ETV Bharat / state

মনজিৎ মহন্তক 15 দিনৰ সময়সীমা বিশেষাধিকাৰ সমিতিৰ

author img

By

Published : Jun 13, 2022, 6:59 PM IST

Updated : Jun 13, 2022, 7:10 PM IST

মনজিৎ মহন্তই এইবুলি অভিযোগ তুলিছিল যে ভোটগ্ৰহণৰ পূৰ্বে ৩১ মাৰ্চৰ পুৱা প্ৰায় ছয় বজাত এ আই ইউ ডি এফৰ পাঁচজনীয়া বিধায়কৰ দল এটা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থ চৰকাৰী বাসগৃহত প্ৰবেশ কৰে আৰু পুৱা প্ৰায় ৮ বজাৰ আগে আগে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই আহে । আগন্তুক পোন্ধৰ দিনৰ ভিতৰত মনজিৎ মহন্তই তেওঁৰ সেই নিৰ্দিষ্ট বিবৃতিটো সন্দৰ্ভত বিশেষাধিকাৰ সমিতিৰ ওচৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব ।

মনজিৎ মহন্তক 15 দিনৰ সময়সীমা বিশেষাধিকাৰ সমিতিৰ
মনজিৎ মহন্তক 15 দিনৰ সময়সীমা বিশেষাধিকাৰ সমিতিৰ

নিউজ ডেস্ক, ১৩ জুন: এইবাৰ অসম বিধানসভাৰ বিশেষাধিকাৰ সমিতিৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত । বিগত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত বিজেপি দল হ'ৰ্চ ট্ৰেডিঙত লিপ্ত হোৱা বুলি এক গুৰুতৰ অভিযোগ তুলিছিল এইগৰাকী কংগ্ৰেছ নেতাই । কেৱল অভিযোগ তোলাই নহয়, সেইসময়ত মনজিৎ মহন্তই সংবাদ মাধ্যমলৈ এক বিবৃতিও প্ৰেৰণ কৰিছিল, যিটো বিবৃতিক লৈ ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণি সৃষ্টি হৈছিল ।

সেই বহুচৰ্চিত বিবৃতিটোত মনজিৎ মহন্তই এইবুলি অভিযোগ তুলিছিল যে ভোটগ্ৰহণৰ পিছত ১ এপ্ৰিলৰ পুৱা প্ৰায় ছয় বজাত এ আই ইউ ডি এফৰ পাঁচজনীয়া বিধায়কৰ দল এটা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থ চৰকাৰী বাসগৃহত প্ৰবেশ কৰে আৰু পুৱা প্ৰায় ৮ বজাৰ আগে আগে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই আহে । উল্লেখযোগ্য যে ৩১ মাৰ্চত অনুষ্ঠিত হৈছিল ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । স্বাভাৱিকতে এই বিবৃতিটোৱে সেই সময়ত আলোড়ন সৃষ্টি কৰিছিল । মুখ্যমন্ত্ৰীয়েও এই অভিযোগ খণ্ডন কৰি তাৎক্ষণিকভাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে তেওঁ কোনো এ আই ইউ ডি এফৰ কোনো বিধায়কক সাক্ষাৎ কৰা নাছিল ।

মনজিৎ মহন্তৰ বহুচৰ্চিত বিবৃতিটো
মনজিৎ মহন্তৰ বহুচৰ্চিত বিবৃতিটো

পৰৱৰ্তী সময়ত এই সমস্ত বিষয়টো অনুসন্ধানৰ বাবে অসম বিধানসভাৰ বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰা হয় । সেই অনুসৰি বিশেষাধিকাৰ সমিতিৰ অধ্যক্ষ তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ পৌৰহিত্যত সোমবাৰে অনুষ্ঠিত হয় বিশেষাধিকাৰ সমিতিৰ বৈঠক । আজিৰ এই বৈঠকে কংগ্ৰেছ নেতা মনজিৎ মহন্তক পোন্ধৰ দিনৰ সময়সীমা ধৰি দিয়ে (Assembly privilege committee gives 15 days deadline to Manjit Mahanta)। আগন্তুক পোন্ধৰ দিনৰ ভিতৰত মনজিৎ মহন্তই তেওঁৰ সেই নিৰ্দিষ্ট বিবৃতিটো সন্দৰ্ভত বিশেষাধিকাৰ সমিতিৰ ওচৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব ।

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে এনেকুৱা তামাচা কৰি লাভ নাই: মুখ্যমন্ত্ৰী

Last Updated : Jun 13, 2022, 7:10 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.