ETV Bharat / state

Operation against Child marriage: জিলাই জিলাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান; আৰক্ষীৰ জালত দুই সহস্ৰাধিক - Assam police anti child marriage drive

বাল্যবিবাহৰ বিৰুদ্ধে চলা অভিযানত যোৱা 24 ঘন্টাত ৰাজ্যত আৰক্ষীৰ জালত পৰিছে 2044 গৰাকী লোক (Operation against Child marriage) ৷ এইসকলৰ ভিতৰত আছে নাবালিকাৰ স্বামী, অভিভাৱক, কাজী, মোল্লা আৰু পুৰোহিত ৷ ৰাজ্যত 9 দিনত বাল্যবিবাহৰ বিৰুদ্ধে ৰুজু হৈছিল মুঠ 4004 টা গোচৰ (Child marriage cases in Assam) ৷

Operation against Child marriage
বাল্যবিবাহৰ বিৰুদ্ধে অভিযান
author img

By

Published : Feb 3, 2023, 9:24 PM IST

Updated : Feb 3, 2023, 10:56 PM IST

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান ঘোষণা কৰাৰ পাচতেই তৎপৰ হৈ পৰিল ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসন ৷ জিলাই জিলাই বাল্যবিবাহ কৰোৱা লোকক বিচাৰি চলিল অভিযান (Operation against Child marriage) ৷ শুকুৰবাৰৰ পৰা এই অভিযান চলাৰ কথা আছিল যদিও বৃহস্পতিবাৰৰ নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন জিলাৰ আৰক্ষীয়ে এই অভিযানত নামি পৰে ৷ যোৱা 24 ঘন্টাত অভিযান চলাই আৰক্ষীয়ে বৰ্তমানলৈকে 2044 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ ভিতৰত আছে 52 গৰাকী কাজী, মৌলানা আৰু পুৰোহিত ৷ নৱনিযুক্ত ডিজিপি জিপি সিঙে শুকুৰবাৰে বিয়লি সদৰী কৰে এই কথা ৷ যোৱা 9 দিনত ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ৰুজু হৈছিল 4004 টা গোচৰ (Child marriage cases in Assam) ৷

  • State wide arrests are presently underway against those violating provisions of Prohibhiton of Child Marriage Act .

    1800 + have been arrested so far.

    I have asked @assampolice to act with a spirit of zero tolerance against the unpardonable and heinous crime on women

    — Himanta Biswa Sarma (@himantabiswa) February 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মৰিগাঁৱত 77 জন বাল্যবিবাহকাৰী আৰক্ষীৰ জালত :

মৰিগাঁও আৰক্ষীৰ জালত পৰিছে বাল্যবিবাহৰে জড়িত মুঠ 77 গৰাকী লোক । ইয়াৰে 44 জন স্বামী আৰু 1 জন কাজী । মুঠ 45 জনক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে 32 গৰাকীলোকক সন্দহবশতঃ আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে । প্ৰয়োজনত আন জিলাৰ কাৰাগাৰলৈ পঠিয়াব অভিযুক্তক । মৰিগাঁৱত অস্থায়ী কাৰাগাৰ নিৰ্মাণৰো চিন্তা-চৰ্চা আৰক্ষী আৰু প্ৰশাসনৰ । শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে এই বিষয়ে জানিবলৈ দিয়ে (Morigaon Child marriage case) ৷

কাৰ্বি আংলঙত প্ৰথম দিনৰ অভিযানত আটক 53 গৰাকী :

কাৰ্বি আংলঙত বৃহস্পতিবাৰলৈকে বাল্যবিবাহৰ বিৰুদ্ধে 126 টা গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে ৷ বৃহস্পতিবাৰে নিশা আৰু আজি অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা 53 গৰাকী স্বামী আৰু বাল্যবিবাহত জড়িত লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে ৷ সকলো আচামী গ্ৰেপ্তাৰ নোহোৱালৈকে এই অভিযান চলি থাকিব বুলি সংবাদমেলত সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে (Underage marriage in Assam) ৷

যোৰহাটত 25 টা বাল্যবিবাহৰ গোচৰৰ বিপৰীতে 8 জনক আটক :

