গুৱাহাটী, ১২ মাৰ্চঃ ই টিভি ভাৰতে পূৰ্বৰে পৰা ৰাজ্যসভা নিৰ্বাচনক লৈ যি সম্ভাৱনীয়তা ব্যক্ত কৰি আহিছিল, হৰ্চ ট্ৰেজিঙৰ আশংকাৰে যি বাতৰি পৰিবেশন কৰি আহিছিল সেয়াই সত্য হ'বলৈ আগবাঢ়িছে । আমি ইতিমধ্যে বাতৰি পৰিবেশন কৰিছিলো যে, পৰ্যাপ্ত সংখ্যাৰ জোৰ নোহোৱা স্বত্বেও বিজেপিয়ে তৃতীয়খন আসনতো প্ৰাৰ্থী আগবঢ়াবলৈ সিদ্ধান্ত লৈছে । আমাৰ সেই বাতৰিয়ে সত্য হোৱাৰ পথত । তৃতীয়খন আসনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কিন্তু শাসকীয় বিজেপি আৰু মিত্ৰ দলৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব সাংবাদিক অতনু ভূঞা । ইতিমধ্যে ভূঞাই মনোনয়ন প্ৰ-পত্ৰও সংগ্ৰহ কৰিছে ।
এই কথা প্ৰকাশ নকৰিলেও চলে যে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাক পৰাজিত কৰিবলৈকে পৰ্যাপ্ত সংখ্যাৰ জোৰ নোহোৱা স্বত্বেও তৃতীয়খন আসনত অৱতীৰ্ণ হ'ব বিজেপি । ইয়াৰ লগে লগে এই কথাও স্পষ্ট হৈ পৰিছে যে ২০১০ ত অসমৰ সংসদীয় ৰাজনীতি কলংকিত কৰা যি ঘটনা ঘটিছিল তেনে ঘটনাই এইবাৰো সংঘটিত হোৱাৰ আশংকা প্ৰবল ।