ETV Bharat / state

কৃত্ৰিম বান ৰোধিবলৈ ভাঙি পেলাওক অট্টালিকা: অতুল বৰা - Guwahati flood updates

কৃত্ৰিম বানত জুৰুলা মহানগৰবাসী(Artifical flood in Guwahati) । বানে উটুৱাই নিছে অভিজাত মহানগৰীৰ আভিজাত্য । ইয়াৰ মাজতে কৃত্ৰিম বান ৰোধৰ বাবে জলাশয়ত নিৰ্মান কৰা অট্টালিকা আৰু ভূমিস্খলন(Landslide in Guwahati) ৰোধৰ বাবে পাহাৰত নিৰ্মান কৰা অট্টালিকা ভাঙি পেলোৱাৰ পৰামৰ্শ বিধায়ক অতুল বৰাৰ ।

atul bara suggests demolition of building to prevent artificial
কৃত্ৰিম বান ৰোধিবলৈ ভাঙি পেলাওক অট্টালিকা: অতুল বৰা
author img

By

Published : Jun 17, 2022, 1:06 PM IST

Updated : Jun 17, 2022, 3:58 PM IST

গুৱাহাটী, ১৬ জুন: কৃত্ৰিম বানৰ কবলৰ পৰা এতিয়াও মুক্ত হোৱা নাই মহানগৰীৰ সাতগাওঁৰ বিস্তীৰ্ণ অঞ্চল(Artifical flood in Guwahati) । যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ(Heavy rainfall in Guwahati)ৰ ফলত সাতগাওঁ-নাৰেংগী সংযোগী পথত একঁকাল পৰ্যন্ত পানী হোৱাৰ লগতে সাতগাৱঁৰ কেইবাটাও অঞ্চল জলমগ্ন হৈ থকাত ইয়াৰ বাসিন্দা সকলে যাতায়তত দুৰ্ভোগ ভুগিব লগীয়া হৈছে(Guwahati flood updates) ।

ইফালে বৃহস্পতিবাৰে দিনৰ ভাগত সাতগাঁৱৰ বিভিন্ন জলমগ্ন অঞ্চল পৰিদৰ্শন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই । গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক বৰাই কয় প্ৰাকৃতিক ভাবে উৎপন্ন হোৱা পাহাৰ তথা জলাশয় সমূহ ধ্বংস কৰি মানুহে যধেমধে অট্টালিকা নিৰ্মান কৰিলে গুৱাহাটীৰ এনেকুৱা অৱস্থা হবই ।

কৃত্ৰিমবান ৰোধিবলৈ ভাঙি পেলাওক অট্টালিকা: অতুল বৰা

সেয়ে মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে পাহাৰ অঞ্চলত নিৰ্মান কৰা বৃহৎ বৃহৎ অট্টালিকা সমূহ প্ৰশাসনে ভাঙি দিয়াৰ পৰামৰ্শ আগবঢ়াই দিছপুৰৰ বিধায়কগৰাকীয়ে । তেঁও লগতে কয় যে প্ৰশাসনৰ হেমাহিৰ বাবে মহানগৰীৰ ভিন্ন প্ৰান্তত জধে মধে পাহাৰ কাটি ঘৰ নিৰ্মান কৰাৰ বাবেই ভুমিস্খল সংঘটিত হৈছে(Landslide in Guwahati) । জলাশয় ধ্বংস কৰাৰ পৰিণতিত কৃত্ৰিম বানপানী হৈছে ।

সেয়ে জলাশয়ৰ মাটিত স্থাপন কৰা অট্টালিকা সমূহ ভাঙি তাত পুনৰ জলাশয়ৰ সৃষ্টি কৰিবলৈ বিধায়ক অতুল বৰাই চৰকাৰলৈ পৰামৰ্শ আগবঢ়াই । বিধায়ক বৰাই জলাশয় সংৰক্ষণ কৰিবৰ বাবে নতুন অট্টালিকা নিৰ্মাণৰ অনুমতি বন্ধ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে ।

লগতে পঢ়ক: Flood in Dhuburi: ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচলত নিষেধাজ্ঞা জাৰি

Last Updated : Jun 17, 2022, 3:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.