৱেলফেয়াৰ এচ'চিয়েচন ফৰ ৰিক্সা ড্ৰাইভাৰ্চ নামৰ সংঠনৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাখনৰ সভাপতিত্বত কৰে সংস্থাৰ স্থায়ী সভাপতি মদন চন্দ্ৰ বড়োৱে (Rickshaw Association Meeting) ৷

এই সভাত ৰিক্সা চালকসকলে বিভিন্ন সময়ত সম্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয় ৷ তদুপৰি একাংশ ৰিক্সাচালকে যানবাহন আইন উলংঘা কৰি জধে-মধে আৰু উদণ্ড গতিৰে ৰিক্সা চলোৱা কাৰ্যৰ ওপৰতো গুৰুত্ব সহকাৰে আলোচনা কৰি সাধাৰণতে তেওঁলোকে মানি চলিবলগীয়া নীতি-নিয়ম সম্পৰ্কে সজাগতামূলক বক্তৃতা প্ৰদান কৰে উপস্থিত কেইবাজনো ব্যক্তিয়ে (Awareness Meeting for Rickshaw Drivers) ৷

এই সভাতে ৰিক্সা চলোৱাৰ ফলত পথত সৃষ্টি হোৱা সমস্যাসমূহ নিৰাময় কৰাৰ উদ্দেশ্য আগত ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি ৰিক্সাচালক সকলক পৰিচয় পত্ৰ প্ৰদান কৰা, যান-বাহন আইনৰ ওপৰত সম্যক জ্ঞান দিয়াৰ বাবে শীঘ্ৰে এক প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ উপৰিও ৰিক্সাচালক সকলক সুৰক্ষা প্ৰদানৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদানৰো সিদ্ধান্ত লয় সভাই ৷ লগতে চালকসকলে যাতে ৰিক্সা চলোৱাৰ সময়ত কোনো ধৰণৰ ৰাগীয়াল দ্ৰব্য সেৱন নকৰে তাৰ বাবেও সজাগ হোৱাৰ আহ্বান জনায় সভাই (Awareness meeting of Guwahati Welfare Association) ৷

দেওবাৰে অনুষ্ঠিত সভাখনত সংস্থাৰ কাৰ্যকৰী সভাপতি মনচুৰ আলী, সম্পাদক পুতুল শৰ্মা, সহকাৰী সম্পাদক প্ৰদীপ কলিতাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ৰিক্সাৰ মালিকৰ লগতে দুই শতাধিক ৰিক্সাচালক উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, গুৱাহাটীত মটৰ চালিত ৰিক্সা চলাচল অবৈধ বুলি ঘোষণা কৰি গুৱাহাটী পৌৰ নিগমে ২০২২ চনৰ ২৮ ডিচেম্বৰত এক নিৰ্দেশনা যোগে ৰাজপথত চলি থকা ৰিক্সাবোৰৰ বেটাৰী জব্দ কৰিছিল ৷ যাৰফলত পৌৰ নিগমৰ এই পদক্ষেপৰ বাবে পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছিল গুৱাহাটীৰ প্ৰায় তিনি সহস্ৰাধিক পৰিয়ালৰ ৷

পৌৰ নিগমৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ৰিক্সাচালক সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰে ৷ সম্প্ৰতি ন্যায়ালয়ত বিচাৰধীন হৈ থকা ৰিক্সাচালক সকলৰ সমস্যাসমূহ চৰকাৰৰ হস্তক্ষেপত অতি সোনকালে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে গুৱাহাটী ৱেলফেয়াৰ এচোচিয়েচন ফৰ ৰিক্সা ড্ৰাইভাৰছ সন্থাৰ কাৰ্যকৰী সভাপতি মনচুৰ আলীয়ে (Awareness Meeting for Rickshaw Drivers in Guwahati) ৷

লগতে পঢ়ক: Bihu Guinness world record: অভিলেখ গঢ়িবলৈ সাজু হৈছে মহানগৰৰ ৮০০ বিহুৱা-বিহুৱতী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.