যোৰহাট জিলাত পঞ্জীয়ন হৈছে 25 টা বাল্যবিবাহৰ গোচৰ । উক্ত গোচৰসমূহ যোৰহাট আৰক্ষীয়ে নিজবৱীয়াকৈ ৰজু কৰিছে । শুকুৰবাৰে এই গোচৰৰ অধীনত আটক কৰা হ’ল 8 জনক । এই অভিযান অব্যাহত থাকিব বুলি মন্তব্য যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাই আৰু বাল্যবিবাহৰ খবৰ পালে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিব বুলি জনাইছে । জিলাখনৰ যোৰহাট সদৰ থানাত 1 টা গোচৰ, তিতাবৰ থানাত 6 টা গোচৰ, বৰহোলা থানাত 5 টা গোচৰ, পুলিবৰ থানাত 4 টা, টিয়ক থানাত 6 টা আৰু মৰিয়নী থানাত 3 টা গোচৰ পঞ্জীয়ন হৈ আছে (Assam police anti child marriage drive) ।

গোৱালপাৰাত কাজীসহ 67 গৰাকীক আটক :

বাল্যবিবাহৰ গোচৰত অভিভাৱকসহ 77 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষী । বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত 67 গৰাকীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে, শুকুৰবাৰে পুনৰ অভিযান চলাই কাজীসহ গ্ৰেপ্তাৰ কৰে আন 10 গৰাকীক । বৰ্তমানলৈ গোৱালপাৰা জিলাত কাজী, স্বামী আৰু অভিভাৱকসহ গ্ৰেপ্তাৰ 77 গৰাকী । জিলাখনৰ 13 খন থানাৰ বিভিন্ন স্থানত অভিযান চলাই এই 77 গৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।

ডিমা হাছাওত আৰক্ষীৰ জালত 20 জন বাল্যবিবাহকাৰী :

ডিমা হাছাও জিলাৰ বিভিন্ন থানাত বাল্যবিবাহৰ বিৰুদ্ধে 24 টা গোচৰ ৰুজু হৈছে ৷ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে জনোৱা অনুসৰি হাফলঙত 3 টা মাইবাঙত 7 টা, মাহুৰত 1 টা, উমৰাংচোত 3 টা, লাংটিঙত 1 টা, হাৰেংগাজাওত 5 টা, দিয়ুংমুখত 3টা, দিহাঞিত 1 টা গোচৰ ৰুজু হৈছে । বৃহস্পতিবাৰ নিশাৰ পৰা ডিমা হাছাও আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰলৈকে 20 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 24 জন লোকক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে ।

বাক্সাত পুৰুষ-মহিলাসহ 122 জনক আটক :

বাল্যবিবাহৰ বিৰুদ্ধে অভিযান কালত বাক্সা জিলাত ইতিমধ্যে আটক কৰা হৈছে 122 গৰাকী পুৰুষ-মহিলাক । ইয়াৰে 106 গৰাকী পুৰুষৰ বিপৰীতে মহিলা 16 গৰাকী । বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদমেলযোগে জানিবলৈ দিয়া অনুসৰি জিলাখনৰ মুছলপুৰ থানাত 20 টা, বৰবৰীত 21 টা, শালবাৰীত 14 টা, বৰমাত 28 টা, শিমলাত 21 টা আৰু গোৱৰ্ধনাত 49 টাকে ধৰি মুঠ 153 টা গোচৰ ৰুজু হয় ।

শোণিতপুৰ বাল্যবিবাহ কৰা 31 জনক আটক :

শোণিতপুৰ আৰক্ষীয়ে বাল্যবিবাহৰ গোচৰত জিলাখনত মুঠ 31 জন লোকক আটক কৰিছে । ইয়াৰ ভিতৰত তেজপুৰ সদৰত 17 গৰাকী, চাৰিদুৱাৰ আৰক্ষী থানাত 2 জন, জামুগুৰিহাটত 3 জন, ঢেঁকীয়াজুলিত 3 জন, ৰঙাপৰাত 1 জন, ঠেলামৰাত 1 জন, মিছামাৰীত 4 জনক গ্ৰেপ্তাৰ কৰে বুলি শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে শুকুৰবাৰে সন্ধিয়া সংবাদ মাধ্যমক জনায় ।

