ETV Bharat / state

ৰাসায়নিক সাৰ বিতৰণত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৃষিমন্ত্ৰীৰ

author img

By

Published : Jul 27, 2021, 10:21 PM IST

মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত এক সংবাদমেল (Pressmeet) সম্বোধন কৰি ৰাসায়নিক সাৰ (Chemical Fertilizer) বিতৰণৰ নামত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰে কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora) ৷ সাৰ বিতৰণত হোৱা অনিয়ম ৰোধৰ বাবে বিভাগে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷

atul bora pressmeet
অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 27 জুলাই : ৰাসায়নিক সাৰ (Chemical Fertilizer) বিতৰণৰ নামত অনিয়ম হোৱাৰ কথা খোদ স্বীকাৰ কৰিছে ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora) ৷ মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেল (Pressmeet)ত মন্ত্ৰী অতুল বৰাই কয় যে, সাৰ বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম ৰোধৰ বাবে বিভাগে কেতবোৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰিছে । সংবাদমেলত তেওঁ কয় যে, ৰাসায়নিক সাৰ চাহিদাৰ তুলনাত কেন্দ্ৰৰ পৰা কমকৈ পোৱা যায় । আনহাতে অধিক দামত সাৰ বিক্ৰী কৰা হয় ।

সাৰ বিতৰণত পূৰ্বৰে পৰা হৈ থকা অনিয়মৰ ক্ষেত্ৰত বিগত দুমাহ ধৰি বিভাগীয়ভাৱে অনুসন্ধান কৰা হৈছিল । অনুসন্ধান কৰি পোৱা তথ্যৰ আধাৰত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যত সাৰ বিতৰণ তথা বিক্ৰীৰ ক্ষেত্ৰত 344 টা পাইকাৰী আৰু 1,615 টা খুচুৰা ডিলাৰ্চ আছে । অনুসন্ধান কৰি পোৱা অনিয়মৰ ভিত্তিত 30 জন পাইকাৰী ব্যৱসায়ক শ্ব’কজ দিয়াৰ বিপৰীতে 3 জনৰ অনুজ্ঞাপত্ৰ বাতিল, এখন ছীল কৰাৰ লগতে এজনক সকীয়নি দিয়া হৈছে ।

সেইদৰে খুচুৰা ডিলাৰৰ ক্ষেত্ৰত 380 জনক শ্ব’কজ, 3 খন বাতিল, 16 খন ছীল কৰাৰ লগতে এজনক সকীয়নি দিয়া হৈছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ মন্ত্ৰী বৰাই লগতে কয় যে, সাৰ বিতৰণ প্ৰক্ৰিয়াটোত চলি থকা দীৰ্ঘদিনীয়া অনিয়ম স্থায়ীভাৱে ৰোধ কৰাৰ বাবে কেতবোৰ সংস্কাৰ সাধন কৰা হৈছে । খুচুৰা বিক্ৰেতাৰ পৰা কৃষকলৈ, পাইকাৰীৰ পৰা খুচুৰা ডিলাৰলৈ আৰু সাৰ উৎপাদনকাৰী কোম্পানীৰ পৰা পাইকাৰী ব্যৱসায়ীলৈ এই তিনিটা দিশত কেতবোৰ সংশোধন কৰা হৈছে ।

এতিয়াৰে পৰা পইণ্ট অৱ চেল মেচিন (Point Of Sale Machine) ব্যৱহাৰ নকৰিলে ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব । বিক্ৰীৰ পৰিমাণ আৰু মূল্য সন্দৰ্ভত স্বচ্ছতা অনাৰ বাবে এই ব্যৱস্থা জৰুৰী । ডিলাৰক সাৰৰ যোগান ধৰাৰ প্ৰক্ৰিয়াটোত স্বচ্ছতা অনাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : নাৰায়ণপুৰত কৃষকৰ সপোন কাঢ়িছে চৰহা পোকে

কোম্পানীয়ে ইচ্ছানুসাৰে ডিলাৰক সাৰৰ যোগান ধৰিব নোৱাৰিব । আনহাতে খুচুৰা বিক্ৰেতাসকলে নিৰ্দিষ্ট কৰি দিয়া এলেকাতে ব্যৱসায় কৰিব লাগিব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই । সেইদৰে অৰ্হতাৰ ভিত্তিতহে অনুজ্ঞাপত্ৰ দিয়া হ’ব । বৰ্তমান সময়ত ৰাজ্যত স‍াৰৰ 7 টা ৰে’লৱে ৰেক্ পইণ্ট (Railway Rake Point) আছে আৰু এই সংখ্যা 16 টালৈ বৃদ্ধি কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰে আলোচনা কৰি থকা হৈছে ৷

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (PM Kisan Samman Nidhi)ত ভুৱা কৃষক অন্তৰ্ভূক্ত হোৱা সন্দৰ্ভত মন্ত্ৰী বৰাই কয় যে, অসমত বহু সংখ্যক উপান্তৰ খেতিয়ক আছে । বহু খেতিয়কৰ নিজৰ নামত মাটি নাই । আঁচনিখনত প্ৰকৃত কৃষকসকলহে অন্তৰ্ভুক্ত হ’ব ।

এই সন্দৰ্ভত কেবিনেটেও সিদ্ধান্ত গ্ৰহণ কৰিছে । নাম অন্তৰ্ভুক্ত হোৱা ভুৱা কৃষকসকলে টকা ঘূৰাই দিব লাগিব । নিদিয়‍সাকলৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কৃষিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰে কৃষকৰ ওপৰত মাধমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.