গুৱাহাটী, ১০ জুন : ১৯৭৪ চনৰ খাদ্য আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিয়া শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিক স্মৰণ কৰি শুকুৰবাৰে মহানগৰী গীতানগৰ হাইস্কুল খেলপথাৰত পালন কৰা হয় ছাত্ৰ সংহতি দিৱস (Satra sanghati dibash observe in Guwahati)। সদৌ গুৱাহাটী ছাত্ৰ সংস্থা আৰু পূৱ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জু নাৰেংগী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠান ।
অনুষ্ঠানৰ আৰম্ভণিতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলি আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি নাথে খাদ্য আন্দোলনৰ ছহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে ।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে ''হে শ্বহীদ তোমাক সহস্ৰ প্ৰমাণ'' শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে ।
শুকুৰবাৰে বিয়লি ভাগত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে সংহতি দিৱস কাৰ্যসূচীৰ সামৰণি পৰে । এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফ উদ্দিন আহমেদ, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলি, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ নাথ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি অনোৱাৰ হুছেইন উপস্থিত থাকে ৷
![Satra sanghati divas observe in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15526064_ghy.jpg)
লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি নাথ, পূৱ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা ধৃতিময় ৰায় চৌধুৰীৰ লগতে প্ৰাঞ্জল ডেকা, সমীৰণ কলিতা, নিলাংক গোস্বামী, সঞ্জয় বৰ্মন, পূৱ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কলিতা, সম্পাদক টিকেন্দ্ৰজিৎ কুমাৰ আদিও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা: লোকচানৰ পৰা ৩০০ কোটি টকা লাভ