দৰঙত 42 গৰাকী লোকক আটক বাল্যবিবাহৰ গোচৰত :

বাল্যবিবাহৰ বিৰুদ্ধে চলা অভিযানত দৰং জিলাত মুঠ আটক কৰা লোকৰ সংখ্যা হৈছে 42 জন ৷ ইয়াৰ ভিতৰত মঙলদৈত 8 জন, ছিপাঝাৰত 13 জন, ধূলাত 10 জন, খাৰুপেটীয়াত 4 জন, দলগাঁৱত 6 জন, শামপুৰত 1 জন ৷ এই পৰিসংখ্যা আৰু বৃদ্ধি পাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

হোজাইত 250 টা গোচৰৰ বিপৰীতে 99 জনক আটক :

হোজাইৰ বিভিন্ন থানা এলেকাৰ পৰা বৰ্তমানলৈকে গ্ৰেপ্তাৰ 99 জন ৷ শুকুৰবাৰে সন্ধিয়া 6 বজাত হোজাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই বাল্যবিবাহৰ এক তথ্য দাঙি ধৰে ৷ হোজাই জিলাত বাল্যবিবাহৰ মুঠ 250 টা গোচৰ দাখিল হৈছে ৷ যোৱা কালিৰ পৰা অভিযান চলাই বৰ্তমানলৈকে বাল্যবিবাহৰ লগত জড়িত থকা 99 জন ব্যক্তিক আটক কৰা হৈছে ৷ ইয়াৰে হোজাই থানা এলেকাৰ পৰা 16 জন, ডবকা থানাত 8 জন, মোৰাঝাৰত 12 জন, যমুনামুখত 7 জন, কাকীত 14 জন, লংকাত 20 জন আৰু লামডিংত 22 জনক আটক কৰা হৈছে ৷

শিৱসাগৰ জিলাত মুঠ 51 টা গোচৰত আটক 24 জনক :

শিৱসাগৰত দুদিনত 51 টা বাল্যবিবাহৰ গোচ ৰুজু হৈছে । তাৰে 24 জনক আটক কৰা হৈছে । POCSO আইন আৰু বাল্যবিবাহ প্ৰতিৰোধ আইনৰ লগতে লেবাৰ আইনৰ অধীনত আটক কৰা হৈছে বাল্যবিবাহকাৰী স্বামীক ।

ধেমাজিত 23 গৰাকী আৰক্ষীৰ জালত:

ধেমাজিত ৰুজু হোৱা মুঠ 101 টা বাল্যবিবাহৰ গোচৰৰ বিৰুদ্ধে অভিযান চলাই শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে 23 গৰাকী লোকক ৷ ইয়াৰ ভিতৰত ধেমাজি সদৰ থানাত 13 গৰাকী আৰু চিলাপথাৰ থানাত 10 গৰাকীক আটক কৰা হৈছে ৷ এই সংখ্যা বৃদ্ধি পোৱাৰ শংকা আছে ৷

ডিব্ৰুগড়ত আটক 5 জনক:

ডিব্ৰুগড় জিলাত 83 টা বাল্যবিবাহৰ গোচৰ ৰুজু কৰা হৈছে । বৃহস্পতিবাৰে নিশা 5 জনক আটক কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষী । বাকী থকা গোচৰ সমূহৰ ওপৰত তদন্ত চলি আছে । নাহৰকটীয়া, টিংখাং, খোৱাং বৰবৰুৱাৰ পৰা আটক কৰা হৈছে ব্যক্তি কেইজনক । এতিয়াৰে পৰা গাঁও পঞ্চায়তৰ সম্পাদকক নিজ নিজ পঞ্চায়ত এলেকাত বাল্যবিবাহক লৈ সজাগতা সৃষ্টিৰ লগতে বাল্যবিবাহৰ ওপৰত দৃষ্টি ৰাখিবলৈ দায়িত্ব দিয়া হ'ব ।

বৰপেটা জিলাত মুঠ 114 জনক আটক :

