ETV Bharat / state

চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামলৈ যাবলগীয়া হ'ল কিয় ? - নাবাৰ্ড

এফালে ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত ধনৰ অভাৱ, বাজেটত ঘোষণা কৰা প্ৰতিশ্ৰুতিসমূহ পালনৰ বাবে নাবাৰ্ড বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা চৰকাৰে ঋণ ল'বলগীয়া হৈছে আৰু আনফালে ২৩ লাখ টকা ভাড়া পৰিশোধ কৰি মিজোৰামলৈ গৈছে অসমৰ দুজন মন্ত্ৰী । যাত্ৰীবাহী বিমান চলাচল কৰি থকাৰ পিছতো কিয় শান্তিৰ বাৰ্তা বিলাবলৈ চাৰ্টাৰ্ড বিমানেৰে গৈ ৰাজকোষৰ ধন ব্যয় কৰিবলগীয়া হ'ল ?

Atul Bora, Ashok Singhal reached Mizoram to hold a meeting with officials from Mizoram
চাৰ্টাৰ্ড বিমানেৰে মিজোৰামলৈ অসমৰ দুই মন্ত্ৰী
author img

By

Published : Aug 5, 2021, 9:19 PM IST

গুৱাহাটী, ৫ আগষ্ট : যাত্ৰীবাহী বিমান বা স্থলপথেৰে নগৈ গুৱাহাটীৰ পৰা চাৰ্টাৰ্ড বিমাানেৰে মিজোৰামলৈ কিয় যাবলগীয়া হ'ল অসম চৰকাৰৰ দুই মন্ত্ৰী ? মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে অসম চৰকাৰৰ ফালৰ পৰা শান্তিৰ বাৰ্তা লৈ মিজোৰামলৈ যাবলৈ তেওঁ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘালক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি বৃহস্পতিবাৰে পুৱা এই দুই মন্ত্ৰী চাৰ্টাৰ্ড বিমানেৰে বৰঝাৰৰ পৰা আইজল অভিমুখে উৰা মাৰে ।

বৰ্তমান ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে ৷ বাজেটত ঘোষণা কৰা প্ৰতিশ্ৰুতিসমূহ পালনৰ বাবেও নাবাৰ্ড বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা চৰকাৰে ঋণ লৈছে ৷ ক'ভিডৰ সৈতে যুঁজিবলৈ ৰাইজৰ পৰা বৰঙণি বিচাৰিবলগীয়া হৈছে । তেনে সময়ত প্ৰায় ২৩ লাখ টকা কেৱল বিমানৰ ভাড়া পৰিশোধ কৰি দুজনকৈ মন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমানেৰে মিজোৰামলৈ যোৱাটো কিমান জৰুৰী আছিল, তাকেলৈ এতিয়া প্ৰশ্ন উঠিছে ।

গুৱাহাটী আৰু আইজলৰ মাজত যাত্ৰীবাহী বিমান চলাচল কৰি থকাৰ পিছতো অসমৰ দৰে দৰিদ্ৰ এখন ৰাজ্যৰ দুই মন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমান লৈ শান্তিৰ বাৰ্তা বিলাবলৈ যোৱাটো হাস্যকৰ ।

Atul Bora, Ashok Singhal reached Mizoram to hold a meeting with officials from Mizoram
চাৰ্টাৰ্ড বিমানেৰে মিজোৰামলৈ অসমৰ দুই মন্ত্ৰী

উল্লেখ্য যে, বিজেপিৰ পূৰ্বৰ চৰকাৰেই হওক বা বৰ্তমানৰ চৰকাৰখনেই হওক, চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰাটো যেন এক ফেশ্বনলৈ ৰূপান্তৰিত হৈছে । পূৰ্বৰ মুখ্যমন্ত্ৰী অথবা বৰ্তমানৰ মুখ্যমন্ত্ৰী কোনো এজনেই এইক্ষেত্ৰত পিছ পৰি হোৱা নাই । ৰাজকোষৰ ধন ভাঙি চাৰ্টাৰ্ড বিমানেৰে বিলাস কৰাত এই চৰকাৰে মুঠেও কৃপণালি কৰা নাই ।

উল্লেখ্য যে, যোৱা ২৬ জুলাইত কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে বৰ্বৰতাৰে অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল । সীমান্তত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হৈছিল আৰু আহত হৈছিল কেইবাগৰাকীও জোৱান ।

আনহাতে, এগৰাকী সাধাৰণ নাগৰিকেও মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল । এই ঘটনাৰ পিছৰে পৰা দুয়োখন ৰাজ্যৰ মাজত সম্পৰ্ক অধিক বেয়াৰ দিশলৈ গতি কৰিছে । ইফালে, অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ পাছতো এই পৰ্যন্ত মিজোৰাম চৰকাৰে অসম চৰকাৰলৈ শোক বাৰ্তা প্ৰেৰণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে ।

লগতে পঢক: লুইতৰ বুকুৰে চলিছে বগা চাউলৰ ক’লা বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.