ETV Bharat / state

উন্মোচন হ’ল ইন্দ্ৰাণী শৰ্মাৰ দ্বিতীয়খন উপন্যাস ‘আবিৰ’

author img

By

Published : Nov 28, 2021, 2:07 PM IST

গুৱাহাটী টাউন ক্লাৱত বিশিষ্ট লেখিকা ইন্দ্ৰাণী শৰ্মাৰ দ্বিতীয়খন উপন্যাস ‘আবিৰ’ৰ উন্মোচন(Indranee Sharma's book Aabir released) ৷ অৰ্দ্ধ আকাশ নামৰ ফেচবুকৰ মহিলা গোটত প্ৰথমে ‘আবিৰ’ৰ কাহিনীটো খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল লেখিকাগৰাকীয়ে ৷ ফেচবুকৰ লেখীয়াকৈ উপন্যাসখনো পাঠকে আদৰি ল’ব বুলি আশা প্ৰকাশ ইন্দ্ৰাণী শৰ্মাৰ ৷

indranee sharmas book aabir released
ইন্দ্ৰাণী শৰ্মাৰ উপন্যাস আবিৰৰ উন্মোচন

গুৱাহাটী, 28 নৱেম্বৰ : নৱ প্ৰজন্মৰ বিশিষ্ট লেখিকা ইন্দ্ৰাণী শৰ্মাৰ দ্বিতীয়খন উপন্যাস ‘আবিৰ’ৰ উন্মোচন(Indranee Sharma's book Aabir released) ৷ গুৱাহাটী টাউন ক্লাৱত উন্মোচন কৰা হয় উপন্যাসখন ৷ আঁক-বাঁক প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়াইছে ইন্দ্ৰাণী শৰ্মাৰ দ্বিতীয়খন উপন্যাস ৷

উপন্যাসখনৰ উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে খোদ লেখিকা ইন্দ্ৰাণী শৰ্মা, অভিনেতা উৎপল দাস, লেখিকা তথা সমাজসেৱিকা অৰ্চনা বৰঠাকুৰ, কণ্ঠশিল্পী দীপলিনা ডেকা, কণ্ঠশিল্পী মৈত্ৰেয়ী পাটৰ, কণ্ঠশিল্পী সুবাসনা দত্ত আৰু প্ৰকাশক সৌমিত্ৰ যোগী ৷

ইন্দ্ৰাণী শৰ্মাৰ উপন্যাস আবিৰৰ উন্মোচন

উপন্যাসখন উন্মোচন কৰি ইন্দ্ৰানী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, ‘অৰ্দ্ধ আকাশ’ নামৰ ফেচবুকৰ মহিলা গোটত তেওঁ ‘আবিৰ’ৰ কাহিনীটো খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল । পঢ়ুৱৈসকলৰ অত্যন্ত সঁহাৰি পোৱাৰ বাবে লেখিকাগৰাকীয়ে আবিৰৰ কাহিনীটো উপন্যাস আকাৰে উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ফেচবুকৰ লেখীয়াকৈ উপন্যাসখন পাঠকে আদৰি ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে ৷

ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ‘অৰ্ণৱ আস্থা আৰু JEC’ শীৰ্ষক উপন্যাসখনে চৰ্চা লাভ কৰাৰ পাচতে ইন্দ্ৰাণী শৰ্মাৰ ‘আবিৰ’ হৈছে অসমীয়া উপন্যাসৰ জগতত এক নতুন সংযোজন ।

লগতে পঢ়ক : Rajat Kamal Award 2021: জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈক ৰাজহুৱা সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.