যোৱা নিশাৰে পৰা বৰপেটা জিলাত বাল্যবিবাহৰ গোচৰ সম্পৰ্কত মুঠ 114 জনক আটক কৰা হৈছে ৷ গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত বাল্যবিবাহ সম্পন্ন কৰা 16 জন কাজী আছে ৷ আটকাধীন সকলৰ ভিতৰত বৰপেটা থানাত 17 জন, বৰপেটাৰোড থানাত 14 জন, হাউলী থানাত 22 জন, সৰভোগ আৰক্ষী থানাত 3 জন, কলগাছিয়া আৰক্ষী থানাত 20 জন, তাৰাবাৰী আৰক্ষী থানাত 10 জন, সৰ্থেবাৰী আৰক্ষী থানাত 11 জন, কাছুমাৰা আৰক্ষী থানাত 4 জন, বাঘবৰ আৰক্ষী থানাত 8 জন আৰু আলোপতি আৰক্ষী থানাত 5 জনক আটক কৰা হৈছে ৷

নগাঁৱত 97 গৰাকী লোকক বাল্যবিবাহৰ গোচৰত আটক:

বৃহস্পতিবাৰে নিশাৰ পৰা আৰম্ভ কৰা বাল্যবিবাহ বিৰোধী অভিযানত নগাঁৱত শুকুৰবাৰে সন্ধিয়া পৰ্যন্ত আটক হৈছে 97 জনকৈ লোক । জিলাখনত এই পৰ্যন্ত 147 টা বাল্যবিবাহৰ গোচৰ ৰুজু হৈছে । ৰহা আৰক্ষী থানাত ৰুজু হৈছে 26 টা বাল্যবিবাহৰ গোচৰ । একেদৰে নগাঁও সদৰ আৰক্ষী থানাত 21 টা, ৰূপহী আৰক্ষী থানাত 9 টা, বটদ্ৰৱা আৰক্ষী থানাত 6 টা, ধিং আৰক্ষী থানাত 7 টা, কামপুৰ আৰক্ষী থানাত 13 টা, কচুৱা আৰক্ষী থানাত 14 টা, উলুৱনী আৰক্ষী থানাত 2 টা, চামগুৰি আৰক্ষী থানাত 16 টা, জখলাবন্ধা আৰক্ষী থানাত 8 টা, কলিয়াবৰ আৰক্ষী থানাত 4 টা, জুৰীয়া আৰক্ষী থানাত 20 টা আৰু লাওখোৱা আৰক্ষী থানাত 1 টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈছে ।

204 টা গোচৰৰ বিপৰীতে কোকৰাঝাৰত আটক 96 গৰাকী:

কোকৰাঝাৰত বাল্যবিবাহৰ বিৰুদ্ধে 204 টা গোচৰ ৰজু হৈছে আৰু বৰ্তমানলৈকে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই অভিভাৱক , স্বামীসহিতে 96 জনক আটক কৰিছে । আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সদৰী কৰা মতে আটকাধীন 96 জনৰ ভিতৰত 17 জন কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰু বাকী আটকাধীনসকল দোতমা, গোসাঁইগাঁও, কাজিগাঁও, সাপকাটা, শ্ৰীৰামপুৰ, ভাওৰাগুৰীকে ধৰি আন আৰক্ষী থানা-চকীৰ অন্তৰ্গত ।

তিনিচুকীয়া জিলাত 38 জন বাল্যবিবাহকাৰী স্বামীক আটক:

সমগ্ৰ তিনিচুকীয়া জিলাত 73 টা গোচৰৰ বিপৰীতে বৰ্তমানলৈকে 38 জন বাল্যবিবাহকাৰী স্বামীক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ সমান্তৰালভাৱে আৰু গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে ৷ আটকাধীন লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ লগতে অভিযান অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে । এই অভিযান কোনো জাতি, ধৰ্ম, বৰ্ণৰ প্ৰতি নহয়, এই অভিযান অপৰাধীৰ বিৰুদ্ধে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়ক: Assam DGP GP Singh PC: বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান; ২৪ ঘন্টাত গ্ৰেপ্তাৰ ৫২ জন কাজী-পুৰোহিত

Last Updated : Feb 3, 2023, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.